--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বেংকক ৰেপিড দবা চেম্পিয়নশ্বিপত অসম সন্তানৰ সাফল্য। ১২ বছৰ অনুৰ্ধৰ শাখাত ৰূপৰ পদক লাভ কৰে গুৱাহাটীৰ বিৰাজ ছাৰাউগীয়ে। প্ৰতিযোগিতাখনত সাতখন দেশৰ প্ৰায় ২৫০ গৰাকী অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰে।
Viraj Sarawgi.
পঞ্চম শ্ৰেণীৰ ১০ বছৰীয়া ছাত্ৰ বিৰাজে ৬টা ৰাউণ্ডৰ ভিতৰত ৫.৫ পইণ্ট লাভ কৰে। উল্লেখযোগ্য যে তেওঁ ৰেটিংহীন খেলুৱৈ হিচাপে চেম্পিয়নশ্বিপত প্ৰৱেশ কৰিছিল যদিও এফআইডিই ৰেটিং পোৱা দুজন অভিজ্ঞ প্ৰতিদ্বন্দ্বী ক্ৰমে কুলটুংকিজছাৰী পূম (১৫০২) আৰু জুনটংজিন প্ৰিন (১৪৯৬)ক পৰাস্ত কৰিবলৈ সক্ষম হয়। 

অয়ন মুখাৰ্জীৰ (১৫৯৬) লগত প্ৰতিদ্বন্দ্বিতা কৰি পৰাস্ত হয় বিৰাজ। প্ৰতিযোগিতাখনৰ চেম্পিয়ন হয় অয়ন মুখাৰ্জী আৰু ৰূপৰ পদক অৰ্জন কৰে বিৰাজ ছাৰাউগীয়ে।

বিৰাজৰ সফলতাই তেওঁৰ কৌশলগত দক্ষতা আৰু প্ৰতিযোগিতামূলক মনোভাৱক উজ্জ্বল কৰি তুলিছিল। প্ৰশিক্ষক দুৰ্গা নাগেশ গুট্টুলা আৰু শ্ৰীকান্ত মাল্লাদীৰ প্ৰশিক্ষণত এই সাফল্য অৰ্জন কৰিবলৈ সক্ষম হয় বিৰাজে।

বিৰাজে আগষ্ট মাহত অনুষ্ঠিত হ’বলগীয়া আবুধাবি জুনিয়ৰ দবা চেম্পিয়নশ্বিপত নিজৰ অগ্ৰগতি অব্যাহত ৰখাৰ চেষ্টা কৰিব বুলি জানিবলৈ দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post