--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : সমগ্ৰ দেশতে পথ সুৰক্ষা বৃদ্ধিৰ বাবে নতুন নিয়মৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰীয় চৰকাৰে। নতুন নিয়মৰ অধীনত এতিয়া ট্ৰেফিক ৰাডাৰ ডিভাইচৰ বাধ্যতামূলক পৰীক্ষণ আৰু ষ্টাম্পিং কৰাটো প্ৰয়োজনীয় হ’ব। নতুন নিয়ম কাৰ্যকৰী কৰিবলৈ সাজু হৈছে কেন্দ্ৰীয় চৰকাৰ। পিটিআইৰ তথ্য অনুসৰি গ্ৰাহক পৰিক্ৰমা মন্ত্ৰালয়ৰ আইনী পৰিমাপ বিভাগে ভাৰতীয় আইনী পৰিমাপ প্ৰতিষ্ঠান, আঞ্চলিক ৰেফাৰেন্স লেবৰেটৰী, নিৰ্মাতা আৰু বাহন প্ৰমাণীকৰণ সংস্থাকে ধৰি অংশীদাৰসকলৰ সৈতে আলোচনাত মিলিত হৈ খচৰা প্ৰস্তুত কৰিছে।

মন্ত্ৰালয়ে আলোচনাৰ সময়ত লাভ কৰা পৰামৰ্শসমূহ ভালদৰে পৰীক্ষা কৰা হয় আৰু শীঘ্ৰে নিয়মাৱলীৰ বিষয়ে অৱগত কৰা হ’ব। লিগেল মেট্ৰ’লজি (জেনেৰেল) ৰুলছ, ২০১১ৰ অধীনত অহা এই নতুন নিয়মসমূহ পথত বাহনৰ গতি জুখিবলৈ বহুলভাৱে ব্যৱহাৰ কৰা মাইক্ৰৱেভ ডপলাৰ ৰাডাৰ সঁজুলিৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব। নতুন নিয়ম অধীনত সকলো গতি জোখা যন্ত্ৰই পৰীক্ষণ কৰিব লাগিব আৰু নিয়োগৰ পূৰ্বে আনুষ্ঠানিক অনুমোদনৰ ছীল লাভ কৰিব লাগিব।

এই প্ৰক্ৰিয়াৰ উদ্দেশ্য হৈছে যান-বাহন আইন প্ৰয়োগকাৰী সংস্থাৰ বাবে গুৰুত্বপূৰ্ণ গতি আৰু দূৰত্ব জোখাৰ ক্ষেত্ৰত সঠিক তথ্য নিশ্চয়তা দিয়া। পথ সুৰক্ষাৰ অভিলেখ উন্নত কৰাৰ প্ৰয়াসত চৰকাৰে এই নিয়মসমূহ প্ৰণয়ন কৰিছে। নিয়ম উলংঘা চিনাক্তকৰণ, বিপজ্জনক গাড়ী চলোৱা আচৰণ ৰোধ আৰু সঠিক গতি ধৰা পেলোৱাটো গুৰুত্বপূৰ্ণ হ'ব। জনসাধাৰণৰ পৰামৰ্শৰ বাবে এই খচৰা নিয়মাৱলী প্ৰকাশ কৰা হৈছিল। মন্ত্ৰালয়ে সকলো পৰামৰ্শ পৰ্যালোচনা কৰি প্ৰাসংগিক মতামত অন্তৰ্ভুক্ত কৰে।

ভাৰতত পথ দুৰ্ঘটনা ভয়ংকৰভাৱে বৃদ্ধি পাইছে। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ তথ্য অনুসৰি ২০২২ চনত দেশত ৪৬১,৩১২টা পথ দুৰ্ঘটনা সংঘটিত হৈছিল, যাৰ ফলত ১৬৮,৪৯১জন লোকৰ মৃত্যু হৈছিল আৰু ৪৪৩,৩৬৬জন লোক গুৰুতৰভাৱে আহত হৈছে। এই পৰিসংখ্যা অনুসৰি ২০২১ চনৰ তুলনাত দুৰ্ঘটনা ১১.৯%, মৃত্যুৰ হাৰ ৯.৪% আৰু আঘাতৰ সংখ্যা ১৫.৩% বৃদ্ধি পাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতত বনৰীয়া হাতী বিলুপ্ত হোৱাৰ শংকা
জুবিনৰ সমাধিত শ্রদ্ধা জনাবলৈ কাইলৈ আহিব ৰাহুল গান্ধী
ব্লেক কফি খালে দূৰ হয় ফেটি লিভাৰৰ সমস্যা
৬ কোটি টকাৰ ব্যয়েৰে অযোধ্যাত সম্পূৰ্ণ হ'ল ৰামায়ণৰ ওপৰত বিশ্বৰ প্ৰথমটো মমৰ সংগ্ৰহালয়
নাজিৰাত বিলাসী বাহনসহ চুৰি গৰু উদ্ধাৰ!  দুজনক আটক আৰু গৰুভৰ্তি দুখন বাহনৰ পলায়ন
গৰৈমাৰীত চৰকাৰী আঁচনিৰ নামত ধন সংগ্ৰহৰ অভিযোগ:পুৰুষ মহিলাৰ তীব্ৰ প্ৰতিবাদ
তিনিচুকীয়াৰ বালিজানত মৰাণ লোকসকলক জাতিগত প্ৰমাণ পত্ৰ বিতৰণ
পাৰ্লাৰৰ ভিতৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ মেনেজাৰ সাগৰ বণিয়াৰ মৃতদেহ; ৩মাহে পোৱা নাছিল দৰমহা
ভাৰতত হ্রাস পাইছে সূৰ্যৰ ৰশ্মি, সঘনে হোৱা প্ৰতিকূল বতৰৰ বাবে সমগ্ৰ দেশত ভয়ানক বায়ু প্ৰদূষণৰ আশংকা
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য