--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক ভয়ংকৰ পথ দুৰ্ঘটনাত ৫ জনকৈ MBBS ছাত্ৰৰ কৰুণ মৃত্যু হয়। ছাত্ৰকেইজনে এখন চাৰিচকীয়া বাহনেৰে যাত্ৰা কৰি থকাৰ সময়তে এই ভয়ংকৰ দুৰ্ঘটনাটি সংঘটিত হয়। এখন বাছৰ সৈতে মুখামুখি সংঘৰ্ষ হয় বাহনখনৰ। 

কেৰালাৰ আলাপ্পুঝাত সংঘটিত হৈছে এই কৰুণ ঘটনা। এই দুৰ্ঘটনাত গাড়ীখন বেয়াকৈ ক্ষতিগ্ৰস্ত হয়। গাড়ীখনৰ পৰা ছাত্ৰকেইজনৰ মৃতদেহ উলিয়াই আনিবলৈ গাড়ীখন কাটিবলগীয়া হৈছিল।

তথ্য অনুসৰি সোমবাৰে নিশা প্ৰায় ১০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত এঘণ্টা ধৰি প্ৰচণ্ড বৰষুণ দি আছিল। দুৰ্ঘটনাটোত বাহনখনত থকা ৫জন ছাত্ৰৰ মৃত্যু হোৱাৰ বিপৰীতে বাছখনৰ একাংশ যাত্ৰী সামান্য আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ আছে।

আৰক্ষীয়ে নিহত ছাত্ৰকেইজন দেৱনন্দন, মহম্মদ ইব্ৰাহিম, আয়ুষ শ্বাজী, শ্ৰীদীপ ভালছান আৰু মহম্মদ জব্বাৰ বুলি চিনাক্ত কৰিছে। ইয়াৰে দেৱনন্দন আৰু মহম্মদ ইব্ৰাহিম লক্ষদ্বীপৰ বাসিন্দা, আয়ুষ, শ্ৰীদীপ আৰু জব্বৰ কেৰেলাৰ বাসিন্দা আছিল। দুৰ্ঘটনাটোৰ বিষয়ে তেওঁলোকৰ পৰিয়ালক অৱগত কৰি মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ