--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজস্থানৰ জয়পুৰত এক কৰুণ ঘটনা সংঘটিত হয়। কৰৱাচৌথৰ দিনাই এহাল পতি-পত্নীৰ আত্মহত্যা। স্বামীৰ দীৰ্ঘ আয়ুস কামনা কৰি দিনটো পত্নী ব্যস্ত আছিল কৰৱাচৌথ পালন কৰাত। ৰাখিছিল ব্ৰত কিন্তু সেইদিনাই স্বামী দেৰিকৈ আহিল ঘৰলৈ। ইয়াকে লৈ পত্নীৰ প্ৰচণ্ড খং উঠে আৰু স্বামীৰ সৈতে কথাৰ কটাকটি হয়। এসময়ত গৈ তৰ্কাতৰ্কিয়ে কাজিয়াৰ চূড়ান্ত ৰূপ পায়। এই কাজিয়াৰ বাবেই দুয়ো আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত গ্ৰহণ কৰে।

হৰমাদা থানা এলেকাৰ নংগল ছিৰাছ গাঁৱত সংঘটিত হৈছে এই ঘটনা। নেটৱৰ্ক মাৰ্কেটিং কোম্পানীত কাম কৰা ঘনশ্যাম ৱেভাৰে (৩৮ বছৰ) কৰৱাচৌথৰ নিশা ঘৰলৈ পলমকৈ অহাৰ বাবে খং উঠিছিল তেওঁৰ পত্নী মণিকাৰ (৩৫ বছৰ)। ইয়াৰ পিছত দুয়োৰে মাজত কাজিয়া হয় আৰু মণিকা ঘৰৰ পৰা ওলাই যায়। ইয়াৰ পিছত ঘনশ্যামে মণিকাক পতিয়ন নিয়াবলৈ মণিকাৰ পিছে পিছে দৌৰি যায়। কিন্তু মণিকাই ঘনশ্যামৰ চকুৰ সন্মুখতে ৰে’লৰ সন্মুখত জপিয়াই আত্মহত্যা কৰে।

ৰে’লপথত পত্নীৰ অংগচ্ছেদ হোৱা মৃতদেহ দেখি স্বামীয়ে নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে। তেঁৱো আত্মহত্যা কৰাৰ সিদ্ধান্ত লৈ ঘৰলৈ আহে আৰু মণিকাৰ শাৰীৰে চিপ লৈ আত্মহত্যা কৰে। আত্মহত্যা কৰাৰ আগতে ঘনশ্যামে হোৱাটছএপত ডাঙৰ ভায়েকলৈ এখন ছুইচাইড নোট পঠিয়াই লিখিছিল, "ভাই, মই হাৰি গ’লো, ছ’ৰী! ট্ৰেইনৰ আগত পৰি মোৰ পত্নীয়ে আত্মহত্যা কৰিলে। ময়ো আৰু জীয়াই নাথাকোঁ।" এইখিনি লিখি তেওঁ নিজেই মৃত্যুক আঁকোৱালি লৈছিল।

ভায়েকে এই আত্মহত্যাৰ বাৰ্তা পোৱাৰ সময়লৈকে ঘনশ্যামে জীৱন শেষ কৰি পেলাইছিল। সামান্য ঘটনাৰ পৰা ইমান ডাঙৰ কাণ্ড সংঘটিত হোৱাত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে। খং নিয়ন্ত্ৰণ নকৰিলে কিহৰ পৰা কি হৈ যায় সেয়া এই ঘটনাৰ পৰাই বুজিব পাৰি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post