--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ বিখ্যাত গায়ক তথা সুৰকাৰ এআৰ ৰহমানে জীৱনৰ আটাইতকৈ ডাঙৰ সিদ্ধান্ত লৈ সকলোকে আচৰিত কৰি তুলিছে। অস্কাৰ বিজয়ী সংগীতজ্ঞগৰাকীয়ে ২৯ বছৰীয়া বিবাহৰ অন্ত পেলোৱাৰ সিদ্ধান্ত লয়। প্ৰথমে এআৰ ৰহমান আৰু ছাইৰাৰ অধিবক্তাই ৰাজহুৱা বিবৃতি প্ৰকাশ কৰি এই বিষয়ে অৱগত কৰে। ইফালে কণ্ঠশিল্পীগৰাকীয়েও টুইট কৰি এই কথা ঘোষণা কৰে। 

AR Rahman and Saira announce separation after 29 years: 'Emotional strain  behind the decision' - Entertainment News | The Financial Express

২৯ বছৰৰ পিছত বেগম ছাইৰাৰ পৰা বিচ্ছেদ হ’বলৈ গৈ আছে এআৰ ৰহমান। বিবাহ বিচ্ছেদৰ খবৰৰ মাজতে এআৰ ৰহমানে টুইট কৰি লিখিছে,‘‘আমি আশা কৰিছিলোঁ যে আমি ৩০ বছৰ সম্পূৰ্ণ কৰিম, কিন্তু...’’ 
এআৰ ৰহমানৰ বিবাহ বিচ্ছেদৰ খবৰ শুনি সকলোৱে স্তম্ভিত হৈ পৰিল। দম্পতীহালৰ এই সিদ্ধান্ত আচলতে হঠাৎ লোৱা সিদ্ধান্ত নহয়,বহুদিন ধৰি এই বান্ধোনৰ জৰীডাল ধৰি ৰাখিবলৈ বহু চেষ্টা কৰা হৈছিল যদিও যেতিয়া কথাবোৰ সঠিকভাৱে নিমিলিল, তেতিয়া দুয়োজনে পৃথক হোৱাৰ সিদ্ধান্ত ল’লে। বিবাহ বিচ্ছেদৰ খবৰ পোৱাৰ পিছত সংগীতজ্ঞগৰাকীয়ে ক’লে যে তেওঁ কি আশা কৰিছিল?


এআৰ ৰহমানে লিখিছে, ‘আমি আশা কৰিছিলোঁ যে আমি ৩০ বছৰ সম্পূৰ্ণ কৰিম। কিন্তু সকলোৰে এটা অন্ত থাকে। আনকি ভগ্ন হৃদয়ৰ হুমুনিয়াহত ভগৱানৰ সিংহাসন কঁপি উঠে। কিন্তু ইয়াৰ পিছতো আমি অৰ্থ বিচাৰি ফুৰো। 
জীৱনৰ কঠিন সময়ত আমাৰ গোপনীয়তাক সন্মান জনোৱাৰ বাবে ধন্যবাদ বন্ধুসকল।’

এআৰ ৰহমান আৰু ছাইৰাৰ তিনিটি সন্তান–খাটিজা, ৰহিমা আৰু আমিন। তিনিওগৰাকীয়ে জীৱনৰ এই কঠিন সময় আৰু সিদ্ধান্তত পিতৃ-মাতৃক সহায় কৰি আছে। পিতৃৰ পোষ্টটো ইনষ্টাগ্ৰামত পুনৰ শ্বেয়াৰ কৰিছে। খাতিজা ৰহমানে ইনষ্টাগ্ৰাম ষ্ট’ৰীত লিখিছে- এই কঠিন সময়ত আমাৰ গোপনীয়তাক সন্মান জনাবলৈ আমি সকলোকে অনুৰোধ জনাইছো। বুজাৰ বাবে ধন্যবাদ”। ইয়াৰ পিছত তেওঁ আন এটা ষ্ট’ৰী শ্বেয়াৰ কৰিলে।

Khatija

এআৰ ৰহমান আৰু ছাইৰাৰ বিবাহ হৈছিল ১৯৯৫ চনত। এক সাক্ষাৎকাৰত এআৰ ৰহমানে কৈছিল যে তেওঁৰ কইনা বিচাৰিবলৈ সময় নাই। কিন্তু তেওঁ ভালদৰেই জানিছিল যে বিয়াৰ উপযুক্ত সময় কি। এনে অৱস্থাত তেওঁ মাকক কইনা বিচাৰিবলৈ ক’লে। সাংস্কৃতিক পাৰ্থক্যৰ মাজতো দুয়োৰে মাজত সুন্দৰ সম্পৰ্ক এটা গঢ় লৈ উঠিছিল ৷




FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতত বনৰীয়া হাতী বিলুপ্ত হোৱাৰ শংকা
জুবিনৰ সমাধিত শ্রদ্ধা জনাবলৈ কাইলৈ আহিব ৰাহুল গান্ধী
ব্লেক কফি খালে দূৰ হয় ফেটি লিভাৰৰ সমস্যা
৬ কোটি টকাৰ ব্যয়েৰে অযোধ্যাত সম্পূৰ্ণ হ'ল ৰামায়ণৰ ওপৰত বিশ্বৰ প্ৰথমটো মমৰ সংগ্ৰহালয়
নাজিৰাত বিলাসী বাহনসহ চুৰি গৰু উদ্ধাৰ!  দুজনক আটক আৰু গৰুভৰ্তি দুখন বাহনৰ পলায়ন
গৰৈমাৰীত চৰকাৰী আঁচনিৰ নামত ধন সংগ্ৰহৰ অভিযোগ:পুৰুষ মহিলাৰ তীব্ৰ প্ৰতিবাদ
২০২৮ত বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতি হ'ব ভাৰত, মুম্বাইত ব্রিটিছ প্রধানমন্ত্ৰীৰ দাবী
তিনিচুকীয়াৰ বালিজানত মৰাণ লোকসকলক জাতিগত প্ৰমাণ পত্ৰ বিতৰণ
পাৰ্লাৰৰ ভিতৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ মেনেজাৰ সাগৰ বণিয়াৰ মৃতদেহ; ৩মাহে পোৱা নাছিল দৰমহা
ভাৰতত হ্রাস পাইছে সূৰ্যৰ ৰশ্মি, সঘনে হোৱা প্ৰতিকূল বতৰৰ বাবে সমগ্ৰ দেশত ভয়ানক বায়ু প্ৰদূষণৰ আশংকা
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ