--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আৰক্ষীয়ে সৰবৰাহকাৰী দুটাৰ জিম্মাৰ পৰা ৩০ টাকৈ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ জব্দ কৰে। জব্দকৃত ড্ৰাগছখিনিৰ মুঠ ওজন প্ৰায় ৪৫
  • ৪৮ গ্ৰাম বুলি জানিব পৰা গৈছে।

ডিজিটেল ডেস্ক: ৰাজ্যজুৰি অব্যাহত থকা ড্ৰাগছ বিৰোধী অভিযানৰ অংশ হিচাপে ৰূপহীহাট আৰক্ষীয়ে পুনৰ এক বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। এক গোপন সূত্ৰৰ পম খেদি ৰূপহীহাট আৰক্ষীৰ এটা দলে গেৰেকী অঞ্চলত এক তীব্ৰ অভিযান চলায়। এই অভিযানকালতে ড্ৰাগছ সৰবৰাহ কৰি থকা অৱস্থাত এখন ই-ৰিক্সা বাহন জব্দ কৰাৰ লগতে বুজন পৰিমাণৰ ড্ৰাগছসহ দুজন সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে।

আৰক্ষীৰ জালত পৰা ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটা হৈছে লিতন দাস (বাসস্থান: কাঞ্চনপুৰ, ৰূপহীহাট) আৰু বিক্ৰম ৰয় (বাসস্থান: কাঞ্চনপুৰ, ৰূপহীহাট)।

আৰক্ষীয়ে সৰবৰাহকাৰী দুটাৰ জিম্মাৰ পৰা ৩০ টাকৈ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ জব্দ কৰে। জব্দকৃত ড্ৰাগছখিনিৰ মুঠ ওজন প্ৰায় ৪৫.৪৮ গ্ৰাম বুলি জানিব পৰা গৈছে। ড্ৰাগছ কঢ়িয়াবলৈ ব্যৱহাৰ কৰা ই-ৰিক্সাখনো আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে।

বৰ্তমান ৰূপহীহাট আৰক্ষীয়ে ধৃত লিতন দাস আৰু বিক্ৰম ৰয়ক থানাত ৰাখি তীব্ৰ জেৰা অব্যাহত ৰাখিছে। এই ড্ৰাগছ ব্যৱসায়ৰ সৈতে আন কোনো ডাঙৰ চক্ৰ জড়িত হৈ আছে নেকি, সেই সন্দৰ্ভত আৰক্ষীয়ে অধিক তথ্য লাভৰ বাবে তদন্ত ক্ষিপ্ৰতৰ কৰি তুলিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
মাদক দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰু ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাত সফল হোৱা বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক অভিনন্দন জ্ঞাপন অমিত শ্বাহৰ