--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মঙলবাৰে দিল্লীৰ জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ত দীপাৱলী কাৰ্যসূচীৰ সময়ত ব্যাপক হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হয়। অভিযোগ অনুসৰি অনুষ্ঠানৰ সময়ত একাংশ লোকে ৰংগোলী আৰু চাকি লগত ধেমালী কৰে, তাৰ পিছতে হুলস্থুলৰ আৰম্ভ হয়। কেম্পাছৰ ভিতৰত ৭ নং গেটত সংঘটিত হয় এই ঘটনা। আনহাতে ছাত্ৰ-ছাত্ৰীৰ মাজত সংঘৰ্ষ আৰু দুয়োপক্ষৰ পৰা শ্ল’গান দিয়া হয় । তথ্য অনুসৰি বৰ্তমান বিষয়টো শান্ত।


আচলতে জামিয়া বিশ্ববিদ্যালয়ত প্ৰতি বছৰে দীপাৱলী কাৰ্যসূচী আয়োজন কৰা হয়। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (এবিভিপি) আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে এই কাৰ্যসূচীৰ আয়োজন কৰে।

এই হুলস্থুলৰ সময়ত একাংশ লোকে পেলেষ্টাইন জিন্দাবাদৰ শ্লোগান দিয়াৰো অভিযোগ উত্থাপন হৈছে ৷ একাংশ ছাত্ৰ-ছাত্ৰীৰ মাজতো সংঘৰ্ষৰ খবৰ পোহৰলৈ আহিছে। এই সময়ছোৱাত আৰক্ষীয়ে আন একাংশ ছাত্ৰ-ছাত্ৰীৰ সহযোগত বিষয়টো শান্ত কৰি ৰাইজক ছত্ৰভংগ দিয়ে। কিছু সময়ৰ পাছত বিষয়টো শান্ত হৈ পৰিল। তথ্য অনুসৰি কেম্পাছত বৃহৎ সংখ্যক আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলকো শান্তি বজাই ৰাখিবলৈ আহ্বান জনোৱা হৈছে। আৰক্ষীয়ে জনোৱা মতে, বিষয়টোৰ তদন্ত চলি আছে।

উল্লেখ্য যে জামিয়াত এইটো প্ৰথম বিতৰ্কৰ গোচৰ নহয়। চলিত বৰ্ষৰ জানুৱাৰী মাহত জামিয়া বিশ্ববিদ্যালয়ত ‘ষ্ট্ৰাইক ফৰ বাবৰি’ আদি শ্লোগানৰ ভিডিঅ’ও চৰ্চালৈ আহিছিল। ইয়াৰ পিছত বৃহৎ সংখ্যক আৰক্ষী বাহিনী মোতায়েন কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ