--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুজৰাটৰ ছুৰাটত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা ৷ ঘৰতে ফাঁচী লৈ আত্মহত্যা কৰিলে বিজেপিৰ মহিলা শাখাৰ নেত্ৰী দীপিকা পেটেল (৩০)। দেওবাৰে গভীৰ নিশা ছুৰাটৰ ভীমৰাদ অঞ্চলত সংঘটিত হয় এই ঘটনা। কোঠাটোত ফেনত ওলমি থকা অৱস্থাত উদ্ধাৰ হয় দীপিকাৰ মৃতদেহ। 

ঘটনাস্থলীৰ পৰা কোনো ছুইচাইড নোট বিচাৰি পোৱা নাই আৰক্ষীয়ে। দীপিকা পেটেলৰ আত্মহত্যাৰ পিছত গুজৰাটত সৃষ্টি হৈছে হুলস্থুল। আৰক্ষীয়ে এই বিষয়টোক বিশেষ গোচৰ হিচাপে লৈ অধিক তদন্ত আৰম্ভ কৰিছে। দীপিকাৰ মৃত্যুৰ পিছত তেওঁৰ এগৰাকী সহকৰ্মীৰ সৈতে হোৱা কথা-বতৰা আৰক্ষীয়ে প্ৰকাশ কৰিছে, য’ত বিজেপি নেতাগৰাকীয়ে মানসিক চাপৰ মাজেৰে পাৰ হৈ যোৱাৰ কথা স্বীকাৰ কৰিছিল। আৰক্ষীৰ মতে, ঘটনাৰ পূৰ্বে দীপিকা পেটেলে ৩০ নং ৱাৰ্ডৰ কাউন্সিলাৰ চিৰাগ সোলংকীক ফোন কৰি মানসিক চাপত থকা আৰু জীৱন শেষ কৰিব বিচৰা বুলি কয়। চিৰাগ লগে লগে দীপিকাৰ ঘৰ উপস্থিত হয়। তেওঁ বাৰে বাৰে দুৱাৰত টোকৰ মাৰিলে যদিও ভিতৰৰ পৰা কোনো সঁহাৰি নাপালে। ইয়াৰ পিছতে দুৱাৰখন ভাঙি দিয়াত দীপিকাৰ মৃতদেহ ফেনত ওলমি থকা অৱস্থাত দেখা পায় ।

ঘটনাৰ সময়ত দীপিকাৰ স্বামী ঘৰৰ বাহিৰত আছিল। দীপিকাৰ মৃতদেহ দেখা পাই লগে লগে চিৰাগ সোলংকিয়ে তেওঁক চিকিৎসালয়লৈ লৈ যায়। কিন্তু তাত থকা চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত ফাঁচী লৈ মৃত্যু হোৱা বুলি নিশ্চিত কৰা হৈছে। আৰক্ষীয়ে তেওঁৰ আত্মহত্যাৰ আঁৰৰ কাৰণ জানিবলৈ তেওঁৰ মোবাইল ফোনটো জব্দ কৰি ফৰেনছিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। আনহাতে, মৃতকৰ এজন আত্মীয়ই কয় যে দীপিকা দীৰ্ঘদিন ধৰি বিজেপি কৰ্মী আছিল আৰু সমাজসেৱাও কৰি আছিল। তেওঁৰ পৰিয়ালে সদায় দীপিকাৰ হত্যাৰ আশংকা কৰিছিল। আত্মীয়জনে কয় যে ই হত্যাও হ’ব পাৰে। এই বিষয়ে আৰক্ষীয়ে গুৰুত্বসহকাৰে তদন্ত কৰিব লাগে।


এই কথা সদৰী কৰে উপ আৰক্ষী আয়ুক্ত বিজয় সিং গুৰজাৰে। আলথানাৰ ৩০ নং ৱাৰ্ডৰ বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী আছিল দীপিকা। বৰ্তমান আত্মহত্যাৰ আঁৰৰ কাৰণ জানিব পৰা হোৱা নাই। পৰিয়াল আৰু ঘনিষ্ঠ লোকক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। দীপিকা পেটেলৰ মৃত্যুত ছুৰাট আৰু গুজৰাটৰ ৰাজনৈতিক মহলত শোক আৰু উদ্বেগৰ ঢৌৰ সৃষ্টি হৈছে। মানসিক চাপৰ কাৰণ আৰু আন যিকোনো চাপৰ দিশৰ ওপৰত অনুসন্ধান চলি আছে। হত্যাৰ কোণৰ পৰাও এই গোচৰৰ তদন্ত অব্যাহত আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?