--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ধৃত সৰবৰাহকাৰী দম্পতীক মহাৰাষ্ট্ৰৰ নাচিকৰ অনিল কেদু যাদৱ ওৰফে সাগৰ আৰু তেওঁৰ পত্নী টুটুমনি দাস ওৰফে পূজা বুলি চিনাক্ত কৰা হৈছে।

ডিজিটেল ডেস্ক: বাক্সা জিলা আৰক্ষীয়ে চলোৱা এক সফল অভিযানত গ্ৰেপ্তাৰ হল এক দম্পতী। এই অভিযানত আৰক্ষীয়ে মেঘালয়ৰ পৰা সৰবৰাহ কৰা তিনিগৰাকী কিশোৰীকো সুৰক্ষিতভাৱে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।


ধৃত সৰবৰাহকাৰী দম্পতীক মহাৰাষ্ট্ৰৰ নাচিকৰ অনিল কেদু যাদৱ ওৰফে সাগৰ আৰু তেওঁৰ পত্নী টুটুমনি দাস ওৰফে পূজা বুলি চিনাক্ত কৰা হৈছে।


শিমলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিলীম তালুকদাৰ আৰু জালাহ আৰক্ষী চকীৰ ইনচাৰ্জ (IC) সঞ্জীৱ তালুকদাৰৰ নেতৃত্বত আৰক্ষীৰ এটা দলে এই যুটীয়া অভিযান চলাইছিল।


মেঘালয়ৰ পৰা কিশোৰী তিনিগৰাকীক বাক্সাৰ ভুলকামাৰীত থকা অভিযুক্ত টুটুমনি দাসৰ মাতৃগৃহলৈ আনি থকাৰ অৱস্থাতে শিমলা আৰু জালাহ আৰক্ষীয়ে তেওঁলোকক আটক কৰে।


উদ্ধাৰ হোৱা কিশোৰী তিনিগৰাকী মেঘালয়ৰ জয়ন্তীয়া হিলচ জিলাৰ বুলি জানিব পৰা গৈছে।


ধৃত দম্পতীয়ে দীৰ্ঘদিন ধৰি এক বৃহৎ নেটৱৰ্ক গঢ়ি তুলিছিল। তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰলোভন দি মেঘালয়ৰ পৰা শিশু তথা কিশোৰীসকলক সৰবৰাহ কৰি আনি মহাৰাষ্ট্ৰৰ নাচিকত বিক্ৰী কৰি আহিছিল।


শিশু সৰবৰাহকাৰী দম্পতীক বৰ্তমান শিমলা আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে আৰু এই চক্ৰটোৰ সৈতে জড়িত অন্য তথ্য তথা সহযোগীসকলৰ সন্ধানত তীব্ৰ জেৰা অব্যাহত ৰাখিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান