--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মঙলবাৰে দিল্লীৰ জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ত দীপাৱলী কাৰ্যসূচীৰ সময়ত ব্যাপক হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হয়। অভিযোগ অনুসৰি অনুষ্ঠানৰ সময়ত একাংশ লোকে ৰংগোলী আৰু চাকি লগত ধেমালী কৰে, তাৰ পিছতে হুলস্থুলৰ আৰম্ভ হয়। কেম্পাছৰ ভিতৰত ৭ নং গেটত সংঘটিত হয় এই ঘটনা। আনহাতে ছাত্ৰ-ছাত্ৰীৰ মাজত সংঘৰ্ষ আৰু দুয়োপক্ষৰ পৰা শ্ল’গান দিয়া হয় । তথ্য অনুসৰি বৰ্তমান বিষয়টো শান্ত।


আচলতে জামিয়া বিশ্ববিদ্যালয়ত প্ৰতি বছৰে দীপাৱলী কাৰ্যসূচী আয়োজন কৰা হয়। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (এবিভিপি) আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে এই কাৰ্যসূচীৰ আয়োজন কৰে।

এই হুলস্থুলৰ সময়ত একাংশ লোকে পেলেষ্টাইন জিন্দাবাদৰ শ্লোগান দিয়াৰো অভিযোগ উত্থাপন হৈছে ৷ একাংশ ছাত্ৰ-ছাত্ৰীৰ মাজতো সংঘৰ্ষৰ খবৰ পোহৰলৈ আহিছে। এই সময়ছোৱাত আৰক্ষীয়ে আন একাংশ ছাত্ৰ-ছাত্ৰীৰ সহযোগত বিষয়টো শান্ত কৰি ৰাইজক ছত্ৰভংগ দিয়ে। কিছু সময়ৰ পাছত বিষয়টো শান্ত হৈ পৰিল। তথ্য অনুসৰি কেম্পাছত বৃহৎ সংখ্যক আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলকো শান্তি বজাই ৰাখিবলৈ আহ্বান জনোৱা হৈছে। আৰক্ষীয়ে জনোৱা মতে, বিষয়টোৰ তদন্ত চলি আছে।

উল্লেখ্য যে জামিয়াত এইটো প্ৰথম বিতৰ্কৰ গোচৰ নহয়। চলিত বৰ্ষৰ জানুৱাৰী মাহত জামিয়া বিশ্ববিদ্যালয়ত ‘ষ্ট্ৰাইক ফৰ বাবৰি’ আদি শ্লোগানৰ ভিডিঅ’ও চৰ্চালৈ আহিছিল। ইয়াৰ পিছত বৃহৎ সংখ্যক আৰক্ষী বাহিনী মোতায়েন কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কলিয়াবৰৰ জখলাবন্ধা ৰে’লগে’টত গুলীচালনাৰ ঘটনা ; সন্দেহজনক বাহনলৈ আৰক্ষীৰ গুলি
ভাৰতীয় মহাকাশ, প্ৰতিৰক্ষা বিজ্ঞানীৰ দুটা গুৰুত্বপূৰ্ণ সম্পৰীক্ষা
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
পাক-ভাৰত সীমান্তৰ পৰা ১৫ পাকিস্তানী মাছমৰীয়াক আটক
'বিশ্ব অর্থনীতিৰ প্ৰৱাহ সলনি কৰিব পৰা শক্তিৰ অধিকাৰী হৈছে ভাৰত', 'ইক 'নমিক টাইম'ৰ ৱৰ্ল্ড লীডাৰ্ছ ফ'ৰামত প্ৰধানমন্ত্ৰীৰ দাবী
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়