--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইউক্ৰেইনত ৰাছিয়াই আক্ৰমণ কৰাৰ পাছৰে পৰা দেশখনৰ সৈনিকে নানা ধৰণৰ অপৰাধজনিত কাৰ্য সংঘটিত কৰি আহিছে। ৰুছৰ জিঘাংসু সৈনিকে মহিলা আৰু ছোৱালীক বলাৎকাৰ কৰাৰ লগতে পুৰুষ তথা ল’ৰাকো বলাৎকাৰ কৰাৰ ঘটনা পোহৰলৈ আহিছে। ৰাষ্ট্ৰসংঘৰ যুদ্ধত যৌন অপৰাধ সম্পৰ্কীয় বিশেষ প্ৰতিনিধি প্ৰমীলা পেটনে কিয়েভত এখন সংবাদমেলত এই বিষয়ে মুকলিকৈ প্ৰকাশ কৰিছে। ইউক্ৰেইনত ৰাছিয়াৰ সৈন্যৰ দ্বাৰা ধৰ্ষণৰ বলি হোৱা লোকসকলৰ ভিতৰত পুৰুষ আৰু ল'ৰাও আছে, য'ত আক্ৰমণকাৰী বাহিনীৰ দ্বাৰা যৌন হিংসাৰ বহু ঘটনা ঘটনা ইতিমধ্যে তদন্তৰ অধীনত আছে বুলিও সভাত ঘোষণা কৰে ৰাষ্ট্ৰসংঘ আৰু ইউক্ৰেইনৰ বিষয়াসকলে।

ৰাষ্ট্ৰসংঘৰ বিশেষ প্ৰতিনিধি প্ৰমীলা পেটেনে কয়, ‘ মই প্ৰতিবেদন লাভ কৰিছোঁ, এতিয়াও প্ৰমাণিত হোৱা নাই। ইউক্ৰেইনত পুৰুষ আৰু ল'ৰাৰ বিৰুদ্ধে যৌন হিংসাৰ গোচৰৰ বিষয়ে তদন্ত প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে।’

পেটেনে লগতে কয়, ‘মহিলা আৰু ছোৱালীৰ বাবে ধৰ্ষণৰ প্ৰতিবেদন দিয়াটো যিদৰে কঠিন কাম তেনেদৰে ধৰ্ষিত পুৰুষ আৰু ল'ৰাইয়ো এই বিষয়ে প্ৰতিবেদন দিয়াটো অধিক কঠিন। আমি সকলো ভুক্তভোগীৰ বাবে যৌন হিংসাৰ ঘটনাৰ প্ৰতিবেদন দিবলৈ সুৰক্ষিত স্থানৰ ব্যৱস্থা কৰা হ’ব।’

ৰাষ্ট্ৰসংঘই ৰুছ সৈনিকে সংঘটিত কৰা যৌন অপৰাধ তথা হিংসাৰ তদন্ত চলোৱা বুলি সদৰী কৰিছে। ইউক্ৰেইনৰ আইন বিষয়ৰ শীৰ্ষ বিষয়া ইৰিনা ভেনেডিক্টোভাই ৰাছিয়াৰ সৈনিকে পুৰুষ-মহিলা উভয়কে বলাৎকাৰ কৰাৰ তথ্য প্ৰমাণ আৰু সংবাদ সংগ্ৰহ কৰি ইয়াৰ তদন্ত দাবী কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ