--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পুনৰ এক কৃষক বিদ্ৰোহে জোকাৰিছে দেশৰ ৰাজধানী চহৰ৷ আজি ২ ডিচেম্বৰ সোমবাৰে কৃষকসকলে দীৰ্ঘদিনে উত্থাপন কৰি অহা দাবীসমূহ পূৰণ নকৰা বাবে প্ৰতিবাদী কৃষকসকলে আজি দিল্লীৰ সংসদ ভৱন ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিছে। নয়দাৰ মহামায়া উৰণীয়া সেতুৰ পৰা হাজাৰ হাজাৰ কৃষকে এই আন্দোনল কাৰ্যসূচীত অংশগ্ৰহণৰ উদ্দেশ্যে দিল্লীলৈ যাত্ৰা কৰিছে।

 
(প্ৰতিবাদী কৃষকসকল, ফটো উৎস:পিটিআই)

কৃষকসকলে সংযুক্ত কৃষক মৰ্চাৰ বেনাৰত তেওঁলোকৰ দাবী সন্দৰ্ভত এই আন্দোলন তীব্ৰতৰ কৰি তুলিছে। প্ৰধানত কৃষকৰ ক্ষতিপূৰণ, ভূমি অধিগ্ৰহণ আইনৰ ৰূপায়ণ আৰু নতুন আইনী সুবিধা গ্ৰহণৰ ফলত স্থানচ্যুত কৃষকসকলৰ বাবে ১০% উন্নত ভূমি আবণ্টনৰ দাবী আৰু বিগত ১০ বছৰ ধৰি চক্ৰৰ হাৰ বৃদ্ধি নোহোৱাৰ প্ৰতিবাদত কৃষকসকলে এই কাৰ্যসূচী গ্ৰহণ কৰিছে। লগতে কৃষক কল্যাণৰ বাবে এখন ৰাজ্যিক সমিতি গঠনৰ আহ্বান জনাইছে৷

এই আন্দোলনৰ নেতৃত্ব দিয়া সংযুক্ত কৃষক মৰ্চাৰ নেতৃবৃন্দই চৰকাৰ তথা প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি কৃষকসকলৰ সমস্যাক  আওকাণ কৰি আহিছে বুলি অভিযোগ কৰে। এই আন্দোলনত যোগ দিয়াৰ উদ্দেশ্যে পঞ্জাৱ আৰু হাৰিয়ানাৰ কৃষকসকলেও দিল্লী অভিমুখে পদযাত্ৰা কৰাৰ পৰিকল্পনা কৰিছে।

ইয়াৰ সমান্তৰালকৈ কেৰালা, উত্তৰাখণ্ড আৰু তামিলনাডুৰ কৃষকসকলেও নিজ নিজ ৰাজ্যৰ বিধানসভাৰ দিশে পদযাত্ৰা কৰিব বুলি ঘোষণা কৰিছে। সংযুক্ত কিষাণ মৰ্চা (অৰাজনৈতিক) আৰু কিষাণ মজদুৰ মৰ্চাৰ নেতৃত্বত পঞ্জাৱৰ কৃষকৰ এটা দলো ৬ ডিচেম্বৰত দিল্লী অভিমুখে পদযাত্ৰাৰ আহ্বান জনাইছে৷





FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ