--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • যি সময়ত এচাম দুষ্কৃতিকাৰীয়ে জধে-মধে হাবিৰ গছ কাটি তহিলং কৰিছে, সেই সময়ত যোৰহাট জিলাৰ জাঁজীমুখ অঞ্চলৰ এজন যুৱকে দাঙি ধৰিছে প্রকৃতিপ্ৰেমৰ অনন্য নিদর্শন। লোকচক্ষুৰ পৰা আঁতৰত থাকি যুৱকজনে বৰলুইতৰ চাপৰিত ৰোপণ কৰিছে মূল্যৱান অর্জুন গছৰ পুলিকে ধৰি অন্যান্য লাখ লাখ গছপুলি।

ডিজিটেল ডেস্ক : আপোনাৰ, মোৰ বাবে অবিশ্বাস্য যেন লাগিলেও বাস্তৱত কিন্তু সঁচা। যোৰহাট জিলাৰ বানে বিধ্বস্ত কৰা জাঁজীমুখত এগৰাকী যুৱকে বৰলুইতৰ চাপৰি সেউজীয়া কৰি তুলিছে। নদীৰ চাপৰিত ৰোপণ কৰিলে ১১ লাখ ৫০ হাজাৰ গছপুলি। প্ৰায় বাৰশ হেক্টৰ মাটিত ২০১৯ চনতে গছ পুলি ৰোপণ কৰিবলৈ আৰম্ভ কৰা এই গৰাকী যুৱকৰ এই প্ৰচেষ্টা এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে।


যি সময়ত এচাম দুষ্কৃতিকাৰীয়ে জধে-মধে হাবিৰ গছ কাটি তহিলং কৰিছে, সেই সময়ত যোৰহাট জিলাৰ জাঁজীমুখ অঞ্চলৰ এজন যুৱকে দাঙি ধৰিছে প্রকৃতিপ্ৰেমৰ অনন্য নিদর্শন। লোকচক্ষুৰ পৰা আঁতৰত থাকি যুৱকজনে বৰলুইতৰ চাপৰিত ৰোপণ কৰিছে মূল্যৱান অর্জুন গছৰ পুলিকে ধৰি অন্যান্য লাখ লাখ গছপুলি। 


কেৱল গছপুলি ৰোপণেই নহয়, প্রতিপালনো কৰিছে এইজন যুৱকে। নাম তেওঁৰ কমলেশ্বৰ কুটুম। ঘৰ যোৰহাটৰ জাঁজীমুখ বেজৰছিগাত। ২০১৯ চনৰে পৰা ব্ৰহ্মপুত্রই পাতি দিয়া চাপৰিত গছপুলি ৰোপণ কৰি অহা কমলেশ্বৰে ৮ বছৰত ১২শ হেক্টৰ মাটিত ৰোপণ কৰিলে ১১ লাখ ৫০ হাজাৰ গছপুলি। বেচৰকাৰী সংস্থা বালিপাৰা ফাউণ্ডেশ্যনৰ আংশিক সহযোগিতাত প্রায় ডেৰশ লোকে এইজন যুৱকৰ নেতৃত্বত ৰোপণ কৰিছে এইসমূহ গছপুলি। উল্লেখযোগ্য যে বানে বিধ্বস্ত কৰা জাঁজীমুখত কমলেশ্বৰ কুটুমৰ দৰে বহু তৰুণ- তৰুণীয়ে চাপৰিসমূহত গঢ়ি তুলিছে সেউজ বিপ্লৱ। হাতী-মানুহৰ সংঘাতে অতিষ্ঠ কৰা নদীপৰীয়া ৰাইজক সকাহ দিয়াৰ লগতে জৈৱ বৈচিত্র্য অক্ষুণ্ণ ৰখাৰ উদ্দেশ্যে এই প্রয়াস তেওঁলোকৰ। 

উল্লেখযোগ্য যে নামনি জাঁজীমুখত কমলেশ্বৰ কুটুমৰ দৰে মধ্য জাঁজীমুখত ললিত টাউদ আৰু উজনি জাঁজীমুখত ৰূপক টায়ুঙৰ নেতৃত্বত আৰম্ভ হোৱা এই বনানীকৰণে আশাৰ বতৰা কঢ়িয়াই আনিছে। তাৎপৰ্যপূৰ্ণ যে চৰকাৰী পৃষ্ঠপোষকতাত অমৃত বৃক্ষ আঁচনিৰ অধীনত কোটি টকা ব্যয় কৰি ৰোপণ কৰা গছপুলিৰ চিন-মোকাম নথকাৰ বিপৰীতে জাঁজীমুখত আৰম্ভ হোৱা এই কাৰ্য আনৰ বাবে অনুকৰণীয়।

উৎস: দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত