--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলিত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ সামৰণি পৰিবলৈ মাজত আৰু এটা দিন বাকী আছে৷ অহা ১৪ ফেব্ৰুৱাৰীত হাল্ডিৱানীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত উত্তৰাখণ্ড ৰাষ্ট্ৰীয় ক্ৰীড়াৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হ’ব৷ অৱশ্যে প্ৰতিযোগিতাৰ বাকী থকা খেলসমুহৰ ফাইনেল বৃহস্পতিবাৰে অনুষ্ঠিত হ’ব৷ কাৰ্যতঃ কাইলৈয়ে প্ৰথমবাৰৰ বাবে দেৱভূমিত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় ক্ৰীড়া সমাপ্ত হ’ব৷

ইফালে, অসমে চলিত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ অন্তিম দিনাও পদক জয়ৰ আশাৰে নেটবলৰ প্ৰতিযোগিতাত অংশ ল’ব৷ অসমৰ মহিলা নেটবল দলে ইতিহাস ৰছনা কৰি প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় ক্ৰীড়াত পদক অৰ্জন কৰাৰ পাছত ৰাজ্যৰ মিক্সড দলটোৱেও অন্তিম দিনা পদক দখলৰ আশা সজীৱ কৰি তুলিছে৷ উল্লেখ্য যে আজিৰে পৰা আৰম্ভ হৈছে নেটবলৰ অন্তিমটো ইভেণ্ট মিক্সড শাখাৰ গ্ৰুপৰ খেল৷

আজি অসমে গ্ৰুপৰ প্ৰথম মেচত তেলেংগনাৰ মুখামুখি হয় যদিও ২৬-১৪ৰ ব্যৱধানত পৰাজয়ৰ সন্মুখীন হয়৷ এই গ্ৰুপৰ বাকী দুটা দল হ’ল কৰ্ণাটক আৰু আয়োজক ৰাজ্য উত্তৰাখণ্ড৷ প্ৰথম মেচৰ পৰাজয়ৰ পাছতো অসমে শক্তিশালী প্ৰত্যাৱৰ্তন কৰি দ্বিতীয় মেচত তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত কৰ্ণাটকক ৩০-২৮ৰ ব্যৱধানত পৰাস্ত কৰে৷ কাইলৈ পুৱা অসমে অন্তিম গ্ৰুপ মেচখন উত্তৰাখণ্ডৰ বিৰুদ্ধে খেলিব৷ মৰণপন মেচথনত যদি অসম জয়ী হয় তেন্তে ছেমিফাইনেললৈ যোগ্যতা অৰ্জন কৰিব৷

উল্লেখ্য যে উত্তৰাখণ্ড আজি হোৱা উভয় মেচতে তেলেংগনা আৰু কৰ্ণাটকৰ বিৰুদ্ধে পৰাস্ত হৈছে৷ দুখন মেচত জয়ৰে তেলেংগনাৰ ছেমিফাইনেলত স্থান নিশ্চিতও হৈছে৷ এই গ্ৰুপৰ কাইলৈ আনখন খেলত তেলেংগনাই খেলিব কৰ্ণাটকৰ বিৰুদ্ধে৷ কাইলৈ কৰ্ণাটক জয় হ’লেও যিহেতু অসমৰ বিৰুদ্ধে পৰাস্ত হৈছে সেয়ে অসমে উত্তৰাখণ্ডৰ বিৰুদ্ধে জয়ী হ’লে সমান পইণ্টৰ সমীকৰণত তেলেংগনাৰ লগত দ্বিতীয়টো দল হিচাপে অসমে ছেমিফাইনেলত প্ৰৱেশ কৰিব৷

বিপৰীতে অসম আৰু কৰ্ণাটক দূয়োটা দল পৰাস্ত হ’লে অসমৰ সুযোগ নাথাকে৷ তেতিয়া উত্তৰাখণ্ড আৰু কৰ্ণাটকৰ মাজত পইণ্টৰ গড় হিচাপ নিৰ্ণয় কৰি ছেমিফাইনেলৰ দলটো নিৰ্বাচন কৰা হ’ব৷ উল্লেখ্য যে চলিত ৰাষ্ট্ৰীয় ক্ৰীড়াত কালি অসমৰ মহিলা নেটবল দলে তৃতীয় স্থান নিৰ্ণয়কাৰী মেচখনত পঞ্জাৱৰ লগত ২৩-২৩ত ড্ৰ খেলি ব্ৰঞ্জৰ পদক লাভ কৰিছিল৷ এই সফলতাৰে অসমে তিনিটা সোণ, ১৫টা ৰূপ আৰু ১৬টা ব্ৰঞ্জসহ ৩৪টা পদক লাভ কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ