--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : অসমৰ নৱাগত মহিলা ভাৰোত্তোলক আইছাংফা গগৈয়ে কেৰিয়াৰৰ প্ৰথমখন স্বীকৃতি ৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন ৰাষ্ট্ৰীয় অভিলেখ গঢ়ি চলিত সপ্তম খেল' ইণ্ডিয়া যুৱ ক্রীড়াত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। বিহাৰৰ ৰাজগিৰত অনুষ্ঠিত প্রতিযোগিতাৰ দেওবাৰে ছোৱালীৰ ৫৫ কিল'গ্রাম শাখাত আইছাংফাই স্নেছত ৮১ কেজি আৰু ক্লিন এণ্ড জার্কত ১০২ কেজি ওজন উত্তোলন কৰি সোণ অৰ্জনৰ লগতে দুটাকৈ অভিলেখো ভংগ কৰে। 

অসম কন্যাই স্নেছত ৮১ কেজি উত্তোলন কৰি প্ৰথমটো ৰাষ্ট্ৰীয় অভিলেখ গঢ়াৰ পাছত সামগ্রিকভাৱে মুঠ ১৮৩ কেজি উত্তোলন কৰিও নতুন ৰাষ্ট্ৰীয় অভিলেখ নিজৰ নামত লিপিবদ্ধ কৰিবলৈ সক্ষম হয়। ইফালে, আইছাংফাৰ স্বৰ্ণৰে অসমেও খেল' ইণ্ডিয়া যুৱ ক্রীড়াত সোণ জয়ৰ নতুন অভিলেখ গঢ়ে। চলিত প্রতিযোগিতাত এয়া অসমৰ ষষ্ঠটো সোণ হোৱাৰ বিপৰীতে বাহিৰত হোৱা খেল' ইণ্ডিয়া যুব ক্রীড়াত এয়াই অসমৰ সৰ্বাধিক স্বর্ণ জয়ৰ সাফল্য। ইয়াৰ পূর্বে যোৱা বছৰ তামিলনাডুত অসমে পাঁচটা সোণ লাভ কৰিছিল। অৱশ্যে গুৱাহাটীত হোৱা তৃতীয় খেল' ইণ্ডিয়া যুৱ ক্রীড়াত আয়োজক অসমে মুঠ ২০টা সোণ অর্জন কৰিছিল। 

আইছাংফাৰ সোণৰ লগতে  ভাৰোত্তোলনত অসমে আৰু এটা ৰূপ জয় কৰি এতিয়ালৈকে মুঠ দহটা পদক লাভ কৰিবলৈ সক্ষম হৈছে। ল'ৰাৰ ৬৭ কিল'গ্রাম শাখাত ৰূপৰ পদক অর্জন কৰে অসম সন্তান অভিনৱ গগৈয়ে। ভাৰোত্তোলনত এয়া অসমৰ তৃতীয়টো পদক। অভিনৱে স্নেছত ১১৬ কেজি আৰু ক্লিন এণ্ড জার্কত ১৩৫ কেজি ওজন উত্তোলন কৰে। তেওঁ ক্লিন এণ্ড জাৰ্কৰ প্ৰথমটো প্রয়াসতে ১৩৫ কেজি উত্তোলন কৰাৰ পাছত ১৪২ কেজিৰ লক্ষ্য লৈছিল যদিও পৰৱৰ্তী দুয়ো বাৰে ব্যর্থ হয়। কিন্তু আজি ৰাজগিৰিত সকলোকে চমক দিয়ে নৱাগতা আইছাংফাই। 

দৃঢ়তা প্রদর্শন কৰা অসম কন্যাই স্নেছৰ তিনিটা প্রয়াসতে ক্রমে ৭৫, ৭৯ আৰু অভিলেখৰ ৮১ কেজি সফলতাৰে উত্তোলন কৰাৰ পাছত ক্লিন এণ্ড জার্কৰ তিনিওটা প্রয়াসতো সফলতা লাভ কৰি ক্রমে ৯৫, ৯৯ আৰু ১০২ কেজি ওজন উত্তোলন কৰে। উল্লেখযোগ্য যে বিগত বর্ষব খেল' ইণ্ডিয়া যুৱ ক্রীড়াৰ ভাৰোত্তোলনত অসমে তিনিটা পদক পাইছিল যদিও সোণ নাছিল। আইছাংফাইৰ জৰিয়তে এইবাৰ অসমে ভাৰোত্তোলনত প্রথমটো স্বর্ণ জয় কৰিলে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ