--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পুনৰ এক কৃষক বিদ্ৰোহে জোকাৰিছে দেশৰ ৰাজধানী চহৰ৷ আজি ২ ডিচেম্বৰ সোমবাৰে কৃষকসকলে দীৰ্ঘদিনে উত্থাপন কৰি অহা দাবীসমূহ পূৰণ নকৰা বাবে প্ৰতিবাদী কৃষকসকলে আজি দিল্লীৰ সংসদ ভৱন ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিছে। নয়দাৰ মহামায়া উৰণীয়া সেতুৰ পৰা হাজাৰ হাজাৰ কৃষকে এই আন্দোনল কাৰ্যসূচীত অংশগ্ৰহণৰ উদ্দেশ্যে দিল্লীলৈ যাত্ৰা কৰিছে।

 
(প্ৰতিবাদী কৃষকসকল, ফটো উৎস:পিটিআই)

কৃষকসকলে সংযুক্ত কৃষক মৰ্চাৰ বেনাৰত তেওঁলোকৰ দাবী সন্দৰ্ভত এই আন্দোলন তীব্ৰতৰ কৰি তুলিছে। প্ৰধানত কৃষকৰ ক্ষতিপূৰণ, ভূমি অধিগ্ৰহণ আইনৰ ৰূপায়ণ আৰু নতুন আইনী সুবিধা গ্ৰহণৰ ফলত স্থানচ্যুত কৃষকসকলৰ বাবে ১০% উন্নত ভূমি আবণ্টনৰ দাবী আৰু বিগত ১০ বছৰ ধৰি চক্ৰৰ হাৰ বৃদ্ধি নোহোৱাৰ প্ৰতিবাদত কৃষকসকলে এই কাৰ্যসূচী গ্ৰহণ কৰিছে। লগতে কৃষক কল্যাণৰ বাবে এখন ৰাজ্যিক সমিতি গঠনৰ আহ্বান জনাইছে৷

এই আন্দোলনৰ নেতৃত্ব দিয়া সংযুক্ত কৃষক মৰ্চাৰ নেতৃবৃন্দই চৰকাৰ তথা প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি কৃষকসকলৰ সমস্যাক  আওকাণ কৰি আহিছে বুলি অভিযোগ কৰে। এই আন্দোলনত যোগ দিয়াৰ উদ্দেশ্যে পঞ্জাৱ আৰু হাৰিয়ানাৰ কৃষকসকলেও দিল্লী অভিমুখে পদযাত্ৰা কৰাৰ পৰিকল্পনা কৰিছে।

ইয়াৰ সমান্তৰালকৈ কেৰালা, উত্তৰাখণ্ড আৰু তামিলনাডুৰ কৃষকসকলেও নিজ নিজ ৰাজ্যৰ বিধানসভাৰ দিশে পদযাত্ৰা কৰিব বুলি ঘোষণা কৰিছে। সংযুক্ত কিষাণ মৰ্চা (অৰাজনৈতিক) আৰু কিষাণ মজদুৰ মৰ্চাৰ নেতৃত্বত পঞ্জাৱৰ কৃষকৰ এটা দলো ৬ ডিচেম্বৰত দিল্লী অভিমুখে পদযাত্ৰাৰ আহ্বান জনাইছে৷





FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী