--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশৰ ছটাৰপুৰত আৰক্ষীৰ হাৰাশাস্তিৰ পৰা বিৰক্ত হৈ পৰা এগৰাকী মহিলাই আত্মহত্যাৰ অনুমতি বিচাৰি আৰক্ষী অধীক্ষকলৈ আবেদন জনায়। মহিলাগৰাকীয়ে অভিযোগ উত্থাপন কৰে যে আৰক্ষী থানাই মুখ্যমন্ত্ৰী হেল্পলাইনক কৰা এই অভিযোগ প্ৰত্যাহাৰ কৰিবলৈ হেঁচা প্ৰয়োগ কৰে। ইয়াৰ পাছতে মহিলাগৰাকীয়ে অধীক্ষকক ন্যায়ৰ বাবে লিখিত আৱেদন দিয়ে কিন্তু ইয়াৰ ওপৰত আৰক্ষী অধীক্ষকে মহিলাগৰাকীক ৰক্ষা কৰাৰ বিপৰীতে  আবেদনত স্বাক্ষৰ কৰি ৰচিদ প্ৰদান কৰে ।

ছটাৰপুৰ জিলাৰ হৰপালপুৰৰ বাসিন্দা শোভা জাংগাৰিয়াই আৰক্ষীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। শোভাৰ মতে, ১০ নৱেম্বৰৰ নিশা তেওঁৰ স্বামী ৰাজেন্দ্ৰ জংগাৰিয়াক স্থানীয় অঞ্চলৰ একাংশ লোকে মদ্যপান কৰি প্ৰহাৰ কৰে। যেতিয়া তেওঁ হৰপালপুৰ থানাত এজাহাৰ দাখিল কৰিছিল, তেতিয়া অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ পৰিৱৰ্তে আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰে। 

ইয়াৰ বাবে অশান্তি পাই শোভাই চি এম হেল্পলাইন (১৮১)ত আৰক্ষীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। ইয়াৰ পিছতে আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পুষ্পক শৰ্মাই অভিযোগ প্ৰত্যাহাৰ কৰিবলৈ হেঁচা প্ৰয়োগ কৰে। শোভাৰ অভিযোগ যে যেতিয়া তেওঁ অভিযোগ প্ৰত্যাহাৰ কৰিবলৈ অস্বীকাৰ কৰিছিল তেতিয়া আৰক্ষীয়ে তেওঁক মিছা গোচৰত জড়িত কৰাৰ ভাবুকি দিছিল।

আৰক্ষীৰ এই মনোভাৱত বিৰক্ত হৈ শোভাই ১৮ নৱেম্বৰত ছটাৰপুৰৰ এছ পি আগম জৈনৰ ওচৰত আবেদন জনাই আত্মহত্যাৰ অনুমতি বিচাৰিছিল। আশ্চৰ্যজনক বিষয় যে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ে সেই আবেদনখনত ষ্টাম্প মাৰি ,চহী কৰি ৰচিদৰ ৰূপত শোভাক ঘূৰাই দিলে।

মহিলাগৰাকীয়ে শ্বেয়াৰ কৰা এই আবেদন পত্ৰখন ক্ষন্তেকতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। এই বিষয়টোৱে গতি লাভ কৰাৰ লগতে প্ৰশাসনৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন হ’বলৈ ধৰিলে। শোভাই কয়, "আমি ন্যায় নাপালোঁ, গতিকে আমি আত্মহত্যাৰ অনুমতি বিচাৰিলোঁ। এতিয়া আমাৰ হাতত আত্মহত্যাৰ বাহিৰে আন কোনো বিকল্প নাই।"

আৰক্ষী অধীক্ষকৰ মতামত

আত্মহত্যাৰ দাবী নাকচ কৰিছে এছ পি আগম জৈনে। তেওঁ কয় যে মহিলাগৰাকীয়ে আত্মহত্যাৰ অনুমতি বিচৰা নাছিল। মুখ্যমন্ত্ৰী হেল্পলাইন সন্দৰ্ভত আৰক্ষী থানাই যি হেঁচা প্ৰয়োগ কৰিছে সেই সন্দৰ্ভত শোভাই অভিযোগ কৰা বুলি তেওঁ জানিবলৈ দিয়ে। এই কথাটো গুৰুত্বসহকাৰে লৈ এছ ডি অ’ পি নৌগাঁৱক তদন্তৰ নিৰ্দেশ দিয়া হৈছে। কিন্তু মহিলাগৰাকীৰ আবেদনত স্পষ্টকৈ লিখা আছিল যে তেওঁ "দুখৰ বাবে আত্মহত্যাৰ অনুমতি" বিচাৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ