--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্রয়াগৰাজত সকলো ৰাজ্যই নিজৰ ৰাজ্যৰ নাগৰিকসকলক সুৰক্ষাৰ তথ্য দিবলৈ তথা সহায় কৰিবলৈ একো একোটা সহায়-কেন্দ্র খুলিব লাগে। তদুপৰি তীর্থযাত্রীসকলে সহজে লক্ষ্যস্থানসমূহত উপস্থিত হোৱাত সহায় হোৱাকৈ সংকেত-চিহ্ন স্থাপন কৰিব লাগে তথা বিভিন্ন ভাষাত ঘোষণা হ'ব লাগে। 

এনে কিছু নির্দেশনাৰ দাবী কৰি উচ্চতম ন্যায়ালয়ত দাখিল কৰা এখন ৰাজহুৱা স্বার্থজড়িত আৱেদনৰ (পি আই এল) শুনানি গ্রহণ কৰা হ'ব। যোৱা ২৯ জানুৱাৰীত প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত হেঁচা-ঠেলাত পদপিষ্ট হৈ ৩০জন ভক্ত নিহত আৰু আন ৬০জন আহত হোৱাৰ পাছত এই পি আই এল দাখিল কৰা হয়। মহাকুম্ভলৈ যোৱা ভক্তৰ সুৰক্ষা নিশ্চিত কৰিবলৈ নির্দিষ্ট নির্দেশনা আৰু নিয়মৰ কাৰ্যকৰীকৰণ বিচাৰি এই আৱেদন দাখিল কৰা হৈছে। 

উচ্চতম ন্যায়ালয়ৰ বে'বছাইটৰ তথ্য মতে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ সঞ্জয় কুমাৰে ৩ ফেব্ৰুৱাৰীত অধিবক্তা বিশাল তিৱাৰীয়ে দাখিল কৰা পি আই এলখনৰ শুনানি গ্রহণ কৰিব। এই পি আই এলখনত পদপিষ্টৰ ঘটনা ৰোধ কৰা আৰু সংবিধানৰ ২১ অনুচ্ছেদৰ অধীনত সমতা তথা জীৱনৰ মৌলিক অধিকাৰক সুৰক্ষা দিয়াটো বিচৰা হৈছে। আৱেদনত কেন্দ্ৰীয় চৰকাৰ আৰু সকলো ৰাজ্যক পক্ষ হিচাপে লোৱা হৈছে তথা মহাকুম্ভত ভক্তৰ বাবে নিৰাপদ আৰু সুৰক্ষাৰ পৰিৱেশ নিশ্চিত কৰিবলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহক একেলগে কাম কৰিবলৈ নিৰ্দেশ দিয়াটো বিচৰা হৈছে।

উৎস- দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ