--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • প্রায় প্রতি মাহেই দাম বৃদ্ধি পোৱাত এতিয়া নিয়মিত ঔষধ খোৱা লোকসকলৰ মাজত হাহাকাৰ লাগিছে

ডিজিটেল ডেস্কঃ সৰ্বস্তৰৰ জনতাৰ মূৰত ইটোৰ পাছত সিটোকৈ মাধমাৰ শোধাই হোৰাহোৰে বাঢ়িছে ঔষধৰ দাম। বৃদ্ধি হৈছে শিশু খাদ্যৰ দামো।


প্রায় প্রতি মাহেই দাম বৃদ্ধি পোৱাত এতিয়া নিয়মিত ঔষধ খোৱা লোকসকলৰ মাজত হাহাকাৰ লাগিছে। বিশেষকৈ দুখীয়া আৰু মধ্যবিত্ত লোকসকলৰ বাবে জীয়াই থকাটোৱেই সমস্যা হৈ পৰিছে। কিন্তু অতি প্রয়োজনীয় এই ঔষধৰ দাম বৃদ্ধি ৰোধত চূড়ান্তভাবে ব্যর্থ হৈছে চৰকাৰখন।


জানিব পৰা মতে, শেহতীয়াকৈ মধুমেহ, বৃক্কজনিত ৰোগ, বিষ আৰু গেছৰ ঔষধ, এন্টিবায়টিক, এলাৰ্জী ঔষধৰ দাম পুনৰ বৃদ্ধি পাইছে। আনকি ঔষধ ভেদে ১০-ৰ পৰা ৪০ টকা পর্যন্ত দাম বৃদ্ধি পাইছে। পেইন কিলাৰ (বিষৰ) জিৰ'ডল পিৰ দাম এপ্ৰিলত ১১৮ টকা আছিল যদিও জুনত এই দাম ১৩৯ টকালৈ বৃদ্ধি পাইছে। একেদৰেই সকলোৱে ব্যৱহাৰ কৰা গেছৰ দৰব পান ডিৰ দাম ২৩৯ টকা (এপ্রিলত) আছিল যদিও এতিয়া ২৫৪ টকা হৈছেগৈ। পান ৪০-ৰ নামৰ গেছৰ ঔষধবিধৰ দামো ১৭০ টকাৰ পৰা দুটা মাহৰ ভিতৰতে হৈছেগৈ ১৮৯ টকা। পেন্ট'জেকৰ দামো ২০৭ টকাৰ পৰা ২২৫.৯৫ টকালৈ বৃদ্ধি পাইছে।


ইফালে, মেটিয়ন প্লাছ নামৰ এণ্টিবায়টিক দৰবৰ দাম এপ্রিলত ২৩১ টকা আছিল যদিও এতিয়া নতুন দাম হৈছে ২৪৬ টকা। এনছিউৰ ডিৰ দাম ৮৩০ টকাৰ পৰা জুনত হৈছেগৈ ৯২০ টকা, মধুমেহৰ ৰোগীয়ে ব্যৱহাৰ কৰা গ্লাইচিনম এম ৪০-ৰ দাম ১২১ টকাৰ পৰা ১২৯ টকা, এলাৰ্জীৰ ঔষধ এলেগ্রাৰ দাম ২৫১.৭২ টকাৰ পৰা ২৭৫.১১ টকালৈ বৃদ্ধি পাইছে।


শক্তিবর্ধক পানীয় গ্লুকন জিৰ দামো ৪৮ টকাৰ পৰা ৫৬ টকা হৈছেগৈ। ইফালে, জীৱনদায়িনী ঔষধৰ সমানে সমানে শিশু খাদ্যৰ দামো অভাৱনীয়ভাবে বৃদ্ধি পাইছে। তথ্য মতে, শিশু খাদ্য নানৰ (ষ্টেজ ৱান) প্ৰতিটো পেকেটৰ দাম এপ্রিল মাহত ৭৩০ টকা আছিল যদিও জুনত প্রতিটো প্ৰতিটো পেকেটৰ দাম হয়গৈ ৮৩৫ টকা। একেদৰে লেক্টজেন-দুইৰ দাম প্রতিটো পেকেটত ৪৭৫ টকাৰ পৰা এতিয়া বাঢ়ি হৈছেগৈ ৪৮৫ টকা। লেক্টজেন -চাৰিৰ দামো প্রতিটো পেকেটত ৪৬০ টকাৰ পৰা বৃদ্ধি পাই ৪৯০ টকা হৈছেগৈ। সকলোতকৈ অধিক জনপ্রিয় চেৰালেকৰ দামো এপ্রিলত ২৬০ টকা আছিল যদিও এতিয়া হৈছেগৈ ২৯৫ টকা।


আনহাতে, শিশুৰ উপযোগী বিভিন্ন সামগ্রী প্রস্তুত কৰা জনপ্রিয় ব্ৰেণ্ড জনছনৰ সামগ্ৰীত দহ শতাংশকৈ দাম বৃদ্ধি পাইছে। মুঠৰ ওপৰত প্রতি মাহেই এতিয়া ঔষধৰ দাম বৃদ্ধি পোৱাটো এতিয়া এক অলিখিত নিয়ম হৈ পৰিছে। কিন্তু সকলোতকৈ প্ৰয়োজনীয় দৰবৰ দাম বৃদ্ধি ৰোধৰ ক্ষেত্ৰতে চৰকাৰখনে আশ্চর্যজনকভাবে মৌনতা অৱলম্বন কৰিছে। যাৰ ফলত এতিয়া ত্রাহি মধুসুধন সুঁৱৰিছে সাধাৰণ লোকে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ