--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : মোৰ এটা অনুৰোধ আপোনালোকে ৰাখিবনে? ৰাখিবনে? ৰাখে যদিহে ক’ম কিন্তু! ডেনমাৰ্কৰ কোপেনহেগেনত প্ৰবাসী ভাৰতীয়সকলৰ এক ৰাজহুৱা কাৰ্যসূচীত ভাগ লৈ এনেদৰেই আব্দাদ ধৰিলে মোদীয়ে। ভাৰতৰ স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰবাসী ভাৰতীয়সকলক এক বিশেষ আবেদন জনায়। 

মঙলবাৰে প্ৰধানমন্ত্ৰীৰ ইউৰোপ ভ্ৰমণৰ দ্বিতীয় দিনা তেওঁ ডেনমাৰ্কত উপস্থিত হয়। নৰেন্দ্ৰ মোডীয়ে তাত প্ৰবাসী ভাৰতীয়সকলৰ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি সকলোকে এটা বিশেষ আবেদন জনায়। প্ৰধানমন্ত্ৰীয়ে উপস্থিত সকলো প্ৰবাসীক সেই বিশেষ আব্দাৰ ধৰাৰ আগতে কিছু ধেমালি কৰাও দেখা যায়। তেওঁ কয়, ‘মই আপোনালোকৰ ওচৰত এটা সৰু আব্দাৰ ৰাখিম। যদি আপোনালোকে মোক কথা দিয়ে, তেনেহ’লেহে মই মোৰ অনুৰোধ কৰিম অন্যথা নহয়। তেওঁ লগতে কয়, ‘আপোনালোকে হয়তো ভাবিছে যে, প্ৰধানমন্ত্ৰীয়ে বিদেশলৈ আহি কি বিচাৰিছে! ভয় নকৰিব, মই আপোনাৰ পৰা বহুত কিবা নিবিচাৰোঁ।’ এনেদৰে ভণিতা কৰা দেখা যায় মোদীক। কিন্তু তেওঁনো প্ৰবাসী ভাৰতীয়সকলৰ পৰা কি বিচাৰিছিল?

কোপেনহেগেনত প্ৰবাসী ভাৰতীয়সকলক সম্বোধন কৰি মোদীয়ে সকলোকে আহ্বান জনায়, ‘প্ৰতি বছৰে পাঁচজন বিদেশীক ভাৰত ভ্ৰমণ কৰিবলৈ উৎসাহিত কৰক। ভাৰতৰ প্ৰতিটো কোণত কি কি সম্পদ লুকাই আছে তেওঁলোকক বুজাওক। আৰু এইটো বিদেশৰ ভাৰতীয় দূতাবাসৰ কাম নহয়। দূতাবাসতো থাকিবই। কিন্তু আপোনালোক সকলোৱেই একো এখোজন ৰাষ্ট্ৰদূত। এই ৰাষ্ট্ৰদূতসকল সমগ্ৰ বিশ্বতে বিয়পি আছে। আপোনালোকেই ভাৰতক বিশ্বৰ দৰবাৰত পৰিচিত কৰাই দিবলৈ সক্ষম। গতিকে মোৰ এই সৰু অনুৰোধটো ৰাখক।’ প্ৰধানমন্ত্ৰীৰ এই বক্তব্যৰ পাছত সমগ্ৰ হলটো হাততালিৰে ৰজনজনাই গৈছিল। প্ৰধানমন্ত্ৰীৰ এই অভূতপূৰ্ব চিন্তা আৰু দেশৰ হিতৰ কথা ভাবি সকলোকে কৰা আব্দাৰেও লাভ কৰিছিল ব্যাপক সমাদৰ আৰু সমৰ্থন।

ইফালে, প্ৰধানমন্ত্ৰী মোদীয়ে ডেনমাৰ্কত প্ৰবাসী ভাৰতীয়সকলক দেশৰ উন্নয়নৰ কথা সদৰি কৰে। তেওঁ কয়, ‘তথ্য প্ৰযুক্তিৰ ব্যৱহাৰত ভাৰত যথেষ্ট আগবাঢ়িছে। ইণ্টাৰনেট সংযোগ গাঁৱে গাঁৱে সুলভ হৈ পৰিছে। দেশত জনমূৰি ইণ্টাৰনেটৰ ব্যৱহাৰ বৃদ্ধি পাইছে। ক’ভিডৰ সময়ত সমগ্ৰ বিশ্বক দিশ দেখুৱাইছে ভাৰতে। দেশৰ উন্নয়নৰ অৰ্থ হৈছে বিশ্বৰ বিকাশ। জৈৱ ইন্ধনে কৃষকসকলৰ উপাৰ্জন বৃদ্ধি কৰিছে। ভাৰতৰ বাবে, নদীসমূহ মাতৃৰ দৰে। সেইকাৰণে ভাৰতে পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত এক গুৰুত্বপূ্ৰ্ণ  ভূমিকা পালন কৰি আছে। আমি বিচাৰোঁ যে ডেনিছ কোম্পানীবোৰে ভাৰতত বিনিয়োগ কৰক। আপোনালোকে মোক ইয়াত যিধৰণে সম্ভাষণ জনাইছে মই তাৰ দ্বাৰা প্ৰভাৱিত হৈছোঁ। ভাৰতীয়সকলে যেতিয়াই কোনো ঠাইলৈ যায়, সততাৰে কাম কৰে। আপোনালোক তাৰ জ্বলন্ত প্ৰমাণ। আমি ভাৰতীয়সকল বহুভাষী কিন্তু আমাৰ মন এটা। যদিও ভাষা বেলেগ, আমাৰ সংস্কৃতি হৈছে ভাৰতীয়।’ 
উল্লেখ্য যে, ত্ৰিদেশীয় এই ভ্ৰমণকালত মোদীয়ে তৃতীয় দিনা ফ্ৰান্স ভ্ৰমণ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ