--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমৰ মহিলা নেটবল দলে ইতিহাস ৰচনা কৰি প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় ক্ৰীড়াত পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে৷ উত্তৰাখণ্ডত চলি থকা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত আজি অসমৰ মহিলা নেটবল দলে ব্ৰঞ্জ লাভ কৰে৷ পঞ্জাৱৰ বিৰুদ্ধে খেলা তৃতীয় স্থান নিৰ্ণয়কাৰী মেচখন নিৰ্ধাৰিত সময়ত ২৩-২৩ ত সমাপ্ত হোৱাত উভয় দলকে ব্ৰঞ্জৰ পদক দিয়া হয়৷ এই সফলতাৰে চলিত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমৰ পদকৰ সংখ্যা ৩৪ লৈ বৃদ্ধি পাইছে৷ তিনিটা সোণ, ১৫টা ৰূপ আৰু ১৬টা ব্ৰঞ্জ লাভ কৰিছে অসমে৷

উল্লেখ্য যে অসমৰ বাহিৰত হোৱা ৰাষ্ট্ৰীয় ক্ৰীড়াত নেটবলত এইটোৱে অসমৰ প্ৰথম পদক জয়ৰ সফলতা৷ আনহাতে, ৰাষ্ট্ৰীয় ক্ৰীড়াত নেটবলত অসমৰ মহিলাৰ এয়া প্ৰথম পদক অৰ্জন৷ আচলতে ৰাষ্ট্ৰীয় ক্ৰীড়াৰ নেটবলত অসমে ইয়াৰপূৰ্বে যোগ্যতাই অৰ্জন কৰা নাছিল৷ ২০০৭ত গুৱাহাটীত হোৱা ৩৩ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমৰ পুৰুষ আৰু মহিলা দলে আয়োজক ৰাজ্য হোৱা সূত্ৰে নেটবল খেলিছিল৷ অসমৰ পুৰুষ দলে পদকো লাভ কৰিছিল৷ কিন্তু তাৰপাছত যোৱা চাৰিখন ৰাষ্ট্ৰীয় ক্ৰীড়ালৈ ৰাজ্যৰ নেটবল দলে যোগ্যতা অৰ্জনত বিফল হৈছিল৷

এইবাৰ ৩৮ সংখ্যক উত্তৰাখণ্ড ৰাষ্ট্ৰীয় ক্ৰীড়ালৈ অসমৰ মহিলা নেটবল দলে ইতিহাস গঢ়ি যোগ্যতা অৰ্জন কৰে আৰু আজি পদক জয় কৰি চিৰস্মৰণীয় গৌৰৱৰো অধিকাৰী হ’ল৷ উল্লেখ্য যে গ্ৰুপত অপৰাজেয় হৈ ছেমিফাইনেলত প্ৰৱেশ কৰিছিল অসমৰ মহিলা দলটোৱে৷ কালি প্ৰথমখন মেচত অসমে ৰেংকিঙৰ শীৰ্ষ দল পঞ্জাৱৰ মহিলাক ২৬-১৮ ৰ ব্যৱধানত পৰাস্ত কৰি চমকপ্ৰদ আৰম্ভনি কৰাৰ পাছত আবেলি গ্ৰুপৰ দ্বিতীয় মেচখনত ২৬-১৬ ৰ ব্যৱধানত কৰ্ণাটকক পৰাস্ত কৰি এখন মেচ খেলিবলৈ বাকী থাকোতেই ছেমিফাইনেলত স্থান নিশ্চিত কৰিবলৈ সক্ষম হয়৷

আজি অন্তিম গ্ৰুপ মেচখনত অসমে দিল্লীক ৩০-২৯ত পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰে৷ কিন্তু ছেমিফাইনেলত দলৰ জয়যাত্ৰা সমাপ্ত হয়৷ আনটো গ্ৰুপৰ দ্বিতীয় স্থানৰ দল তেলেংগনাৰ বিৰুদ্ধে ২৯-২৪ৰ ব্যৱধানত পৰাস্ত হয় অসমৰ মহিলা দলটো৷ এই ব্যৰ্থতাৰ পাছত তৃতীয় স্থানৰ নকআউট মেচখনত পঞ্জাৱৰ বিৰুদ্ধে খেলি শ্বাসৰুদ্ধ খেলত ড্ৰৰে ব্ৰঞ্জৰ পদক লাভ কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post