--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক অতি নিৰ্মম ঘটনা সংঘটিত হৈছে। আনন্দৰ দিনাই আহিল এক মৰ্মান্তিক খবৰ। নিযুক্তিৰ প্ৰথম দিনাই চাকৰিত যোগ দিবলৈ গৈ থাকোতে ভয়ংকৰ পথ দুৰ্ঘটনাত IPSবিষয়াৰ কৰুণ মৃত্যু।

বহু কষ্ট আৰু অধ্যৱসায়ৰ মূৰত সপোনটোৱে পাহি মেলিছিলহে কিন্তু নিষ্ঠুৰ নিয়তিয়ে শেষ কৰি থৈ গল সকলো। চাকৰিত যোগদান কৰিবলৈ গৈ থাকোতে চিৰদিনলৈ গুচি গল IPSবিষয়াগৰাকী

শেহতীয়াকৈ প্ৰশিক্ষণ সমাপ্ত কৰি কৰ্ণাটকৰ IPS বিষয়াগৰাকীয়ে দেওবাৰে হাছান জিলাত প্ৰথমবাৰৰ বাবে দায়িত্ব গ্ৰহণ কৰিবলৈ গৈ থাকোতে পথ দুৰ্ঘটনাত মৃত্যুক সাবটে। ২৬ বছৰীয়া হৰ্ষবৰ্ধন মধ্যপ্ৰদেশৰ বাসিন্দা আৰু কৰ্ণাটক কেডাৰৰ ২০২৩ বেটচৰ IPS বিষয়া আছিল। 

হৰ্ষবৰ্ধনে অভিযান্ত্ৰিক ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পাছত ২০২২-২৩ কৰ্ণাটক কেডাৰৰ আই পি এছ বিষয়া আছিল। ইউ পি এছ চি পৰীক্ষাত ১৫৩ নং ৰেংক লাভ কৰি প্ৰথম প্ৰয়াসতে তেওঁ অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হৈছিল।

আৰক্ষীয়ে জনোৱা মতে, হৰ্ষবৰ্ধনে হোলেনাৰসীপুৰত সহকাৰী আৰক্ষী অধীক্ষক হিচাপে কৰ্তব্যৰত ৰিপ’ৰ্ট দিবলৈ হাছানলৈ গৈ আছিল। 

আৰক্ষীয়ে জনোৱা অনুসৰি বিষয়াগৰাকী গৈ থকা বাহনখনৰ টায়াৰ ফাটি যোৱাত নিয়ন্ত্ৰণ হেৰুৱাই বাহনখনে। আৰু বাহনখনে পথৰ দাঁতিত থকা এটা ঘৰ আৰু গছত খুন্দা মাৰে। এই ঘটনাত IPS বিষয়া হৰ্ষবৰ্ধনে মূৰত গুৰুতৰভাৱে আঘাত পায়। চিকিৎসাধীন অৱস্থাত চিকিৎসালয়ত মৃত্যুবৰণ কৰে হৰ্ষবৰ্ধনে। এই ঘটনাত চালকজন সামান্য আঘাতপ্ৰাপ্ত হয়। গাড়ীখনৰ অৱস্থা চূৰ্ণ-বিচূৰ্ণ হৈ পৰে।

এই ঘটনাত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াই গভীৰ শোক প্ৰকাশ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বজালীত শোকাৱহ অঘটন; কালদিয়া নৈ পাৰ হ’বলৈ গৈ উটি গ’ল বৃদ্ধ কৃষক
কমনৱেলথ গেমছলৈ নির্বাচিত তেজপুৰৰ লিছা দাস
NHPCয়ে সোৱণশিৰিত, নীপকোৱে ৰঙানদীত এৰিলে পানী
কেৱল সোৱাদতেই নহয়, বহু উপকাৰী গুণেৰেও অতুলনীয় খৰিচা
বৰপেটাৰোডত যান-বাহনৰ ভাড়া বৃদ্ধিৰ বিৰুদ্ধে ৰাজপথত কলেজীয়া ছাত্ৰৰ তীব্ৰ প্ৰতিবাদ
বিশ্বত পুনৰ শক্তি সংকটৰ আশংকা; ইৰানী সেনাই বন্ধ কৰিলে হৰমুজ প্রণালী
ৰাজ্যত পঞ্জীয়নকৃত নিবনুৱাৰ সংখ্যা ১৫,৪৩,৩৫০জন
‘ডিজিটেল স্ক্ৰীনৰ পৰা আঁতৰি মামাৰ ঘৰলৈ যোৱা...’ গৰমৰ বন্ধত ভাগিনসকললৈ মুখ্যমন্ত্ৰীৰ মুকলি চিঠি
গুৱাহাটী ৰে’লৱে ষ্টেচনত ১১ সন্দেহজনক বাংলাদেশী আটক; চেন্নাইলৈ যোৱাৰ চেষ্টা ব্যৰ্থ কৰিলে RPFএ
চামগুৰিত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ
ৰাষ্ট্ৰপতিয়ে মুকলি কৰিলে ডুৰাণ্ড কাপৰ ট্ৰফী; ১৬-১৭ জুলাইত গুৱাহাটীত হ’ব প্রদর্শন
মহাকাব্যিক প্ৰত্যাৱৰ্তন
অতি উপকাৰী পাচলি কোমোৰা; গুণাগুণসমূহ জানো আহক
বিষ্ণয় গেঙৰ সন্ধানত অপাৰেশ্যন ‘হার্ড বল’
Advertisement