--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সাংবাদিক হেমন্ত শর্মাই নিৰ্মাণ কৰা 'টু-লেট' নামৰ চুটি ছবিখন চলিত বৰ্ষৰ গোৱা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র প্রতিযোগিতালৈ নির্বাচিত হৈছে।

সাম্প্রতিক সময়ৰ এটা ছিৰিয়াছ বিষয়ক লৈ নিৰ্মাণ কৰা চুটি ছবিখন সমগ্ৰ বিশ্বৰ সৰ্বমুঠ ৩২০খন চুটি ছবিৰ ১৬খন নিৰ্বাচিত ছবিৰ ভিতৰত প্রতিযোগিতাৰ বাবে নিৰ্বাচিত হৈছে। ছবিখনৰ কাহিনী-চিত্রনাট্য-সাংলাপ তথা পৰিচালনা কৰিছে হেমন্ত শর্মাই। ফ'কাছ মিডিয়াৰ বেনাৰত 'টু-লেট' ছবিখন প্রযোজনা কৰিছে উদ্যমী যুৱক তথা অসমীয়া গহনা-গাঁঠৰিৰ প্রতিষ্ঠান ডুগডুগীৰ স্বত্বাধিকাৰী উৎপল বণিয়াই। 

ছবিখনৰ চিনেমাটোগ্রাফী দীপকমল গগৈৰ আৰু সংগীত পৰিচালনা কৰিছে সুদীপ্ত নয়নে। মানস প্রতিমে সম্পাদনা কৰা ছবিখনত কুলেন্দ্ৰ ৰায় চৌধুৰী, নৱ মহন্ত, প্রতিমা শৰ্মা আৰু মীনাক্ষি দেৱীয়ে অভিনয় কৰিছে। উল্লেখযোগ্য যে কেইবাবছৰ পূৰ্বে নিৰ্মাণ কৰা ছবিখন কাৰিকৰী বিজুতিৰ বাবে হেৰাই যোৱাৰ উপক্ৰম হৈছিল যদিও শেহতীয়াকৈ ছবিখন ঘূৰাই পোৱাৰ পাছতে বিভিন্ন চলচ্চিত্র প্রতিযোগিতালৈ প্ৰেৰণ কৰা হৈছিল বুলি সাংবাদিক হেমন্ত শর্মাই জানিবলৈ দিছে।

উৎসঃ দৈনিক জনমভূমি  

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ