--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুজৰাটৰ ছুৰাটত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা ৷ ঘৰতে ফাঁচী লৈ আত্মহত্যা কৰিলে বিজেপিৰ মহিলা শাখাৰ নেত্ৰী দীপিকা পেটেল (৩০)। দেওবাৰে গভীৰ নিশা ছুৰাটৰ ভীমৰাদ অঞ্চলত সংঘটিত হয় এই ঘটনা। কোঠাটোত ফেনত ওলমি থকা অৱস্থাত উদ্ধাৰ হয় দীপিকাৰ মৃতদেহ। 

ঘটনাস্থলীৰ পৰা কোনো ছুইচাইড নোট বিচাৰি পোৱা নাই আৰক্ষীয়ে। দীপিকা পেটেলৰ আত্মহত্যাৰ পিছত গুজৰাটত সৃষ্টি হৈছে হুলস্থুল। আৰক্ষীয়ে এই বিষয়টোক বিশেষ গোচৰ হিচাপে লৈ অধিক তদন্ত আৰম্ভ কৰিছে। দীপিকাৰ মৃত্যুৰ পিছত তেওঁৰ এগৰাকী সহকৰ্মীৰ সৈতে হোৱা কথা-বতৰা আৰক্ষীয়ে প্ৰকাশ কৰিছে, য’ত বিজেপি নেতাগৰাকীয়ে মানসিক চাপৰ মাজেৰে পাৰ হৈ যোৱাৰ কথা স্বীকাৰ কৰিছিল। আৰক্ষীৰ মতে, ঘটনাৰ পূৰ্বে দীপিকা পেটেলে ৩০ নং ৱাৰ্ডৰ কাউন্সিলাৰ চিৰাগ সোলংকীক ফোন কৰি মানসিক চাপত থকা আৰু জীৱন শেষ কৰিব বিচৰা বুলি কয়। চিৰাগ লগে লগে দীপিকাৰ ঘৰ উপস্থিত হয়। তেওঁ বাৰে বাৰে দুৱাৰত টোকৰ মাৰিলে যদিও ভিতৰৰ পৰা কোনো সঁহাৰি নাপালে। ইয়াৰ পিছতে দুৱাৰখন ভাঙি দিয়াত দীপিকাৰ মৃতদেহ ফেনত ওলমি থকা অৱস্থাত দেখা পায় ।

ঘটনাৰ সময়ত দীপিকাৰ স্বামী ঘৰৰ বাহিৰত আছিল। দীপিকাৰ মৃতদেহ দেখা পাই লগে লগে চিৰাগ সোলংকিয়ে তেওঁক চিকিৎসালয়লৈ লৈ যায়। কিন্তু তাত থকা চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত ফাঁচী লৈ মৃত্যু হোৱা বুলি নিশ্চিত কৰা হৈছে। আৰক্ষীয়ে তেওঁৰ আত্মহত্যাৰ আঁৰৰ কাৰণ জানিবলৈ তেওঁৰ মোবাইল ফোনটো জব্দ কৰি ফৰেনছিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। আনহাতে, মৃতকৰ এজন আত্মীয়ই কয় যে দীপিকা দীৰ্ঘদিন ধৰি বিজেপি কৰ্মী আছিল আৰু সমাজসেৱাও কৰি আছিল। তেওঁৰ পৰিয়ালে সদায় দীপিকাৰ হত্যাৰ আশংকা কৰিছিল। আত্মীয়জনে কয় যে ই হত্যাও হ’ব পাৰে। এই বিষয়ে আৰক্ষীয়ে গুৰুত্বসহকাৰে তদন্ত কৰিব লাগে।


এই কথা সদৰী কৰে উপ আৰক্ষী আয়ুক্ত বিজয় সিং গুৰজাৰে। আলথানাৰ ৩০ নং ৱাৰ্ডৰ বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী আছিল দীপিকা। বৰ্তমান আত্মহত্যাৰ আঁৰৰ কাৰণ জানিব পৰা হোৱা নাই। পৰিয়াল আৰু ঘনিষ্ঠ লোকক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। দীপিকা পেটেলৰ মৃত্যুত ছুৰাট আৰু গুজৰাটৰ ৰাজনৈতিক মহলত শোক আৰু উদ্বেগৰ ঢৌৰ সৃষ্টি হৈছে। মানসিক চাপৰ কাৰণ আৰু আন যিকোনো চাপৰ দিশৰ ওপৰত অনুসন্ধান চলি আছে। হত্যাৰ কোণৰ পৰাও এই গোচৰৰ তদন্ত অব্যাহত আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ