--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমৰ মহিলা নেটবল দলে ইতিহাস ৰচনা কৰি প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় ক্ৰীড়াত পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে৷ উত্তৰাখণ্ডত চলি থকা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত আজি অসমৰ মহিলা নেটবল দলে ব্ৰঞ্জ লাভ কৰে৷ পঞ্জাৱৰ বিৰুদ্ধে খেলা তৃতীয় স্থান নিৰ্ণয়কাৰী মেচখন নিৰ্ধাৰিত সময়ত ২৩-২৩ ত সমাপ্ত হোৱাত উভয় দলকে ব্ৰঞ্জৰ পদক দিয়া হয়৷ এই সফলতাৰে চলিত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমৰ পদকৰ সংখ্যা ৩৪ লৈ বৃদ্ধি পাইছে৷ তিনিটা সোণ, ১৫টা ৰূপ আৰু ১৬টা ব্ৰঞ্জ লাভ কৰিছে অসমে৷

উল্লেখ্য যে অসমৰ বাহিৰত হোৱা ৰাষ্ট্ৰীয় ক্ৰীড়াত নেটবলত এইটোৱে অসমৰ প্ৰথম পদক জয়ৰ সফলতা৷ আনহাতে, ৰাষ্ট্ৰীয় ক্ৰীড়াত নেটবলত অসমৰ মহিলাৰ এয়া প্ৰথম পদক অৰ্জন৷ আচলতে ৰাষ্ট্ৰীয় ক্ৰীড়াৰ নেটবলত অসমে ইয়াৰপূৰ্বে যোগ্যতাই অৰ্জন কৰা নাছিল৷ ২০০৭ত গুৱাহাটীত হোৱা ৩৩ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমৰ পুৰুষ আৰু মহিলা দলে আয়োজক ৰাজ্য হোৱা সূত্ৰে নেটবল খেলিছিল৷ অসমৰ পুৰুষ দলে পদকো লাভ কৰিছিল৷ কিন্তু তাৰপাছত যোৱা চাৰিখন ৰাষ্ট্ৰীয় ক্ৰীড়ালৈ ৰাজ্যৰ নেটবল দলে যোগ্যতা অৰ্জনত বিফল হৈছিল৷

এইবাৰ ৩৮ সংখ্যক উত্তৰাখণ্ড ৰাষ্ট্ৰীয় ক্ৰীড়ালৈ অসমৰ মহিলা নেটবল দলে ইতিহাস গঢ়ি যোগ্যতা অৰ্জন কৰে আৰু আজি পদক জয় কৰি চিৰস্মৰণীয় গৌৰৱৰো অধিকাৰী হ’ল৷ উল্লেখ্য যে গ্ৰুপত অপৰাজেয় হৈ ছেমিফাইনেলত প্ৰৱেশ কৰিছিল অসমৰ মহিলা দলটোৱে৷ কালি প্ৰথমখন মেচত অসমে ৰেংকিঙৰ শীৰ্ষ দল পঞ্জাৱৰ মহিলাক ২৬-১৮ ৰ ব্যৱধানত পৰাস্ত কৰি চমকপ্ৰদ আৰম্ভনি কৰাৰ পাছত আবেলি গ্ৰুপৰ দ্বিতীয় মেচখনত ২৬-১৬ ৰ ব্যৱধানত কৰ্ণাটকক পৰাস্ত কৰি এখন মেচ খেলিবলৈ বাকী থাকোতেই ছেমিফাইনেলত স্থান নিশ্চিত কৰিবলৈ সক্ষম হয়৷

আজি অন্তিম গ্ৰুপ মেচখনত অসমে দিল্লীক ৩০-২৯ত পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰে৷ কিন্তু ছেমিফাইনেলত দলৰ জয়যাত্ৰা সমাপ্ত হয়৷ আনটো গ্ৰুপৰ দ্বিতীয় স্থানৰ দল তেলেংগনাৰ বিৰুদ্ধে ২৯-২৪ৰ ব্যৱধানত পৰাস্ত হয় অসমৰ মহিলা দলটো৷ এই ব্যৰ্থতাৰ পাছত তৃতীয় স্থানৰ নকআউট মেচখনত পঞ্জাৱৰ বিৰুদ্ধে খেলি শ্বাসৰুদ্ধ খেলত ড্ৰৰে ব্ৰঞ্জৰ পদক লাভ কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ