--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক ভয়ংকৰ পথ দুৰ্ঘটনাত ৫ জনকৈ MBBS ছাত্ৰৰ কৰুণ মৃত্যু হয়। ছাত্ৰকেইজনে এখন চাৰিচকীয়া বাহনেৰে যাত্ৰা কৰি থকাৰ সময়তে এই ভয়ংকৰ দুৰ্ঘটনাটি সংঘটিত হয়। এখন বাছৰ সৈতে মুখামুখি সংঘৰ্ষ হয় বাহনখনৰ। 

কেৰালাৰ আলাপ্পুঝাত সংঘটিত হৈছে এই কৰুণ ঘটনা। এই দুৰ্ঘটনাত গাড়ীখন বেয়াকৈ ক্ষতিগ্ৰস্ত হয়। গাড়ীখনৰ পৰা ছাত্ৰকেইজনৰ মৃতদেহ উলিয়াই আনিবলৈ গাড়ীখন কাটিবলগীয়া হৈছিল।

তথ্য অনুসৰি সোমবাৰে নিশা প্ৰায় ১০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত এঘণ্টা ধৰি প্ৰচণ্ড বৰষুণ দি আছিল। দুৰ্ঘটনাটোত বাহনখনত থকা ৫জন ছাত্ৰৰ মৃত্যু হোৱাৰ বিপৰীতে বাছখনৰ একাংশ যাত্ৰী সামান্য আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ আছে।

আৰক্ষীয়ে নিহত ছাত্ৰকেইজন দেৱনন্দন, মহম্মদ ইব্ৰাহিম, আয়ুষ শ্বাজী, শ্ৰীদীপ ভালছান আৰু মহম্মদ জব্বাৰ বুলি চিনাক্ত কৰিছে। ইয়াৰে দেৱনন্দন আৰু মহম্মদ ইব্ৰাহিম লক্ষদ্বীপৰ বাসিন্দা, আয়ুষ, শ্ৰীদীপ আৰু জব্বৰ কেৰেলাৰ বাসিন্দা আছিল। দুৰ্ঘটনাটোৰ বিষয়ে তেওঁলোকৰ পৰিয়ালক অৱগত কৰি মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post