--°C
Loading...
Advertisement
Listen to Article
3 min read
80%

In Short

  • ৩ জুলাইৰ পৰা ৫ জুলাইলৈ 'চিকাগো মেৰিয়ট অ'ক ব্রুক' হোটেলত এইবৰ্ষৰ অভিৱৰ্তন অনুষ্ঠিত হ'ব। সম্পূৰ্ণ চৈধ্য বছৰৰ মূৰত চিকাগো চহৰত অনুষ্ঠিত হ'ব অসম অভিৱৰ্তন।

ডিজিটেল ডেস্ক : সপোনৰ পমখেদি সাত সাগৰ তেৰ নদীৰ সিপাৰত হেঁপাহৰ ঘৰ সাজে প্রৱাসী অসমীয়াই। নিজ মাতৃভূমিৰ পৰা শতযোজন দূৰত থাকিও নিজৰ শিপা খামুচি ধৰি ৰখাৰ অবিৰত প্ৰয়াস বিদেশত থকা প্ৰতিগৰাকী অসমীয়াৰ।


নিজৰ ভাষা-কৃষ্টি-সংস্কৃতিৰ প্ৰতি থকা অগাধ ভালপোৱাৰ বাবে চেষ্টা কৰে নৱপ্ৰজন্মক নিজ সংস্কৃতি তথা সাহিত্যৰ সৈতে চিনাকি কৰি দিয়াৰ। এই উদ্দেশ্যৰেই প্ৰতিবছৰে উত্তৰ আমেৰিকাত বসবাস কৰা প্ৰৱাসী অসমীয়াসকলে আয়োজন কৰি আহিছে অসম অভিৱর্তন। আমেৰিকা আৰু কানাডাৰ বিভিন্ন ৰাজ্যত প্রত্যেক বছৰে আয়োজন কৰা অসম অভিৱৰ্তনত উত্তৰ আমেৰিকাৰ বিভিন্ন প্রান্তত সিঁচৰতি হৈ থকা সকলো অসমীয়াই একগোট হৈ বিদেশৰ বুকুত গায় অসমী আইৰ জয়গান। এইবাৰ আমেৰিকাৰ চিকাগো চহৰত আয়োজন কৰা হৈছে অসম অভিৱর্তন, ২০২৫।


৩ জুলাইৰ পৰা ৫ জুলাইলৈ 'চিকাগো মেৰিয়ট অ'ক ব্রুক' হোটেলত এইবৰ্ষৰ অভিৱৰ্তন অনুষ্ঠিত হ'ব। সম্পূৰ্ণ চৈধ্য বছৰৰ মূৰত চিকাগো চহৰত অনুষ্ঠিত হ'ব অসম অভিৱৰ্তন। ইয়াৰ পূৰ্বে ২০১১ চনত চিকাগোত অসম অভিৱর্তন অনুষ্ঠিত হৈছিল। ২০২৫ বৰ্ষৰ অসম অভিৱৰ্তনৰ প্ৰস্তুতি তুংগত। এইবাৰৰ সাংস্কৃতিক অনুষ্ঠানৰ বাবে আমন্ত্রণ জনোৱা হৈছে সংগীত শিল্পী পাপন আৰু দীপলিনা ডেকাক। লগতে উপস্থিত থাকিব মোহময়ী অভিনেত্ৰী বৰষা ৰাণী বিষয়া। ৪ জুলাইত দীপলিনা ডেকাই আৰু ৫ জুলাইত পাপনে গীত পৰিবেশন কৰিব। বৰষা ৰাণী বিষয়াই এক দলীয় নৃত্যত অংশগ্ৰহণ কৰাৰ লগতে এক বিহু নাচৰ কর্মশালাতো অংশ ল'ব। দলীয় নৃত্যত বৰষা ৰাণীক সহযোগ কৰিব উদ্যোক্তা কমিটীৰ যুৱতীসকলে।


সমান্তৰালভাৱে বিদেশত বৰষাৰ বিহু শিকিবলৈ আগ্রহী নৱপ্ৰজন্মৰ লগতে অগ্রজসকলো। অসমীয়া পাট-মুগাক যাতে বিশ্ব দৰবাৰত চিনাকি কৰি দিব পাৰি সেই উদ্দেশ্য আগত ৰাখি অসম অভিৱৰ্তনত প্রত্যেক বছৰেই ফেশ্বন শ্ব'ৰো আয়োজন কৰি অহা হৈছে। অসমৰ পৰা আমন্ত্রিত ফেশ্বন ডিজাইনাৰৰ লগতে আমেৰিকাৰ প্রৱাসী অসমীয়া ডিজাইনাৰে প্ৰস্তুত কৰা সাজপাৰৰ ফেশ্বন শ্ব' অভিৱৰ্তনৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু। ২০২৫ বৰ্ষৰ ফেশ্বন শ্ব'ৰ বাবে অসমৰ পৰা আমন্ত্ৰণ কৰা হৈছে কেইবাগৰাকীও বিখ্যাত ডিজাইনাৰক। ৪ জুলাইত মিত্রাণী কাকতী আৰু অনুৰাধা কুলিৰ ফেশ্বন শ্ব'ত শ্ব'ষ্টপাৰ হিচাপে ৰেম্পত খোজ কাঢ়িব ক্ৰমে বৰষা ৰাণী বিষয়া আৰু দীপলিনা ডেকাই।


৫ জুলাইত অনুষ্ঠিত হ'ব ডিজাইনাৰ সংযুক্তা দত্তৰ 'ব্লেক থী' ফেশ্বন শ্ব'। তিনিওগৰাকী ডিজাইনাৰৰ সাজপাৰ পিন্ধি ৰেম্পৱাক কৰিবলৈ আগ্ৰহেৰে ৰৈ আছে উত্তৰ আমেৰিকাৰ কিশোৰীৰ লগতে মহিলাসকল। শিশুসকলৰ বাবে অসম অভিৱৰ্তনত কোৰাছ আৰু চিত্রাংকণ প্রতিযোগিতাৰ লগতে আয়োজন কৰা হৈছে কুইজ প্রতিযোগিতাৰো। লগতে কণমানিহঁতৰ বাবে অসমৰ বিভিন্ন জনগোষ্ঠীয় সাজপাৰ পিন্ধি প্ৰদৰ্শন কৰাৰো বিশেষ অনুষ্ঠান ৰখা হৈছে। অন্যান্য শিতানত হুঁচৰি, কোৰাছ প্রতিযোগিতাৰ লগতে আছে বিভিন্ন নৃত্য-গীতৰ মনোমোহা সাংস্কৃতিক অনুষ্ঠান।


গীত, নৃত্য, ফেশ্বন শ্ব'ৰ উপৰি চিকাগোত আয়োজিত এইবাৰৰ অভিৱৰ্তনৰ অন্যতম ব্যতিক্রমী পদক্ষেপ হৈছে 'Invest in Assam' শীর্ষক বিশেষ আলোচনা-চক্র। য'ত মুখ্য বক্তা হিচাপে উপস্থিত থাকিব অসমৰ অন্যতম উদ্যোগী তথা 'প্রাগ নিউজ'ৰ স্বত্বাধিকাৰী ড° সঞ্জীৱ নাৰায়ণ। লগতে আমন্ত্রণ জনোৱা হৈছে ছট্টিশগড়ৰ ৰাজ্যপাল ৰমেন ডেকা আৰু আমেৰিকাৰ যুৱ উদ্যোগী চিদ চৌধুৰীক। ইয়াৰ উপৰি বহুকেইজন বিশিষ্ট ব্যক্তিয়ে এই আলোচনা-চক্ৰত অংশগ্রহণ কৰিব।


চিকিৎসকসকলৰ বাবেও আয়োজন কৰা হৈছে বিশেষ আলোচনা-চক্ৰৰ। আমেৰিকাৰ বিভিন্ন ঠাইত কৰ্মৰত চিকিৎসকসকল একেলগে মিলিত হৈ স্বাস্থ্য সম্পর্কীয় বিভিন্ন পৰামৰ্শ আগবঢ়োৱাৰ লগতে উপস্থিত সকলোৰে প্ৰশ্নৰ উত্তৰো দিব। ইয়াৰ লগতে গোৱালপাৰা সৈনিক স্কুল, যোৰহাট অভিযান্ত্রিক মহাবিদ্যালয় আৰু অসম অভিযান্ত্রিক মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষার্থী সমাৰোহৰো আয়োজন কৰা হৈছে।


উল্লেখযোগ্য যে ৫ জুলাইৰ দিনা পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ জীৱন-ভিত্তিক এখন তথ্যচিত্রও প্রদর্শন কৰা হ'ব। বিগত এবছৰৰ প্ৰস্তুতিৰ অন্তত সকলোকে আদৰণি জনাবলৈ সাজু চিকাগোবাসী অসমীয়া। কাজিৰঙাক মূল বিষয়বস্তু হিচাপে লৈ আয়োজন কৰা অসম অভিৱৰ্তনৰ টেগলাইন হৈছে 'অসমীয়া শিপা, চিকাগোত আপোন সভা।' এতিয়া মাথোঁ অপেক্ষা ৩ জুলাইলৈ। চিকাগোৰ আকাশ-বতাহ মুখৰিত হ'ব জয় আই অসম ধ্বনিৰে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement