--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতত বসবাস কৰিবলৈ মানুহৰ হাতত বহু নথি-পত্ৰৰ প্ৰয়োজন । এই নথিসমূহৰ ভিতৰত পেন কাৰ্ডো এক অতি গুৰুত্বপূৰ্ণ নথি। বেংকিং সম্পৰ্কীয় সকলো কামৰ বাবে পান কাৰ্ড প্ৰয়োজন। ভাৰতত পান কাৰ্ড বনোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধা নাই। যিকোনো ব্যক্তিয়ে পেন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰে। কিন্তু এজন নাগৰিকে এবাৰহে পান কাৰ্ড বনাব পাৰিব। দুখন পান কাৰ্ড থকাটো অবৈধ ৷ 


শেহতীয়াকৈ ভাৰতত পেন কাৰ্ডৰ নিয়ম সালসলনি কৰা হৈছে। চৰকাৰে আৰম্ভ কৰিছে পেন ২.০ প্ৰকল্প। যাৰ অধীনত এতিয়া ৰাইজক হাইটেক পেন কাৰ্ড প্ৰদান কৰা হ’ব। কিন্তু এই পান কাৰ্ডখন সকলোৰে বাবে প্ৰযোজ্য নে?

যদি কোনোবাই পান ২.০ ৰ অধীনত পান কাৰ্ড বনোৱা নাই তেন্তে তেওঁক জৰিমনা বিহা হ’বনে? এনে প্রশ্ন বহু লোকৰ মনলৈ আহি আছে৷ আৰু যদি আপুনিও এই বিষয়ে চিন্তা কৰিছে, তেন্তে আপোনাৰ ভূল ধাৰণা ৷এই সন্দৰ্ভত চৰকাৰে তথ্য প্ৰদান কৰিছে যে যিসকলৰ ইতিমধ্যে পান কাৰ্ড আছে,তেওঁলোকে পান ২.০ ৰ অধীনত নতুন পান কাৰ্ডৰ বাবে আবেদন কৰিব নালাগে। চৰকাৰে নিজেই সকলো ৰাইজলৈ নতুন পান কাৰ্ড ডেলিভাৰী কৰিব।

যেতিয়ালৈকে নতুন হাই-টেক পেন কাৰ্ড ৰাইজৰ মাজলৈ নপৰে, তেতিয়ালৈকে তেওঁৰ পুৰণি পান কাৰ্ড বৈধ থাকিব। কিন্তু যদি কোনোবাই তেওঁৰ পান কাৰ্ডত থকা যিকোনো তথ্য আপডেট কৰিব বিচাৰে, তেন্তে যেতিয়া তেওঁ আপডেট কৰা পান কাৰ্ড আবেদন কৰিব তেওঁৰ নতুন পান কাৰ্ড কেৱল পান ২.০ ৰ অধীনতহে প্ৰদান কৰা হ'ব।

উল্লেখ্য যে ভাৰতত এটাতকৈ অধিক পান কাৰ্ড ৰাখিব নোৱাৰি। কাৰোবাৰ যদি দুখন পান কাৰ্ড থাকে, তেন্তে তেওঁ নিজৰ পান কাৰ্ড আয়কৰ বিভাগত জমা দিব লাগে। অন্যথা ১০ হাজাৰ টকা পৰ্যন্ত জৰিমনা হ’ব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ