--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পহলগাম-কাণ্ডৰ পাছত ভাৰতে পাকিস্তানৰ সৈতে সিন্ধু জল চুক্তি বাতিল কৰাৰ পাছত পাকিস্তানত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। ইয়াৰ মাজতে পাকিস্তানত আন এক নতুন বিপদে দেখা দিছে। পাকিস্তানলৈ নদীৰ জলধাৰা বন্ধ কৰাৰ উদ্দেশ্যে আফগানিস্তানে ইয়াৰ নদীত নতুন নদীবান্ধ নিৰ্মাণ কৰিবলৈ প্রস্তুতি চলাইছে। 

পাকিস্তানৰ দিশলৈ যোৱা পানীত ভাৰতে জলবিদ্যুৎ প্রকল্পৰ বাবে নদীবান্ধ নিৰ্মাণ কৰাৰ সময়তে আফগানিস্তানৰ এই সিদ্ধান্তই যথেষ্ট তাৎপর্য বহন কৰিছে। বেলুচ লেখক মীৰ য়াব বেলুচে সামাজিক মাধ্যম "এক্স'ত এই তথ্য সদৰী কৰি কয় যে এয়া হৈছে 'নাপাকিস্তান' অন্তৰ আৰম্ভণি। ভাৰতৰ পাছত এতিয়া আফগানিস্তানে 'নাপাকিস্তান'লৈ পানীৰ ধাৰা বন্ধ কৰিবলৈ বান্ধ নিৰ্মাণৰ প্ৰস্তুতি চলাই আছে। বেলুচ লেখকজনৰ এই দাবী আফগানিস্তান বা পাকিস্তানে আনুষ্ঠানিকভাৱে নিশ্চিত কৰা নাই যদিও বেলুচিস্তানৰ স্বাধীনতাৰ এজন অগ্রণী কৰ্মীৰ এই দাবীয়ে দক্ষিণ এছিয়াত জলসম্পদ বিষয়ক আন এক নতুন উত্তেজনাৰ সূচনা কৰিছে বুলি ধাৰণা কৰা হৈছে। 

আনহাতে, বেলুচ লেখক মীৰ য়াবে দাবী কৰিছে যে তালিবানী সেনাৰ এজন জ্যেষ্ঠ বিষয়া, জেনেৰেল মুবিনে সম্ভাব্য নদীবান্ধথলী পূব আফগানিস্তানৰ কুনাৰ অঞ্চল ইতিমধ্যে পৰিদৰ্শন কৰিছে। পাকিস্তানলৈ নদীৰ জলধাৰা বন্ধ কৰাৰ বাবে বহুকেইটা নদীবান্ধ নিৰ্মাণৰ বাবে পুঁজি প্ৰদানৰ হেতু কাবুলৰ কৰ্তৃপক্ষক আহ্বান জনাইছে তালিবান সেনা বিষয়াজনে।

জেনেৰেল মুবিনৰ উদ্ধৃতি দি মীৰ য়াবে প'ষ্টটোত কয় যে সেই নদীৰ পানী হৈছে আফগানসকলৰ 'তেজ' আৰু তেওঁলোকৰ 'তেজ'ক বেলেগ দেশলৈ অথলে বৈ যাব দিব নোৱাৰে। জেনেৰেল মুবিনে কয় যে তেওঁলোকে তেওঁলোকৰ পানীৰ ধাৰা বন্ধ কৰিব আৰু এই জলধাৰাই তেওঁলোকৰ বিদ্যুতৰ প্রয়োজনীয়তা পূৰণ কৰাত সহায়ক হ'ব আৰু তেওঁলোকে তেওঁলোকৰ কৃষি খণ্ডকো উন্নত পর্যায়লৈ নিব পাৰিব। উল্লেখযোগ্য যে আফগানিস্তানৰ কাবুল নদীৰ উপনৈ কুনাৰ অঞ্চলত কুনাৰ নদী নামেৰে আফগানিস্তানৰ পৰা পাকিস্তানলৈ বৈ আছে আৰু এই নদীৰ জলধাৰাই পাকিস্তানৰ কৃষি খণ্ডত গুৰুত্বপূর্ণ ভূমিকা লয়।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ