--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : মোৰ এটা অনুৰোধ আপোনালোকে ৰাখিবনে? ৰাখিবনে? ৰাখে যদিহে ক’ম কিন্তু! ডেনমাৰ্কৰ কোপেনহেগেনত প্ৰবাসী ভাৰতীয়সকলৰ এক ৰাজহুৱা কাৰ্যসূচীত ভাগ লৈ এনেদৰেই আব্দাদ ধৰিলে মোদীয়ে। ভাৰতৰ স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰবাসী ভাৰতীয়সকলক এক বিশেষ আবেদন জনায়। 

মঙলবাৰে প্ৰধানমন্ত্ৰীৰ ইউৰোপ ভ্ৰমণৰ দ্বিতীয় দিনা তেওঁ ডেনমাৰ্কত উপস্থিত হয়। নৰেন্দ্ৰ মোডীয়ে তাত প্ৰবাসী ভাৰতীয়সকলৰ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি সকলোকে এটা বিশেষ আবেদন জনায়। প্ৰধানমন্ত্ৰীয়ে উপস্থিত সকলো প্ৰবাসীক সেই বিশেষ আব্দাৰ ধৰাৰ আগতে কিছু ধেমালি কৰাও দেখা যায়। তেওঁ কয়, ‘মই আপোনালোকৰ ওচৰত এটা সৰু আব্দাৰ ৰাখিম। যদি আপোনালোকে মোক কথা দিয়ে, তেনেহ’লেহে মই মোৰ অনুৰোধ কৰিম অন্যথা নহয়। তেওঁ লগতে কয়, ‘আপোনালোকে হয়তো ভাবিছে যে, প্ৰধানমন্ত্ৰীয়ে বিদেশলৈ আহি কি বিচাৰিছে! ভয় নকৰিব, মই আপোনাৰ পৰা বহুত কিবা নিবিচাৰোঁ।’ এনেদৰে ভণিতা কৰা দেখা যায় মোদীক। কিন্তু তেওঁনো প্ৰবাসী ভাৰতীয়সকলৰ পৰা কি বিচাৰিছিল?

কোপেনহেগেনত প্ৰবাসী ভাৰতীয়সকলক সম্বোধন কৰি মোদীয়ে সকলোকে আহ্বান জনায়, ‘প্ৰতি বছৰে পাঁচজন বিদেশীক ভাৰত ভ্ৰমণ কৰিবলৈ উৎসাহিত কৰক। ভাৰতৰ প্ৰতিটো কোণত কি কি সম্পদ লুকাই আছে তেওঁলোকক বুজাওক। আৰু এইটো বিদেশৰ ভাৰতীয় দূতাবাসৰ কাম নহয়। দূতাবাসতো থাকিবই। কিন্তু আপোনালোক সকলোৱেই একো এখোজন ৰাষ্ট্ৰদূত। এই ৰাষ্ট্ৰদূতসকল সমগ্ৰ বিশ্বতে বিয়পি আছে। আপোনালোকেই ভাৰতক বিশ্বৰ দৰবাৰত পৰিচিত কৰাই দিবলৈ সক্ষম। গতিকে মোৰ এই সৰু অনুৰোধটো ৰাখক।’ প্ৰধানমন্ত্ৰীৰ এই বক্তব্যৰ পাছত সমগ্ৰ হলটো হাততালিৰে ৰজনজনাই গৈছিল। প্ৰধানমন্ত্ৰীৰ এই অভূতপূৰ্ব চিন্তা আৰু দেশৰ হিতৰ কথা ভাবি সকলোকে কৰা আব্দাৰেও লাভ কৰিছিল ব্যাপক সমাদৰ আৰু সমৰ্থন।

ইফালে, প্ৰধানমন্ত্ৰী মোদীয়ে ডেনমাৰ্কত প্ৰবাসী ভাৰতীয়সকলক দেশৰ উন্নয়নৰ কথা সদৰি কৰে। তেওঁ কয়, ‘তথ্য প্ৰযুক্তিৰ ব্যৱহাৰত ভাৰত যথেষ্ট আগবাঢ়িছে। ইণ্টাৰনেট সংযোগ গাঁৱে গাঁৱে সুলভ হৈ পৰিছে। দেশত জনমূৰি ইণ্টাৰনেটৰ ব্যৱহাৰ বৃদ্ধি পাইছে। ক’ভিডৰ সময়ত সমগ্ৰ বিশ্বক দিশ দেখুৱাইছে ভাৰতে। দেশৰ উন্নয়নৰ অৰ্থ হৈছে বিশ্বৰ বিকাশ। জৈৱ ইন্ধনে কৃষকসকলৰ উপাৰ্জন বৃদ্ধি কৰিছে। ভাৰতৰ বাবে, নদীসমূহ মাতৃৰ দৰে। সেইকাৰণে ভাৰতে পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত এক গুৰুত্বপূ্ৰ্ণ  ভূমিকা পালন কৰি আছে। আমি বিচাৰোঁ যে ডেনিছ কোম্পানীবোৰে ভাৰতত বিনিয়োগ কৰক। আপোনালোকে মোক ইয়াত যিধৰণে সম্ভাষণ জনাইছে মই তাৰ দ্বাৰা প্ৰভাৱিত হৈছোঁ। ভাৰতীয়সকলে যেতিয়াই কোনো ঠাইলৈ যায়, সততাৰে কাম কৰে। আপোনালোক তাৰ জ্বলন্ত প্ৰমাণ। আমি ভাৰতীয়সকল বহুভাষী কিন্তু আমাৰ মন এটা। যদিও ভাষা বেলেগ, আমাৰ সংস্কৃতি হৈছে ভাৰতীয়।’ 
উল্লেখ্য যে, ত্ৰিদেশীয় এই ভ্ৰমণকালত মোদীয়ে তৃতীয় দিনা ফ্ৰান্স ভ্ৰমণ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন