--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্রয়াগৰাজত সকলো ৰাজ্যই নিজৰ ৰাজ্যৰ নাগৰিকসকলক সুৰক্ষাৰ তথ্য দিবলৈ তথা সহায় কৰিবলৈ একো একোটা সহায়-কেন্দ্র খুলিব লাগে। তদুপৰি তীর্থযাত্রীসকলে সহজে লক্ষ্যস্থানসমূহত উপস্থিত হোৱাত সহায় হোৱাকৈ সংকেত-চিহ্ন স্থাপন কৰিব লাগে তথা বিভিন্ন ভাষাত ঘোষণা হ'ব লাগে। 

এনে কিছু নির্দেশনাৰ দাবী কৰি উচ্চতম ন্যায়ালয়ত দাখিল কৰা এখন ৰাজহুৱা স্বার্থজড়িত আৱেদনৰ (পি আই এল) শুনানি গ্রহণ কৰা হ'ব। যোৱা ২৯ জানুৱাৰীত প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত হেঁচা-ঠেলাত পদপিষ্ট হৈ ৩০জন ভক্ত নিহত আৰু আন ৬০জন আহত হোৱাৰ পাছত এই পি আই এল দাখিল কৰা হয়। মহাকুম্ভলৈ যোৱা ভক্তৰ সুৰক্ষা নিশ্চিত কৰিবলৈ নির্দিষ্ট নির্দেশনা আৰু নিয়মৰ কাৰ্যকৰীকৰণ বিচাৰি এই আৱেদন দাখিল কৰা হৈছে। 

উচ্চতম ন্যায়ালয়ৰ বে'বছাইটৰ তথ্য মতে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ সঞ্জয় কুমাৰে ৩ ফেব্ৰুৱাৰীত অধিবক্তা বিশাল তিৱাৰীয়ে দাখিল কৰা পি আই এলখনৰ শুনানি গ্রহণ কৰিব। এই পি আই এলখনত পদপিষ্টৰ ঘটনা ৰোধ কৰা আৰু সংবিধানৰ ২১ অনুচ্ছেদৰ অধীনত সমতা তথা জীৱনৰ মৌলিক অধিকাৰক সুৰক্ষা দিয়াটো বিচৰা হৈছে। আৱেদনত কেন্দ্ৰীয় চৰকাৰ আৰু সকলো ৰাজ্যক পক্ষ হিচাপে লোৱা হৈছে তথা মহাকুম্ভত ভক্তৰ বাবে নিৰাপদ আৰু সুৰক্ষাৰ পৰিৱেশ নিশ্চিত কৰিবলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহক একেলগে কাম কৰিবলৈ নিৰ্দেশ দিয়াটো বিচৰা হৈছে।

উৎস- দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post