--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ বিখ্যাত গায়ক তথা সুৰকাৰ এআৰ ৰহমানে জীৱনৰ আটাইতকৈ ডাঙৰ সিদ্ধান্ত লৈ সকলোকে আচৰিত কৰি তুলিছে। অস্কাৰ বিজয়ী সংগীতজ্ঞগৰাকীয়ে ২৯ বছৰীয়া বিবাহৰ অন্ত পেলোৱাৰ সিদ্ধান্ত লয়। প্ৰথমে এআৰ ৰহমান আৰু ছাইৰাৰ অধিবক্তাই ৰাজহুৱা বিবৃতি প্ৰকাশ কৰি এই বিষয়ে অৱগত কৰে। ইফালে কণ্ঠশিল্পীগৰাকীয়েও টুইট কৰি এই কথা ঘোষণা কৰে। 

AR Rahman and Saira announce separation after 29 years: 'Emotional strain  behind the decision' - Entertainment News | The Financial Express

২৯ বছৰৰ পিছত বেগম ছাইৰাৰ পৰা বিচ্ছেদ হ’বলৈ গৈ আছে এআৰ ৰহমান। বিবাহ বিচ্ছেদৰ খবৰৰ মাজতে এআৰ ৰহমানে টুইট কৰি লিখিছে,‘‘আমি আশা কৰিছিলোঁ যে আমি ৩০ বছৰ সম্পূৰ্ণ কৰিম, কিন্তু...’’ 
এআৰ ৰহমানৰ বিবাহ বিচ্ছেদৰ খবৰ শুনি সকলোৱে স্তম্ভিত হৈ পৰিল। দম্পতীহালৰ এই সিদ্ধান্ত আচলতে হঠাৎ লোৱা সিদ্ধান্ত নহয়,বহুদিন ধৰি এই বান্ধোনৰ জৰীডাল ধৰি ৰাখিবলৈ বহু চেষ্টা কৰা হৈছিল যদিও যেতিয়া কথাবোৰ সঠিকভাৱে নিমিলিল, তেতিয়া দুয়োজনে পৃথক হোৱাৰ সিদ্ধান্ত ল’লে। বিবাহ বিচ্ছেদৰ খবৰ পোৱাৰ পিছত সংগীতজ্ঞগৰাকীয়ে ক’লে যে তেওঁ কি আশা কৰিছিল?


এআৰ ৰহমানে লিখিছে, ‘আমি আশা কৰিছিলোঁ যে আমি ৩০ বছৰ সম্পূৰ্ণ কৰিম। কিন্তু সকলোৰে এটা অন্ত থাকে। আনকি ভগ্ন হৃদয়ৰ হুমুনিয়াহত ভগৱানৰ সিংহাসন কঁপি উঠে। কিন্তু ইয়াৰ পিছতো আমি অৰ্থ বিচাৰি ফুৰো। 
জীৱনৰ কঠিন সময়ত আমাৰ গোপনীয়তাক সন্মান জনোৱাৰ বাবে ধন্যবাদ বন্ধুসকল।’

এআৰ ৰহমান আৰু ছাইৰাৰ তিনিটি সন্তান–খাটিজা, ৰহিমা আৰু আমিন। তিনিওগৰাকীয়ে জীৱনৰ এই কঠিন সময় আৰু সিদ্ধান্তত পিতৃ-মাতৃক সহায় কৰি আছে। পিতৃৰ পোষ্টটো ইনষ্টাগ্ৰামত পুনৰ শ্বেয়াৰ কৰিছে। খাতিজা ৰহমানে ইনষ্টাগ্ৰাম ষ্ট’ৰীত লিখিছে- এই কঠিন সময়ত আমাৰ গোপনীয়তাক সন্মান জনাবলৈ আমি সকলোকে অনুৰোধ জনাইছো। বুজাৰ বাবে ধন্যবাদ”। ইয়াৰ পিছত তেওঁ আন এটা ষ্ট’ৰী শ্বেয়াৰ কৰিলে।

Khatija

এআৰ ৰহমান আৰু ছাইৰাৰ বিবাহ হৈছিল ১৯৯৫ চনত। এক সাক্ষাৎকাৰত এআৰ ৰহমানে কৈছিল যে তেওঁৰ কইনা বিচাৰিবলৈ সময় নাই। কিন্তু তেওঁ ভালদৰেই জানিছিল যে বিয়াৰ উপযুক্ত সময় কি। এনে অৱস্থাত তেওঁ মাকক কইনা বিচাৰিবলৈ ক’লে। সাংস্কৃতিক পাৰ্থক্যৰ মাজতো দুয়োৰে মাজত সুন্দৰ সম্পৰ্ক এটা গঢ় লৈ উঠিছিল ৷




FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ