--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • প্রায় প্রতি মাহেই দাম বৃদ্ধি পোৱাত এতিয়া নিয়মিত ঔষধ খোৱা লোকসকলৰ মাজত হাহাকাৰ লাগিছে

ডিজিটেল ডেস্কঃ সৰ্বস্তৰৰ জনতাৰ মূৰত ইটোৰ পাছত সিটোকৈ মাধমাৰ শোধাই হোৰাহোৰে বাঢ়িছে ঔষধৰ দাম। বৃদ্ধি হৈছে শিশু খাদ্যৰ দামো।


প্রায় প্রতি মাহেই দাম বৃদ্ধি পোৱাত এতিয়া নিয়মিত ঔষধ খোৱা লোকসকলৰ মাজত হাহাকাৰ লাগিছে। বিশেষকৈ দুখীয়া আৰু মধ্যবিত্ত লোকসকলৰ বাবে জীয়াই থকাটোৱেই সমস্যা হৈ পৰিছে। কিন্তু অতি প্রয়োজনীয় এই ঔষধৰ দাম বৃদ্ধি ৰোধত চূড়ান্তভাবে ব্যর্থ হৈছে চৰকাৰখন।


জানিব পৰা মতে, শেহতীয়াকৈ মধুমেহ, বৃক্কজনিত ৰোগ, বিষ আৰু গেছৰ ঔষধ, এন্টিবায়টিক, এলাৰ্জী ঔষধৰ দাম পুনৰ বৃদ্ধি পাইছে। আনকি ঔষধ ভেদে ১০-ৰ পৰা ৪০ টকা পর্যন্ত দাম বৃদ্ধি পাইছে। পেইন কিলাৰ (বিষৰ) জিৰ'ডল পিৰ দাম এপ্ৰিলত ১১৮ টকা আছিল যদিও জুনত এই দাম ১৩৯ টকালৈ বৃদ্ধি পাইছে। একেদৰেই সকলোৱে ব্যৱহাৰ কৰা গেছৰ দৰব পান ডিৰ দাম ২৩৯ টকা (এপ্রিলত) আছিল যদিও এতিয়া ২৫৪ টকা হৈছেগৈ। পান ৪০-ৰ নামৰ গেছৰ ঔষধবিধৰ দামো ১৭০ টকাৰ পৰা দুটা মাহৰ ভিতৰতে হৈছেগৈ ১৮৯ টকা। পেন্ট'জেকৰ দামো ২০৭ টকাৰ পৰা ২২৫.৯৫ টকালৈ বৃদ্ধি পাইছে।


ইফালে, মেটিয়ন প্লাছ নামৰ এণ্টিবায়টিক দৰবৰ দাম এপ্রিলত ২৩১ টকা আছিল যদিও এতিয়া নতুন দাম হৈছে ২৪৬ টকা। এনছিউৰ ডিৰ দাম ৮৩০ টকাৰ পৰা জুনত হৈছেগৈ ৯২০ টকা, মধুমেহৰ ৰোগীয়ে ব্যৱহাৰ কৰা গ্লাইচিনম এম ৪০-ৰ দাম ১২১ টকাৰ পৰা ১২৯ টকা, এলাৰ্জীৰ ঔষধ এলেগ্রাৰ দাম ২৫১.৭২ টকাৰ পৰা ২৭৫.১১ টকালৈ বৃদ্ধি পাইছে।


শক্তিবর্ধক পানীয় গ্লুকন জিৰ দামো ৪৮ টকাৰ পৰা ৫৬ টকা হৈছেগৈ। ইফালে, জীৱনদায়িনী ঔষধৰ সমানে সমানে শিশু খাদ্যৰ দামো অভাৱনীয়ভাবে বৃদ্ধি পাইছে। তথ্য মতে, শিশু খাদ্য নানৰ (ষ্টেজ ৱান) প্ৰতিটো পেকেটৰ দাম এপ্রিল মাহত ৭৩০ টকা আছিল যদিও জুনত প্রতিটো প্ৰতিটো পেকেটৰ দাম হয়গৈ ৮৩৫ টকা। একেদৰে লেক্টজেন-দুইৰ দাম প্রতিটো পেকেটত ৪৭৫ টকাৰ পৰা এতিয়া বাঢ়ি হৈছেগৈ ৪৮৫ টকা। লেক্টজেন -চাৰিৰ দামো প্রতিটো পেকেটত ৪৬০ টকাৰ পৰা বৃদ্ধি পাই ৪৯০ টকা হৈছেগৈ। সকলোতকৈ অধিক জনপ্রিয় চেৰালেকৰ দামো এপ্রিলত ২৬০ টকা আছিল যদিও এতিয়া হৈছেগৈ ২৯৫ টকা।


আনহাতে, শিশুৰ উপযোগী বিভিন্ন সামগ্রী প্রস্তুত কৰা জনপ্রিয় ব্ৰেণ্ড জনছনৰ সামগ্ৰীত দহ শতাংশকৈ দাম বৃদ্ধি পাইছে। মুঠৰ ওপৰত প্রতি মাহেই এতিয়া ঔষধৰ দাম বৃদ্ধি পোৱাটো এতিয়া এক অলিখিত নিয়ম হৈ পৰিছে। কিন্তু সকলোতকৈ প্ৰয়োজনীয় দৰবৰ দাম বৃদ্ধি ৰোধৰ ক্ষেত্ৰতে চৰকাৰখনে আশ্চর্যজনকভাবে মৌনতা অৱলম্বন কৰিছে। যাৰ ফলত এতিয়া ত্রাহি মধুসুধন সুঁৱৰিছে সাধাৰণ লোকে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ