--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপুনি নিশ্চয় কিন্নৰৰ সৈতে মুখামুখি হৈছে। তেওঁলোকে জীয়াই থকাৰ তাড়নাত মানুহৰ ওচৰত হাত পাতে। আৰু মানুহেও তেওঁলোকক ১০, ২০ টকা দি সহায় কৰে। আনহাতে কোনো কোনো অঞ্চলত কোনো উতসৱ-পাৰ্বনত কিন্নৰৰ দলক আমন্ত্ৰণ কৰি অনা হয়। তেওঁলোকে তালৈ আহি নাচ-গান কৰে। আৰু পৰিয়ালটোক ভূৰি ভূৰি আশীৰ্বাদ দিয়ে। কোৱা হয় যে কিন্নৰৰ আশীৰ্বাদ অতি ফলপ্ৰসূ। মানুহক আশীৰ্বাদ দি ফুৰা কিন্নৰে যেতিয়া অপৰাধৰ লগত জড়িত হৈ পৰে তেতিয়া বিষয়টো অতি চিন্তনীয় হৈ পৰে।   

কিন্নৰৰ দলে অপৰাধ সংঘটিত কৰা এক ঘটনা পোহৰলৈ আহিছে। ঘটনাৰ স্থান দিল্লী। দিল্লী আৰক্ষীয়ে এটা কিন্নৰৰ দল গ্ৰেপ্তাৰ কৰিছে, দলটোৱে পথচাৰীৰ সৈতে ডকাইতিৰ কাণ্ড সংঘটিত কৰিছিল। আৰক্ষীয়েও তেওঁলোকৰ পৰা লুণ্ঠন সামগ্ৰী উদ্ধাৰ কৰিছে। বিশেষ কথাটো হ’ল এই গেংটো কেৱল ৰাতিহে সক্ৰিয় থাকে।

দিল্লী আৰক্ষীৰ তথ্য অনুসৰি এই চক্ৰটোৰ তিনিজন কিন্নৰক গ্ৰেপ্তাৰ কৰা হৈছে। এই গেংটোৱে পশ্চিম দিল্লীত লুটপাত চলাইছিল। আৰক্ষীয়ে তিনিজন কিন্নৰক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁলোকৰ হাতত থকা লুটপাতৰ গহনাও উদ্ধাৰ কৰে।

দৰাচলতে ১৮ অক্টোবৰত এজন ব্যক্তিয়ে গুৰগাঁৱৰ পৰা উত্তম নগৰ অভিমুখে আহি আছিল। ডাবৰি মেট্ৰ’ ষ্টেচনৰ ওচৰ পাওঁতে এজন অচিনাকি ব্যক্তিয়ে তেওঁক ৰখাই কথা পাতিবলৈ আৰম্ভ কৰে। কথা পাতি পাতি তেওঁক বিচলিত কৰিবলৈ ধৰিলে।

সেই অচিনাকি ব্যক্তিজনে মানুহজনৰ লগত কথা পাতি থাকোঁতে হঠাতে তাত আৰু দুজন মানুহ আহিল আৰু তাৰ পিছত সকলোৱে মিলি তেওঁৰ সোণৰ চেইন আৰু আঙঠিৰ লগতে বহু সামগ্ৰী লুটপাত কৰে। অপৰাধ সংঘটিত কৰাৰ পিছতে ঘটনাস্থলীৰ পৰা পলায়ন কৰে তিনিওজন অভিযুক্ত। ইয়াৰ পিছতে ভুক্তভোগীয়ে আৰক্ষীৰ ওচৰলৈ যোৱাৰ সিদ্ধান্ত লয়।

আৰক্ষীয়ে ভুক্তভোগীৰ এজাহাৰৰ ওপৰত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে। দিল্লী আৰক্ষীয়ে তদন্তৰ বাবে এটা বিশেষ দল গঠন কৰে। প্ৰায় এশটা চিচিটিভি কেমেৰাৰ ফুটেজত আৰক্ষীয়ে তালাচী চলাই তাৰপাছতে আৰক্ষীৰ ওচৰলৈ এটা গুৰুত্বপূৰ্ণ সূত্ৰ আহে আৰু অভিযুক্তক চিনাক্ত কৰা হয়।

চিনাক্তকৰণৰ লগে লগে আৰক্ষীয়ে অভিযান চলাই দুজন কিন্নৰ সুষ্মিতা আৰু পক্কি খানক ধৰিলে। দুয়োৰে পৰা উদ্ধাৰ হৈছে লুট কৰা গহনা। ইয়াৰ পিছতে এই তথ্য লাভ কৰাৰ পিছত আৰক্ষীয়ে আন এজন অভিযুক্ত কিন্নৰ জাছি পাছৱানকো গ্ৰেপ্তাৰ কৰে। তেওঁৰ পৰা আৰু কিছু গহনাও উদ্ধাৰ কৰা হয়। এতিয়া অভিযুক্তৰ সৈতে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ