--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইউক্ৰেইনত ৰাছিয়াই আক্ৰমণ কৰাৰ পাছৰে পৰা দেশখনৰ সৈনিকে নানা ধৰণৰ অপৰাধজনিত কাৰ্য সংঘটিত কৰি আহিছে। ৰুছৰ জিঘাংসু সৈনিকে মহিলা আৰু ছোৱালীক বলাৎকাৰ কৰাৰ লগতে পুৰুষ তথা ল’ৰাকো বলাৎকাৰ কৰাৰ ঘটনা পোহৰলৈ আহিছে। ৰাষ্ট্ৰসংঘৰ যুদ্ধত যৌন অপৰাধ সম্পৰ্কীয় বিশেষ প্ৰতিনিধি প্ৰমীলা পেটনে কিয়েভত এখন সংবাদমেলত এই বিষয়ে মুকলিকৈ প্ৰকাশ কৰিছে। ইউক্ৰেইনত ৰাছিয়াৰ সৈন্যৰ দ্বাৰা ধৰ্ষণৰ বলি হোৱা লোকসকলৰ ভিতৰত পুৰুষ আৰু ল'ৰাও আছে, য'ত আক্ৰমণকাৰী বাহিনীৰ দ্বাৰা যৌন হিংসাৰ বহু ঘটনা ঘটনা ইতিমধ্যে তদন্তৰ অধীনত আছে বুলিও সভাত ঘোষণা কৰে ৰাষ্ট্ৰসংঘ আৰু ইউক্ৰেইনৰ বিষয়াসকলে।

ৰাষ্ট্ৰসংঘৰ বিশেষ প্ৰতিনিধি প্ৰমীলা পেটেনে কয়, ‘ মই প্ৰতিবেদন লাভ কৰিছোঁ, এতিয়াও প্ৰমাণিত হোৱা নাই। ইউক্ৰেইনত পুৰুষ আৰু ল'ৰাৰ বিৰুদ্ধে যৌন হিংসাৰ গোচৰৰ বিষয়ে তদন্ত প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে।’

পেটেনে লগতে কয়, ‘মহিলা আৰু ছোৱালীৰ বাবে ধৰ্ষণৰ প্ৰতিবেদন দিয়াটো যিদৰে কঠিন কাম তেনেদৰে ধৰ্ষিত পুৰুষ আৰু ল'ৰাইয়ো এই বিষয়ে প্ৰতিবেদন দিয়াটো অধিক কঠিন। আমি সকলো ভুক্তভোগীৰ বাবে যৌন হিংসাৰ ঘটনাৰ প্ৰতিবেদন দিবলৈ সুৰক্ষিত স্থানৰ ব্যৱস্থা কৰা হ’ব।’

ৰাষ্ট্ৰসংঘই ৰুছ সৈনিকে সংঘটিত কৰা যৌন অপৰাধ তথা হিংসাৰ তদন্ত চলোৱা বুলি সদৰী কৰিছে। ইউক্ৰেইনৰ আইন বিষয়ৰ শীৰ্ষ বিষয়া ইৰিনা ভেনেডিক্টোভাই ৰাছিয়াৰ সৈনিকে পুৰুষ-মহিলা উভয়কে বলাৎকাৰ কৰাৰ তথ্য প্ৰমাণ আৰু সংবাদ সংগ্ৰহ কৰি ইয়াৰ তদন্ত দাবী কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ