--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • যোৱা পাঁচ বছৰত ৰাজ্য চৰকাৰখনে নতুনকৈ প্রায় এক লাখ সত্তৰ হাজাৰ নিবনুৱা যুৱক-যুৱতীক চৰকাৰী চাকৰি প্ৰদান কৰিছে। ইয়াকে ধৰি আজিৰ তাৰিখত অসমত চৰকাৰী চাকৰিয়ালৰ সংখ্যা প্রায় চাৰে চাৰি লাখৰো অধিক হৈছে।

ডিজিটেল ডেস্ক: ৰাজ্য চৰকাৰে বিভিন্ন বিভাগত কৰ্মৰত অদক্ষ কৰ্মচাৰীসকলক বিদায় দিয়াৰ চিন্তা-চৰ্চা কৰিছে। দুই লাখ নিবনুৱা যুৱক-যুৱতীক নতুনকৈ চৰকাৰী চাকৰি দিয়াৰ বাবেই ৰাজ্য চৰকাৰখনে অদক্ষ কৰ্মচাৰীসকলক ভি আৰ এছ (স্বেচ্ছামূলক অৱসৰ) দিয়াৰ কথা ভাবিছে। 


দিছপুৰৰ এটা শীর্ষ সূত্রই এই কথা জানিবলৈ দি প্রকাশ কৰা মতে শীঘ্রেই প্রতিটো বিভাগতে থকা অদক্ষ আৰু অপ্রয়োজনীয় কৰ্মচাৰীৰ তালিকা প্রস্তুত কৰাৰ বাবে বিভাগৰ শীৰ্ষ বিষয়াসকলক নির্দেশ দিয়া হ'ব। বিষয়াসকলে দিয়া তালিকাৰ ভিত্তিতেই ৫০ বছৰৰ ঊর্ধ্বৰ কৰ্মচাৰীসকলক ভি আৰ এছ দিয়া হ'ব।


মন কৰিব লগীয়া কথা যে যোৱা পাঁচ বছৰত ৰাজ্য চৰকাৰখনে নতুনকৈ প্রায় এক লাখ সত্তৰ হাজাৰ নিবনুৱা যুৱক-যুৱতীক চৰকাৰী চাকৰি প্ৰদান কৰিছে। ইয়াকে ধৰি আজিৰ তাৰিখত অসমত চৰকাৰী চাকৰিয়ালৰ সংখ্যা প্রায় চাৰে চাৰি লাখৰো অধিক হৈছে। 


আনহাতে অনাগত পাঁচ বছৰত ৰাজ্য চৰকাৰখনে নতুনকৈ দুই লাখ যুৱক-যুৱতীক চাকৰি দিয়াৰ সিদ্ধান্ত লৈছে। আনকি কালি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই দুই লাখ যুৱক-যুৱৰ্তীক কিদৰে চৰকাৰী চাকৰিত মকৰল কৰিব, সেই সন্দর্ভত পর্যালোচনা কৰাৰ বাবে মুখ্য সচিব ৰবি কোটাৰ নেতৃত্বত এটা টাস্ক ফ'ৰ্চো গঠন কৰি দিছে। দিছপুৰৰ সূত্ৰটোৰ মতে দুই লাখ লোকক এতিয়া নিযুক্তি দিবলৈ হ'লে চৰকাৰে প্ৰতিটো বিভাগতে নতুনকৈ বৃহৎ সংখ্যক পদ সৃষ্টি কৰিব লাগিব।


কিয়নো অহা পাঁচ বছৰত ৰাজ্যত দুই লাখ চৰকাৰী চাকৰিয়ালে অৱসৰ গ্ৰহণ নকৰে। আনহাতে নতুনকৈ পদ সৃষ্টি কৰাৰ লগে লগে বিত্তীয় ব্যৱস্থাপনাৰ বিষয়টোও আহি পৰিব। সেয়েহে ৰাজ্য চৰকাৰখনে দুই লাখ নিযুক্তি দিয়াৰ সমানে সমানে প্রতিটো বিভাগতে থকা ৫০ বছৰৰ ঊর্ধ্বৰ কৰ্মচাৰীসকলৰ তালিকা প্ৰস্তুত কৰিছে। উক্ত তালিকাৰ পৰাই এতিয়া অদক্ষ আৰু অপ্রয়োজনীয় কৰ্মচাৰী চিনাক্ত কৰাৰ কাম আৰম্ভ কৰি ভি আৰ এছ দিব, যাতে দুই লাখ নিযুক্তিৰ প্ৰতিশ্রুতি পূৰণ কৰিব পাৰে। 


মন কৰিব লগীয়া কথা যে ৰাজ্য চৰকাৰখনে নতুন নিযুক্তি দি থকাৰ ফলত প্ৰতি বছৰে কৰ্মচাৰীৰ বেতন আৰু পেঞ্চনৰ নামত ব্যয় হোৱা ধনৰ পৰিমাণো বৃদ্ধি পাবলৈ ধৰিছে। তথ্য অনুসৰি হিমন্ত বিশ্ব শৰ্মাই প্রথমবাৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছত ২০২১-২২ বিত্তীয় বৰ্ষত কৰ্মচাৰীৰ বেতনৰ বাবত ২৬৫৬০ কোটি টকা আৰু পেঞ্চনৰ নামত ১৭২২৪ কোটি টকা ব্যয় হৈছিল। কিন্তু ২০২৪-২০২৫ বিত্তীয় বৰ্ষত কৰ্মচাৰীৰ বেতনত ৩১০২২ কোটি টকা আৰু পেঞ্চনৰ বাবে ব্যয় হোৱা ধনৰ পৰিমাণ ১৮৭৬৯ কোটি টকালৈ বৃদ্ধি পায়। 


এনে পৰিস্থিতিত যদি এতিয়া নতুনকৈ আৰু দুই লাখ লোকক নিযুক্তি দিয়াৰ লগতে অষ্টম বিত্তীয় আয়োগৰ পৰামৰ্শ মতে বেতন বৃদ্ধি কৰে, তেনেহ'লে কৰ্মচাৰীৰ বেতন আৰু পেঞ্চনৰ নামত প্ৰদান কৰা ধনৰ পৰিমাণ বহু পৰিমাণে বৃদ্ধি পাব। সেয়েহে ৰাজ্য চৰকাৰখনে বয়সিয়াল আৰু অদক্ষ কৰ্মচাৰীক ভি আৰ এছ দি কিছু পৰিমাণে হ'লেও সকাহ লাভৰ চিন্তা-চৰ্চা কৰিছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান