--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সাংবাদিক হেমন্ত শর্মাই নিৰ্মাণ কৰা 'টু-লেট' নামৰ চুটি ছবিখন চলিত বৰ্ষৰ গোৱা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র প্রতিযোগিতালৈ নির্বাচিত হৈছে।

সাম্প্রতিক সময়ৰ এটা ছিৰিয়াছ বিষয়ক লৈ নিৰ্মাণ কৰা চুটি ছবিখন সমগ্ৰ বিশ্বৰ সৰ্বমুঠ ৩২০খন চুটি ছবিৰ ১৬খন নিৰ্বাচিত ছবিৰ ভিতৰত প্রতিযোগিতাৰ বাবে নিৰ্বাচিত হৈছে। ছবিখনৰ কাহিনী-চিত্রনাট্য-সাংলাপ তথা পৰিচালনা কৰিছে হেমন্ত শর্মাই। ফ'কাছ মিডিয়াৰ বেনাৰত 'টু-লেট' ছবিখন প্রযোজনা কৰিছে উদ্যমী যুৱক তথা অসমীয়া গহনা-গাঁঠৰিৰ প্রতিষ্ঠান ডুগডুগীৰ স্বত্বাধিকাৰী উৎপল বণিয়াই। 

ছবিখনৰ চিনেমাটোগ্রাফী দীপকমল গগৈৰ আৰু সংগীত পৰিচালনা কৰিছে সুদীপ্ত নয়নে। মানস প্রতিমে সম্পাদনা কৰা ছবিখনত কুলেন্দ্ৰ ৰায় চৌধুৰী, নৱ মহন্ত, প্রতিমা শৰ্মা আৰু মীনাক্ষি দেৱীয়ে অভিনয় কৰিছে। উল্লেখযোগ্য যে কেইবাবছৰ পূৰ্বে নিৰ্মাণ কৰা ছবিখন কাৰিকৰী বিজুতিৰ বাবে হেৰাই যোৱাৰ উপক্ৰম হৈছিল যদিও শেহতীয়াকৈ ছবিখন ঘূৰাই পোৱাৰ পাছতে বিভিন্ন চলচ্চিত্র প্রতিযোগিতালৈ প্ৰেৰণ কৰা হৈছিল বুলি সাংবাদিক হেমন্ত শর্মাই জানিবলৈ দিছে।

উৎসঃ দৈনিক জনমভূমি  

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ