--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰতিদিনে পাকিস্তানৰ পৰা আহিছে বিস্ফোৰণৰ খবৰ। এইবাৰ ইয়াৰ আটাইতকৈ অশান্ত প্ৰদেশ বেলুচিস্তানত সংঘটিত হৈছে বিস্ফোৰণৰ ঘটনা। য’ত চাৰিটা নিস্পাপ শিশুৱে হেৰুৱালে প্ৰাণ।

সন্ত্ৰাসবাদক আশ্ৰয় দিয়া দেশ পাকিস্তানে দৈনিক কেইবাটাও বিস্ফোৰণৰ সৈতে যুঁজি আছে, যাৰ বলি হৈছে সাধাৰণ নাগৰিক। পাকিস্তানৰ অশান্ত প্ৰদেশ বেলুচিস্তানত বিদ্ৰোহী সংগঠনে চৰকাৰৰ বিৰুদ্ধে ফ্ৰণ্ট মুকলি কৰিছে। 

বুধবাৰে বেলুচিস্তানৰ খুজদাৰৰ কৰাচী-কুৱেটা ৰাষ্ট্ৰীয় ঘাইপথৰ জিৰ’ পইণ্টৰ সমীপত এখন স্কুল বাছত বিস্ফোৰণ ঘটি চাৰিটা শিশুৰ মৃত্যু হোৱাৰ বিপৰীতে ৩৮টা শিশু আহত হয়। বাছখন সেনাবাহিনীৰ স্কুল বাছ আছিল।

স্থানীয় বিষয়াসকলে জনোৱা মতে, শিশু কঢ়িয়াই অনা এখন স্কুল বাছখনে পথৰ কাষত ৰখাই থোৱা বিস্ফোৰক ভৰ্তি বাহনৰ কাষেৰে পাৰ হৈ যোৱাৰ ফলত এই বিস্ফোৰণ সংঘটিত হয়। ৰাষ্ট্ৰীয় ঘাইপথৰ এটা ডাঙৰ জংচন ব্যস্ত জিৰ’ পইণ্ট এলেকাৰ আশে-পাশে সংঘটিত হয় এই ঘটনা। উপায়ুক্ত খুজদাৰে এই বিস্ফোৰণ আত্মঘাতী আক্ৰমণ বুলি জানিবলৈ দিয়ে।

ইফালে উপ আয়ুক্ত খুজদাৰে নিশ্চিত কৰিছে যে এই বিস্ফোৰণত চাৰিটা শিশু নিহত হোৱাৰ লগতে ৩৮ জনতকৈ অধিক লোক আহত হৈছে। তেওঁ কয় যে আহতসকলক চিকিৎসাৰ বাবে সংযুক্ত সামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

উপাযুক্তগৰাকীয়ে আৰু কয় যে এই বিস্ফোৰণটো আত্মঘাতী আক্ৰমণ আছিল আৰু এই ঘটনাৰ আঁৰৰ লোকসকলক চিনাক্ত কৰিবলৈ তদন্ত অব্যাহত আছে।

বেলুচিস্তানত দীৰ্ঘদিন ধৰি হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে, আমেৰিকাৰ দ্বাৰা নিৰ্ধাৰিত বেলুচিস্তান লিবাৰেচন আৰ্মীকে ধৰি বিভিন্ন বিচ্ছিন্নতাবাদী গোটে নিৰাপত্তা বাহিনী আৰু আন্তঃগাঁথনিক লক্ষ্য কৰি সঘনাই আক্ৰমণ কৰি আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ