--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আৰক্ষীয়ে সৰবৰাহকাৰী দুটাৰ জিম্মাৰ পৰা ৩০ টাকৈ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ জব্দ কৰে। জব্দকৃত ড্ৰাগছখিনিৰ মুঠ ওজন প্ৰায় ৪৫
  • ৪৮ গ্ৰাম বুলি জানিব পৰা গৈছে।

ডিজিটেল ডেস্ক: ৰাজ্যজুৰি অব্যাহত থকা ড্ৰাগছ বিৰোধী অভিযানৰ অংশ হিচাপে ৰূপহীহাট আৰক্ষীয়ে পুনৰ এক বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। এক গোপন সূত্ৰৰ পম খেদি ৰূপহীহাট আৰক্ষীৰ এটা দলে গেৰেকী অঞ্চলত এক তীব্ৰ অভিযান চলায়। এই অভিযানকালতে ড্ৰাগছ সৰবৰাহ কৰি থকা অৱস্থাত এখন ই-ৰিক্সা বাহন জব্দ কৰাৰ লগতে বুজন পৰিমাণৰ ড্ৰাগছসহ দুজন সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে।


আৰক্ষীৰ জালত পৰা ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটা হৈছে লিতন দাস (বাসস্থান: কাঞ্চনপুৰ, ৰূপহীহাট) আৰু বিক্ৰম ৰয় (বাসস্থান: কাঞ্চনপুৰ, ৰূপহীহাট)।


আৰক্ষীয়ে সৰবৰাহকাৰী দুটাৰ জিম্মাৰ পৰা ৩০ টাকৈ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ জব্দ কৰে। জব্দকৃত ড্ৰাগছখিনিৰ মুঠ ওজন প্ৰায় ৪৫.৪৮ গ্ৰাম বুলি জানিব পৰা গৈছে। ড্ৰাগছ কঢ়িয়াবলৈ ব্যৱহাৰ কৰা ই-ৰিক্সাখনো আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে।


বৰ্তমান ৰূপহীহাট আৰক্ষীয়ে ধৃত লিতন দাস আৰু বিক্ৰম ৰয়ক থানাত ৰাখি তীব্ৰ জেৰা অব্যাহত ৰাখিছে। এই ড্ৰাগছ ব্যৱসায়ৰ সৈতে আন কোনো ডাঙৰ চক্ৰ জড়িত হৈ আছে নেকি, সেই সন্দৰ্ভত আৰক্ষীয়ে অধিক তথ্য লাভৰ বাবে তদন্ত ক্ষিপ্ৰতৰ কৰি তুলিছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান