--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজস্থানৰ জয়পুৰত এক কৰুণ ঘটনা সংঘটিত হয়। কৰৱাচৌথৰ দিনাই এহাল পতি-পত্নীৰ আত্মহত্যা। স্বামীৰ দীৰ্ঘ আয়ুস কামনা কৰি দিনটো পত্নী ব্যস্ত আছিল কৰৱাচৌথ পালন কৰাত। ৰাখিছিল ব্ৰত কিন্তু সেইদিনাই স্বামী দেৰিকৈ আহিল ঘৰলৈ। ইয়াকে লৈ পত্নীৰ প্ৰচণ্ড খং উঠে আৰু স্বামীৰ সৈতে কথাৰ কটাকটি হয়। এসময়ত গৈ তৰ্কাতৰ্কিয়ে কাজিয়াৰ চূড়ান্ত ৰূপ পায়। এই কাজিয়াৰ বাবেই দুয়ো আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত গ্ৰহণ কৰে।

হৰমাদা থানা এলেকাৰ নংগল ছিৰাছ গাঁৱত সংঘটিত হৈছে এই ঘটনা। নেটৱৰ্ক মাৰ্কেটিং কোম্পানীত কাম কৰা ঘনশ্যাম ৱেভাৰে (৩৮ বছৰ) কৰৱাচৌথৰ নিশা ঘৰলৈ পলমকৈ অহাৰ বাবে খং উঠিছিল তেওঁৰ পত্নী মণিকাৰ (৩৫ বছৰ)। ইয়াৰ পিছত দুয়োৰে মাজত কাজিয়া হয় আৰু মণিকা ঘৰৰ পৰা ওলাই যায়। ইয়াৰ পিছত ঘনশ্যামে মণিকাক পতিয়ন নিয়াবলৈ মণিকাৰ পিছে পিছে দৌৰি যায়। কিন্তু মণিকাই ঘনশ্যামৰ চকুৰ সন্মুখতে ৰে’লৰ সন্মুখত জপিয়াই আত্মহত্যা কৰে।

ৰে’লপথত পত্নীৰ অংগচ্ছেদ হোৱা মৃতদেহ দেখি স্বামীয়ে নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে। তেঁৱো আত্মহত্যা কৰাৰ সিদ্ধান্ত লৈ ঘৰলৈ আহে আৰু মণিকাৰ শাৰীৰে চিপ লৈ আত্মহত্যা কৰে। আত্মহত্যা কৰাৰ আগতে ঘনশ্যামে হোৱাটছএপত ডাঙৰ ভায়েকলৈ এখন ছুইচাইড নোট পঠিয়াই লিখিছিল, "ভাই, মই হাৰি গ’লো, ছ’ৰী! ট্ৰেইনৰ আগত পৰি মোৰ পত্নীয়ে আত্মহত্যা কৰিলে। ময়ো আৰু জীয়াই নাথাকোঁ।" এইখিনি লিখি তেওঁ নিজেই মৃত্যুক আঁকোৱালি লৈছিল।

ভায়েকে এই আত্মহত্যাৰ বাৰ্তা পোৱাৰ সময়লৈকে ঘনশ্যামে জীৱন শেষ কৰি পেলাইছিল। সামান্য ঘটনাৰ পৰা ইমান ডাঙৰ কাণ্ড সংঘটিত হোৱাত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে। খং নিয়ন্ত্ৰণ নকৰিলে কিহৰ পৰা কি হৈ যায় সেয়া এই ঘটনাৰ পৰাই বুজিব পাৰি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ