--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • মহিলাকেইগৰাকীয়ে কাপোৰ চুৰি কৰাৰ সমগ্ৰ কৌশল দোকানখনৰ চিচিটিভি (CCTV) কেমেৰাত স্পষ্টকৈ বন্দী হয়। ইয়াৰ পিছতে বিপণীখনৰ স্বত্বাধিকাৰী অৰ্কমিত্ৰা বৰাই কছাৰীগাঁও আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।

ডিজিটেল ডেস্ক: তেজপুৰৰ কেতেকীবাৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ চুৰিকাণ্ড। কাপোৰ কিনাৰ ছলেৰে ব্যৱসায়িক প্ৰতিষ্ঠানত সোমাই এটা মহিলা চোৰৰ দলে প্ৰায় ৪০ হাজাৰ টকা মূল্যৰ দামী কাপোৰ লুটি লৈ যায়। অৱশ্যে, আৰক্ষীৰ তৎপৰতাত ইতিমধ্যে দলটোৰ তিনিগৰাকী মহিলাক আটক কৰিবলৈ সক্ষম হৈছে।

যোৱা বুধবাৰে দিনৰ ভাগত তেজপুৰৰ কেতেকীবাৰীস্থিত 'মিত্ৰাজ বস্ত্ৰম' নামৰ এখন কাপোৰৰ বিপণীত এই ঘটনা সংঘটিত হয়। গ্ৰাহকৰ বেশত অহা চাৰিজনীয়া মহিলাৰ দল এটাই দোকানখনৰ পৰা অতি কৌশলেৰে তিনিযোৰ পিয়ৰ টচৰ দামী কাপোৰ চুৰি কৰি পলায়ন দিয়ে। চুৰি হোৱা কাপোৰখিনিৰ বজাৰ মূল্য প্ৰায় ৩০ ৰ পৰা ৪০ হাজাৰ টকা বুলি জানিব পৰা গৈছে।

মহিলাকেইগৰাকীয়ে কাপোৰ চুৰি কৰাৰ সমগ্ৰ কৌশল দোকানখনৰ চিচিটিভি (CCTV) কেমেৰাত স্পষ্টকৈ বন্দী হয়। ইয়াৰ পিছতে বিপণীখনৰ স্বত্বাধিকাৰী অৰ্কমিত্ৰা বৰাই কছাৰীগাঁও আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।

এই গোচৰৰ ভিত্তিত চতিয়া থানাৰ আৰক্ষীয়ে এক প্ৰাথমিক অনুসন্ধান চলাই ঘটনাৰ সন্দৰ্ভত এক চাঞ্চল্যকৰ তথ্য লাভ কৰে। আৰক্ষীয়ে ক্ষিপ্ৰতাৰে অভিযান চলাই চতিয়াৰ পহুচৰা গাঁৱৰ পৰা অঞ্জলি দাস, দুলুমণি দাস আৰু লক্ষী দাস নামৰ তিনিগৰাকী মহিলা চোৰক আটক কৰে।

ধৃত মহিলাকেইগৰাকীৰ পৰা আৰক্ষীয়ে চুৰি হোৱা কাপোৰ কেইজোৰো উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি এই মহিলাৰ দলটোৱে দীৰ্ঘদিনৰে পৰা তেজপুৰৰ বিভিন্ন অঞ্চলত গ্ৰাহকৰ ছদ্মবেশত এনেধৰণৰ লুটপাত চলাই আহিছিল। ঘটনাৰ সৈতে জড়িত চতুৰ্থগৰাকী মহিলাৰ সন্ধানত আৰক্ষীয়ে বৰ্তমানো অভিযান অব্যাহত ৰাখিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
মাদক দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰু ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাত সফল হোৱা বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক অভিনন্দন জ্ঞাপন অমিত শ্বাহৰ