--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হোৱা টি-২০ মেচখনত ইংলেণ্ডক ৭ উইকেটত পৰাস্ত কৰে ভাৰতে। ভাৰতীয় দলৰ হৈ বিস্ফোৰক প্ৰদৰ্শন আগবঢ়ায় অভিষেক শৰ্মাই। তেওঁ ৭৯ ৰানৰ ইনিংছ খেলে। এই জয়ৰ জৰিয়তে ভাৰতে পাঁচখন খেলৰ টি-২০ শৃংখলাত ১-০ত অগ্ৰগতি লাভ কৰিছে। ভাৰতীয় দলৰ হৈ বৰুণ চক্ৰৱৰ্তী আৰু অৰ্ষদ্বীপ সিঙে আকৰ্ষণীয় বলিং কৰে। অক্ষৰ পেটেলেও নিজৰ প্ৰদৰ্শন আগবঢ়ালে।


ইংলেণ্ডে দিয়া লক্ষ্যত ভাৰতীয় দলৰ হৈ অ’পেন কৰিবলৈ আহিছিল সঞ্জু চেমছন আৰু অভিষেক শৰ্মাই। এই সময়ছোৱাত চেমচনে ২৬ ৰান সংগ্ৰহ কৰি আউট হয়। ২০টা বলৰ মুখামুখি হৈ ৪টা চাৰি আৰু ১টা ছয় সংগ্ৰহ কৰে। কেপ্তেইন সূৰ্যকুমাৰ যাদৱে সুন্দৰ  প্ৰদৰ্শন কৰিব নোৱাৰিলে। শূন্যত জফ্ৰা আৰ্চাৰে তেওঁক আউট কৰে। অভিষেকে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই ৭৯ ৰানৰ ইনিংছ খেলিবলৈ সক্ষম হয়। তিলক ভাৰ্মাই ১৯ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে। ৩ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে হাৰ্দিক পাণ্ডিয়া। ভাৰতে ১২.৫ অভাৰত এই লক্ষ্যত উপনীত হয়।

অভিষেকৰ বিস্ফোৰক অৰ্ধশতক -

ভাৰতৰ হৈ অভিষেক শৰ্মাই এখন মেচ বিজয়ী ইনিংছ খেলিছিল। মাত্ৰ ২০টা বলত তেওঁ অৰ্ধশতক সম্পূৰ্ণ কৰিলে। অভিষেকে ৩৪টা বলত ৭৯ ৰান সংগ্ৰহ কৰে। তেওঁ ৫টা চাৰি আৰু ৮টা ছয় কৰে।

ইংলেণ্ডৰ আৰ্চাৰে দখল কৰে ২টা উইকেট -

ইংলেণ্ডৰ হৈ আৰ্চাৰে ভাল বলিং কৰে। ৪ অভাৰত ২১ ৰানত ২ উইকেট দখল কৰে। আদিল ৰছিদেও লাভ কৰিলে সফলতা। ২ অভাৰত ২৭ ৰান দিয়ে। এইবোৰৰ বাহিৰে কোনেও উইকেট নাপালে।

ইংলেণ্ডৰ হৈ বাটলাৰৰ অৰ্ধশতক

প্ৰথমে বেটিং কৰি ইংলেণ্ডে ১৩২ ৰান সংগ্ৰহ কৰি ২০ অভাৰত অল আউট হয়। দলটোৰ আৰম্ভণি বহুত বেয়া আছিল। অ’পেনাৰ ফিল ছল্ট শূন্যত আউট হয়। আনহাতে বেন ডাকেটে ৪ ৰান সংগ্ৰহ কৰি আউট হয়। কিন্তু জোছ বাটলাৰে ইনিংছ নিয়ন্ত্ৰণত ৰাখিছিল। তেওঁ অৰ্ধ শতক অৰ্জন কৰে। বাটলাৰে ৪৪টা বলত ৬৮ ৰান সংগ্ৰহ কৰে। এই সময়ছোৱাত তেওঁ ৮টা চাৰি আৰু ২টা ছয় কৰে। হেৰী ব্ৰুক ১৭ ৰানৰ অৰিহণা যোগায়। এইবোৰৰ বাহিৰে আন কোনো বেটছমেনে বিশেষ একো কৰিব নোৱাৰিলে। আৰ্চাৰে ১২ ৰান আৰু আদিল ৰছিদে ৮ ৰান আগবঢ়ায়।

জিলিকি উঠিল ভাৰতীয় বলাৰ

কলকাতাত জিলিকি উঠিল ভাৰতীয় দলৰ বলাৰ। বৰুণ চক্ৰৱৰ্তীয়ে ৪ অভাৰত ২৩ ৰান দি ৩ উইকেট দখল কৰে। আৰ্শদীপ সিঙে ৪ অভাৰত ১৭ ৰানত ২ উইকেট দখল কৰে। অক্ষৰ পেটেলে ৪ অভাৰত ২২ ৰানত ২ উইকেট দখল কৰে। তেওঁ মেডেন অভাৰত বলিং কৰিলে। হাৰ্দিক পাণ্ডিয়াইও ২টা উইকেট লাভ কৰে।

অৰ্ষদীপৰ বিশেষ অভিলেখ -

কলকাতাত ২টা উইকেট দখল কৰি অৰ্ষদীপ সিঙে নিজৰ নামত এক বিশেষ অভিলেখ গঢ়িবলৈ সক্ষম হয়। তেওঁ ভাৰতৰ হৈ সৰ্বাধিক টি-২০ আন্তঃৰাষ্ট্ৰীয় উইকেট দখল কৰা বলাৰ হৈ পৰিল। এই পৰ্যন্ত তেওঁ ৯৭টা উইকেট দখল কৰিছে। এই বিষয়ত যুজবেন্দ্ৰ চাহালকে ধৰি বহু কিংবদন্তি পিছ পৰি ৰৈ গ’ল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
মৰাণৰ পিছত এইবাৰ ৰাজপথ কঁপাব মটকে, জনজাতিকৰণৰ দাবীৰে ২৬ ছেপ্টেম্বৰত ৫০ হাজাৰ মটক ৰাইজে কঁপাব লাহোৱালৰ আকাশ বতাহ
জাঁজীৰ উৰণ সেতুত অংকন জুবিন গাৰ্গৰ প্ৰতিচ্ছবি, পাঁচগৰাকী শিল্পীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দেখুৱালে ব্যতিক্রমী কার্য
কাইলৈৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ