--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • যি সময়ত এচাম দুষ্কৃতিকাৰীয়ে জধে-মধে হাবিৰ গছ কাটি তহিলং কৰিছে, সেই সময়ত যোৰহাট জিলাৰ জাঁজীমুখ অঞ্চলৰ এজন যুৱকে দাঙি ধৰিছে প্রকৃতিপ্ৰেমৰ অনন্য নিদর্শন। লোকচক্ষুৰ পৰা আঁতৰত থাকি যুৱকজনে বৰলুইতৰ চাপৰিত ৰোপণ কৰিছে মূল্যৱান অর্জুন গছৰ পুলিকে ধৰি অন্যান্য লাখ লাখ গছপুলি।

ডিজিটেল ডেস্ক : আপোনাৰ, মোৰ বাবে অবিশ্বাস্য যেন লাগিলেও বাস্তৱত কিন্তু সঁচা। যোৰহাট জিলাৰ বানে বিধ্বস্ত কৰা জাঁজীমুখত এগৰাকী যুৱকে বৰলুইতৰ চাপৰি সেউজীয়া কৰি তুলিছে। নদীৰ চাপৰিত ৰোপণ কৰিলে ১১ লাখ ৫০ হাজাৰ গছপুলি। প্ৰায় বাৰশ হেক্টৰ মাটিত ২০১৯ চনতে গছ পুলি ৰোপণ কৰিবলৈ আৰম্ভ কৰা এই গৰাকী যুৱকৰ এই প্ৰচেষ্টা এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে।


যি সময়ত এচাম দুষ্কৃতিকাৰীয়ে জধে-মধে হাবিৰ গছ কাটি তহিলং কৰিছে, সেই সময়ত যোৰহাট জিলাৰ জাঁজীমুখ অঞ্চলৰ এজন যুৱকে দাঙি ধৰিছে প্রকৃতিপ্ৰেমৰ অনন্য নিদর্শন। লোকচক্ষুৰ পৰা আঁতৰত থাকি যুৱকজনে বৰলুইতৰ চাপৰিত ৰোপণ কৰিছে মূল্যৱান অর্জুন গছৰ পুলিকে ধৰি অন্যান্য লাখ লাখ গছপুলি। 


কেৱল গছপুলি ৰোপণেই নহয়, প্রতিপালনো কৰিছে এইজন যুৱকে। নাম তেওঁৰ কমলেশ্বৰ কুটুম। ঘৰ যোৰহাটৰ জাঁজীমুখ বেজৰছিগাত। ২০১৯ চনৰে পৰা ব্ৰহ্মপুত্রই পাতি দিয়া চাপৰিত গছপুলি ৰোপণ কৰি অহা কমলেশ্বৰে ৮ বছৰত ১২শ হেক্টৰ মাটিত ৰোপণ কৰিলে ১১ লাখ ৫০ হাজাৰ গছপুলি। বেচৰকাৰী সংস্থা বালিপাৰা ফাউণ্ডেশ্যনৰ আংশিক সহযোগিতাত প্রায় ডেৰশ লোকে এইজন যুৱকৰ নেতৃত্বত ৰোপণ কৰিছে এইসমূহ গছপুলি। উল্লেখযোগ্য যে বানে বিধ্বস্ত কৰা জাঁজীমুখত কমলেশ্বৰ কুটুমৰ দৰে বহু তৰুণ- তৰুণীয়ে চাপৰিসমূহত গঢ়ি তুলিছে সেউজ বিপ্লৱ। হাতী-মানুহৰ সংঘাতে অতিষ্ঠ কৰা নদীপৰীয়া ৰাইজক সকাহ দিয়াৰ লগতে জৈৱ বৈচিত্র্য অক্ষুণ্ণ ৰখাৰ উদ্দেশ্যে এই প্রয়াস তেওঁলোকৰ। 

উল্লেখযোগ্য যে নামনি জাঁজীমুখত কমলেশ্বৰ কুটুমৰ দৰে মধ্য জাঁজীমুখত ললিত টাউদ আৰু উজনি জাঁজীমুখত ৰূপক টায়ুঙৰ নেতৃত্বত আৰম্ভ হোৱা এই বনানীকৰণে আশাৰ বতৰা কঢ়িয়াই আনিছে। তাৎপৰ্যপূৰ্ণ যে চৰকাৰী পৃষ্ঠপোষকতাত অমৃত বৃক্ষ আঁচনিৰ অধীনত কোটি টকা ব্যয় কৰি ৰোপণ কৰা গছপুলিৰ চিন-মোকাম নথকাৰ বিপৰীতে জাঁজীমুখত আৰম্ভ হোৱা এই কাৰ্য আনৰ বাবে অনুকৰণীয়।

উৎস: দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান