--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বেংকক ৰেপিড দবা চেম্পিয়নশ্বিপত অসম সন্তানৰ সাফল্য। ১২ বছৰ অনুৰ্ধৰ শাখাত ৰূপৰ পদক লাভ কৰে গুৱাহাটীৰ বিৰাজ ছাৰাউগীয়ে। প্ৰতিযোগিতাখনত সাতখন দেশৰ প্ৰায় ২৫০ গৰাকী অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰে।
Viraj Sarawgi.
পঞ্চম শ্ৰেণীৰ ১০ বছৰীয়া ছাত্ৰ বিৰাজে ৬টা ৰাউণ্ডৰ ভিতৰত ৫.৫ পইণ্ট লাভ কৰে। উল্লেখযোগ্য যে তেওঁ ৰেটিংহীন খেলুৱৈ হিচাপে চেম্পিয়নশ্বিপত প্ৰৱেশ কৰিছিল যদিও এফআইডিই ৰেটিং পোৱা দুজন অভিজ্ঞ প্ৰতিদ্বন্দ্বী ক্ৰমে কুলটুংকিজছাৰী পূম (১৫০২) আৰু জুনটংজিন প্ৰিন (১৪৯৬)ক পৰাস্ত কৰিবলৈ সক্ষম হয়। 

অয়ন মুখাৰ্জীৰ (১৫৯৬) লগত প্ৰতিদ্বন্দ্বিতা কৰি পৰাস্ত হয় বিৰাজ। প্ৰতিযোগিতাখনৰ চেম্পিয়ন হয় অয়ন মুখাৰ্জী আৰু ৰূপৰ পদক অৰ্জন কৰে বিৰাজ ছাৰাউগীয়ে।

বিৰাজৰ সফলতাই তেওঁৰ কৌশলগত দক্ষতা আৰু প্ৰতিযোগিতামূলক মনোভাৱক উজ্জ্বল কৰি তুলিছিল। প্ৰশিক্ষক দুৰ্গা নাগেশ গুট্টুলা আৰু শ্ৰীকান্ত মাল্লাদীৰ প্ৰশিক্ষণত এই সাফল্য অৰ্জন কৰিবলৈ সক্ষম হয় বিৰাজে।

বিৰাজে আগষ্ট মাহত অনুষ্ঠিত হ’বলগীয়া আবুধাবি জুনিয়ৰ দবা চেম্পিয়নশ্বিপত নিজৰ অগ্ৰগতি অব্যাহত ৰখাৰ চেষ্টা কৰিব বুলি জানিবলৈ দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ