--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপুনি নিশ্চয় কিন্নৰৰ সৈতে মুখামুখি হৈছে। তেওঁলোকে জীয়াই থকাৰ তাড়নাত মানুহৰ ওচৰত হাত পাতে। আৰু মানুহেও তেওঁলোকক ১০, ২০ টকা দি সহায় কৰে। আনহাতে কোনো কোনো অঞ্চলত কোনো উতসৱ-পাৰ্বনত কিন্নৰৰ দলক আমন্ত্ৰণ কৰি অনা হয়। তেওঁলোকে তালৈ আহি নাচ-গান কৰে। আৰু পৰিয়ালটোক ভূৰি ভূৰি আশীৰ্বাদ দিয়ে। কোৱা হয় যে কিন্নৰৰ আশীৰ্বাদ অতি ফলপ্ৰসূ। মানুহক আশীৰ্বাদ দি ফুৰা কিন্নৰে যেতিয়া অপৰাধৰ লগত জড়িত হৈ পৰে তেতিয়া বিষয়টো অতি চিন্তনীয় হৈ পৰে।   

কিন্নৰৰ দলে অপৰাধ সংঘটিত কৰা এক ঘটনা পোহৰলৈ আহিছে। ঘটনাৰ স্থান দিল্লী। দিল্লী আৰক্ষীয়ে এটা কিন্নৰৰ দল গ্ৰেপ্তাৰ কৰিছে, দলটোৱে পথচাৰীৰ সৈতে ডকাইতিৰ কাণ্ড সংঘটিত কৰিছিল। আৰক্ষীয়েও তেওঁলোকৰ পৰা লুণ্ঠন সামগ্ৰী উদ্ধাৰ কৰিছে। বিশেষ কথাটো হ’ল এই গেংটো কেৱল ৰাতিহে সক্ৰিয় থাকে।

দিল্লী আৰক্ষীৰ তথ্য অনুসৰি এই চক্ৰটোৰ তিনিজন কিন্নৰক গ্ৰেপ্তাৰ কৰা হৈছে। এই গেংটোৱে পশ্চিম দিল্লীত লুটপাত চলাইছিল। আৰক্ষীয়ে তিনিজন কিন্নৰক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁলোকৰ হাতত থকা লুটপাতৰ গহনাও উদ্ধাৰ কৰে।

দৰাচলতে ১৮ অক্টোবৰত এজন ব্যক্তিয়ে গুৰগাঁৱৰ পৰা উত্তম নগৰ অভিমুখে আহি আছিল। ডাবৰি মেট্ৰ’ ষ্টেচনৰ ওচৰ পাওঁতে এজন অচিনাকি ব্যক্তিয়ে তেওঁক ৰখাই কথা পাতিবলৈ আৰম্ভ কৰে। কথা পাতি পাতি তেওঁক বিচলিত কৰিবলৈ ধৰিলে।

সেই অচিনাকি ব্যক্তিজনে মানুহজনৰ লগত কথা পাতি থাকোঁতে হঠাতে তাত আৰু দুজন মানুহ আহিল আৰু তাৰ পিছত সকলোৱে মিলি তেওঁৰ সোণৰ চেইন আৰু আঙঠিৰ লগতে বহু সামগ্ৰী লুটপাত কৰে। অপৰাধ সংঘটিত কৰাৰ পিছতে ঘটনাস্থলীৰ পৰা পলায়ন কৰে তিনিওজন অভিযুক্ত। ইয়াৰ পিছতে ভুক্তভোগীয়ে আৰক্ষীৰ ওচৰলৈ যোৱাৰ সিদ্ধান্ত লয়।

আৰক্ষীয়ে ভুক্তভোগীৰ এজাহাৰৰ ওপৰত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে। দিল্লী আৰক্ষীয়ে তদন্তৰ বাবে এটা বিশেষ দল গঠন কৰে। প্ৰায় এশটা চিচিটিভি কেমেৰাৰ ফুটেজত আৰক্ষীয়ে তালাচী চলাই তাৰপাছতে আৰক্ষীৰ ওচৰলৈ এটা গুৰুত্বপূৰ্ণ সূত্ৰ আহে আৰু অভিযুক্তক চিনাক্ত কৰা হয়।

চিনাক্তকৰণৰ লগে লগে আৰক্ষীয়ে অভিযান চলাই দুজন কিন্নৰ সুষ্মিতা আৰু পক্কি খানক ধৰিলে। দুয়োৰে পৰা উদ্ধাৰ হৈছে লুট কৰা গহনা। ইয়াৰ পিছতে এই তথ্য লাভ কৰাৰ পিছত আৰক্ষীয়ে আন এজন অভিযুক্ত কিন্নৰ জাছি পাছৱানকো গ্ৰেপ্তাৰ কৰে। তেওঁৰ পৰা আৰু কিছু গহনাও উদ্ধাৰ কৰা হয়। এতিয়া অভিযুক্তৰ সৈতে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় মহাকাশ, প্ৰতিৰক্ষা বিজ্ঞানীৰ দুটা গুৰুত্বপূৰ্ণ সম্পৰীক্ষা
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
পাক-ভাৰত সীমান্তৰ পৰা ১৫ পাকিস্তানী মাছমৰীয়াক আটক
'বিশ্ব অর্থনীতিৰ প্ৰৱাহ সলনি কৰিব পৰা শক্তিৰ অধিকাৰী হৈছে ভাৰত', 'ইক 'নমিক টাইম'ৰ ৱৰ্ল্ড লীডাৰ্ছ ফ'ৰামত প্ৰধানমন্ত্ৰীৰ দাবী
পণবন্দীৰ মুক্তিৰ দাবীত ৰাজপথ উত্তাল কৰিলে সহস্রাধিক ইজৰাইলীয়ে
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়