--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমগ্ৰ সৌৰজগতৰ মাত্ৰ এটা গ্ৰহতে স্পষ্ট আঙঠি আছে, সেয়া হৈছে শনি। শনিৰ সেই আঙঠিটো লাহে লাহে নাইকিয়া হৈ গৈ আছে। ২০১৮ চনত আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা ‘নেচনেল এৰ’নটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেচন (নাছা)’ই এক বিশেষ মহাজাগতিক পৰিঘটনা নিশ্চিত কৰিছিল। নাছাৰ তথ্য অনুসৰি শনিৰ অনন্য আঙঠিবোৰ দ্ৰুতগতিত নোহোৱা হৈ গৈ আছে।

শনিৰ আঙঠিবোৰ ধুমকেতু, গ্ৰহাণু বা ভঙা উপগ্ৰহৰ টুকুৰাৰে গঠিত বুলি ভবা হয়। শনিৰ মাধ্যাকৰ্ষণ শক্তি প্ৰবল। গতিকে ধুমকেতু আৰু গ্ৰহাণুবোৰ শনিৰ মাটিত উপনীত হোৱাৰ আগতেই ভাঙি যায়। ধুমকেতু, উপগ্ৰহ আৰু গ্ৰহাণুৰ এই ভঙা টুকুৰাবোৰ বেছিভাগেই বৰফ আৰু ধূলিৰে আবৃত।

নাছাৰ মতে, গ্ৰহটোৰ প্ৰবল মহাকৰ্ষণীয় টানে আঙঠিৰ পৰা বৰফৰ কণাবোৰক আচৰিত বেগেৰে নিজৰ ফালে টানি আনিছে। ফলত আঙঠিবোৰ ক্ৰমান্বয়ে নোহোৱা হৈ গৈ আছে। নাছাৰ বিজ্ঞানীসকলৰ মতে শনি গ্ৰহত বৰ্তমান প্ৰতি ছেকেণ্ডত ১০ হাজাৰ কিলোগ্ৰাম বৰষুণ হৈ আছে। যিটো অতি কম সময়ৰ ভিতৰতে এটা ডাঙৰ চুইমিং পুল ভৰাই পেলাবলৈ যথেষ্ট।

বিজ্ঞানীসকলে কয়, বিগত কেইবা নিযুত বছৰত বৰষুণৰ পৰিমাণ বহুগুণ বৃদ্ধি পাইছে। কিন্তু কিয় এনে হৈছে তাৰ স্পষ্ট উত্তৰ বিজ্ঞানীসকলৰ হাতত নাই। অৱশ্যে নাছাই কয় যে শনিৰ আঙঠি সম্পূৰ্ণৰূপে নাইকিয়া হ’বলৈ শতিকা লাগিব। নাছাই দাবী কৰিছে যে ২০২৫ চনৰ আৰম্ভণিৰ পৰা পৃথিৱীৰ পৰা শনিৰ আঙঠি আৰু দেখা নাযাব। কাৰণ, সেই সময়ত শনি গ্ৰহ পৃথিৱীৰ সৈতে বিশেষ কোণত থাকিব। পৃথিৱীৰ পৰা আঙঠিবোৰ দেখা নাপাব পৰা অৱস্থাত থাকিব।

কিন্তু চিন্তাৰ কোনো কাৰণ নাই। শনিৰ মহাজাগতিক আঙঠিটোৰ প্ৰতি বিজ্ঞানীসকলে বহুদিনলৈ দৃষ্টি হেৰুৱাব নোৱাৰিব। পৃথিৱীৰ দৰেই শনি গ্ৰহকো সূৰ্য্যৰ চাৰিওফালে কক্ষপথ সম্পূৰ্ণ কৰিবলৈ প্ৰায় ২৯.৪ বছৰ সময় লাগে। ফলত কেইবছৰমানৰ ভিতৰত শনি পুনৰ এনে অৱস্থালৈ ঘূৰি আহিব য’ত শনিৰ আঙঠিবোৰ পৃথিৱীৰ পৰা পুনৰ দৃশ্যমান হ’ব।

নাছাৰ মতে ২০৩২ চনৰ ভিতৰত শনিৰ আঙঠিবোৰ আকৌ দেখা পোৱা যাব। বৰ্তমান পৃথিৱীৰ সাপেক্ষে শনি গ্ৰহ এনে অৱস্থাত আছে, য’ৰ পৰা পৃথিৱীৰ মানুহে এই আঙঠিটো স্পষ্টকৈ দেখা পায়।

কিন্তু এটা প্ৰশ্ন ৰৈ গৈছে। শনিয়ে আঙঠিবোৰৰ বৰফৰ কণাবোৰ নিজৰ ফালে টানি নিয়াৰ লগে লগে আঙঠিবোৰ সম্পূৰ্ণৰূপে নাইকিয়া হ’বলৈ কিমান সময় লাগিব? নাছাৰ বিজ্ঞানীসকলে দাবী কৰিছে যে শনিৰ আঙঠিবোৰ সম্পূৰ্ণৰূপে নাইকিয়া হ’বলৈ প্ৰায় ১০ কোটি বছৰ সময় লাগিব। কিন্তু মনত ৰখা উচিত যে শনি এতিয়া ‘বুঢ়া’। এই গ্ৰহটোৰ জন্ম হৈছিল ৪.৫ বিলিয়ন বছৰতকৈও অধিক পূৰ্বে। ফলত শনিৰ আঙঠিটো হেৰুৱাবলৈ বেছি সময় নাই।

১৬১০ চনত ইটালীৰ জ্যোতিৰ্বিজ্ঞানী গেলিলিওৱে প্ৰথমবাৰৰ বাবে টেলিস্কোপৰ জৰিয়তে শনিৰ আঙঠিবোৰ পৰ্যবেক্ষণ কৰিছিল। কিন্তু আজিকালি ভাল টেলিস্কোপ থকা যিকোনো ব্যক্তিয়ে শনিৰ আঙঠিবোৰ চাব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement