--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ধৃত সৰবৰাহকাৰী দম্পতীক মহাৰাষ্ট্ৰৰ নাচিকৰ অনিল কেদু যাদৱ ওৰফে সাগৰ আৰু তেওঁৰ পত্নী টুটুমনি দাস ওৰফে পূজা বুলি চিনাক্ত কৰা হৈছে।

ডিজিটেল ডেস্ক: বাক্সা জিলা আৰক্ষীয়ে চলোৱা এক সফল অভিযানত গ্ৰেপ্তাৰ হল এক দম্পতী। এই অভিযানত আৰক্ষীয়ে মেঘালয়ৰ পৰা সৰবৰাহ কৰা তিনিগৰাকী কিশোৰীকো সুৰক্ষিতভাৱে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।


ধৃত সৰবৰাহকাৰী দম্পতীক মহাৰাষ্ট্ৰৰ নাচিকৰ অনিল কেদু যাদৱ ওৰফে সাগৰ আৰু তেওঁৰ পত্নী টুটুমনি দাস ওৰফে পূজা বুলি চিনাক্ত কৰা হৈছে।


শিমলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিলীম তালুকদাৰ আৰু জালাহ আৰক্ষী চকীৰ ইনচাৰ্জ (IC) সঞ্জীৱ তালুকদাৰৰ নেতৃত্বত আৰক্ষীৰ এটা দলে এই যুটীয়া অভিযান চলাইছিল।


মেঘালয়ৰ পৰা কিশোৰী তিনিগৰাকীক বাক্সাৰ ভুলকামাৰীত থকা অভিযুক্ত টুটুমনি দাসৰ মাতৃগৃহলৈ আনি থকাৰ অৱস্থাতে শিমলা আৰু জালাহ আৰক্ষীয়ে তেওঁলোকক আটক কৰে।


উদ্ধাৰ হোৱা কিশোৰী তিনিগৰাকী মেঘালয়ৰ জয়ন্তীয়া হিলচ জিলাৰ বুলি জানিব পৰা গৈছে।


ধৃত দম্পতীয়ে দীৰ্ঘদিন ধৰি এক বৃহৎ নেটৱৰ্ক গঢ়ি তুলিছিল। তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰলোভন দি মেঘালয়ৰ পৰা শিশু তথা কিশোৰীসকলক সৰবৰাহ কৰি আনি মহাৰাষ্ট্ৰৰ নাচিকত বিক্ৰী কৰি আহিছিল।


শিশু সৰবৰাহকাৰী দম্পতীক বৰ্তমান শিমলা আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে আৰু এই চক্ৰটোৰ সৈতে জড়িত অন্য তথ্য তথা সহযোগীসকলৰ সন্ধানত তীব্ৰ জেৰা অব্যাহত ৰাখিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত