--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • মহিলাকেইগৰাকীয়ে কাপোৰ চুৰি কৰাৰ সমগ্ৰ কৌশল দোকানখনৰ চিচিটিভি (CCTV) কেমেৰাত স্পষ্টকৈ বন্দী হয়। ইয়াৰ পিছতে বিপণীখনৰ স্বত্বাধিকাৰী অৰ্কমিত্ৰা বৰাই কছাৰীগাঁও আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।

ডিজিটেল ডেস্ক: তেজপুৰৰ কেতেকীবাৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ চুৰিকাণ্ড। কাপোৰ কিনাৰ ছলেৰে ব্যৱসায়িক প্ৰতিষ্ঠানত সোমাই এটা মহিলা চোৰৰ দলে প্ৰায় ৪০ হাজাৰ টকা মূল্যৰ দামী কাপোৰ লুটি লৈ যায়। অৱশ্যে, আৰক্ষীৰ তৎপৰতাত ইতিমধ্যে দলটোৰ তিনিগৰাকী মহিলাক আটক কৰিবলৈ সক্ষম হৈছে।


যোৱা বুধবাৰে দিনৰ ভাগত তেজপুৰৰ কেতেকীবাৰীস্থিত 'মিত্ৰাজ বস্ত্ৰম' নামৰ এখন কাপোৰৰ বিপণীত এই ঘটনা সংঘটিত হয়। গ্ৰাহকৰ বেশত অহা চাৰিজনীয়া মহিলাৰ দল এটাই দোকানখনৰ পৰা অতি কৌশলেৰে তিনিযোৰ পিয়ৰ টচৰ দামী কাপোৰ চুৰি কৰি পলায়ন দিয়ে। চুৰি হোৱা কাপোৰখিনিৰ বজাৰ মূল্য প্ৰায় ৩০ ৰ পৰা ৪০ হাজাৰ টকা বুলি জানিব পৰা গৈছে।


মহিলাকেইগৰাকীয়ে কাপোৰ চুৰি কৰাৰ সমগ্ৰ কৌশল দোকানখনৰ চিচিটিভি (CCTV) কেমেৰাত স্পষ্টকৈ বন্দী হয়। ইয়াৰ পিছতে বিপণীখনৰ স্বত্বাধিকাৰী অৰ্কমিত্ৰা বৰাই কছাৰীগাঁও আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।


এই গোচৰৰ ভিত্তিত চতিয়া থানাৰ আৰক্ষীয়ে এক প্ৰাথমিক অনুসন্ধান চলাই ঘটনাৰ সন্দৰ্ভত এক চাঞ্চল্যকৰ তথ্য লাভ কৰে। আৰক্ষীয়ে ক্ষিপ্ৰতাৰে অভিযান চলাই চতিয়াৰ পহুচৰা গাঁৱৰ পৰা অঞ্জলি দাস, দুলুমণি দাস আৰু লক্ষী দাস নামৰ তিনিগৰাকী মহিলা চোৰক আটক কৰে।


ধৃত মহিলাকেইগৰাকীৰ পৰা আৰক্ষীয়ে চুৰি হোৱা কাপোৰ কেইজোৰো উদ্ধাৰ কৰিবলৈ সক্ষম হয়।


আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি এই মহিলাৰ দলটোৱে দীৰ্ঘদিনৰে পৰা তেজপুৰৰ বিভিন্ন অঞ্চলত গ্ৰাহকৰ ছদ্মবেশত এনেধৰণৰ লুটপাত চলাই আহিছিল। ঘটনাৰ সৈতে জড়িত চতুৰ্থগৰাকী মহিলাৰ সন্ধানত আৰক্ষীয়ে বৰ্তমানো অভিযান অব্যাহত ৰাখিছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান