--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তিনিজন পাকিস্তানী খেলুৱৈক জৰিমনা বিহিছে আইচিচিয়ে। বৃহস্পতিবাৰে আইচিচিয়ে এক্সৰ জৰিয়তে এই তথ্য শ্বেয়াৰ কৰে। ত্ৰিকোণীয় শৃংখলাৰ তৃতীয়খন খেলত পাকিস্তানে দক্ষিণ আফ্ৰিকাক ৬ উইকেটত পৰাস্ত কৰে। এই মেচৰ সময়ত তিনিওজন ক্ৰিকেটাৰ শ্বাহীন আফ্ৰিদি, ছৌদ শ্বাকিল আৰু কামৰাণ গুলামে আইচিচিৰ নিয়ম ভংগ কৰিছিল। 

সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে পাকিস্তানৰ বেগী বলাৰ শ্বাহীন আফ্ৰিদীয়ে। আইচিচিয়ে মেচ মাচুলৰ ২৫ শতাংশ জৰিমনা বিহিছে শ্বাহীনক। খেলখনৰ সময়ত দক্ষিণ আফ্ৰিকাৰ খেলুৱৈ মেথিউ ব্ৰিট্জকেৰ সৈতে শ্বাহিনৰ সংঘৰ্ষ হয়। এই দুয়োৰে মাজত বিতৰ্কৰ সৃষ্টি হৈছিল। এই ঘটনাৰ বহু ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছিল। এই কাৰণেই আইচিচিয়ে শ্বাহীনক শাস্তি প্ৰদান কৰিছে।

আইচিচিয়ে মেচ মাচুলৰ ১০ শতাংশ জৰিমনা বিহিছে ছৌদ শ্বাকিল আৰু কামৰাণ গুলামৰ বিৰুদ্ধে। বিকল্প ফিল্ডাৰ হিচাপে খেলপথাৰলৈ আহিছিল কামৰাণ। দক্ষিণ আফ্ৰিকাৰ ইনিংছৰ ২৯ অভাৰৰ সময়ত টেম্বা বাভুমা ৰান আউট হৈছিল। ইয়াৰ পিছত দুয়োজনে বাভুমাৰ ওচৰলৈ আহি আক্ৰমণাত্মক মনোভাৱ দেখুৱালে। দুয়োজনে আইচিচিৰ নিয়ম উলংঘা কৰিছে। সেইবাবেই শাস্তি দিয়া হৈছে। এই আটাইকেইজন খেলুৱৈকো এটাকৈ ডিমেৰিট পইণ্ট দিয়া হৈছে।

পাকিস্তানে দক্ষিণ আফ্ৰিকাক ৬ উইকেটত পৰাস্ত কৰে। এই খেলখনত মহম্মদ ৰিজৱানে শতক অৰ্জন কৰে। এই শৃংখলাৰ প্ৰথমখন খেলত নিউজিলেণ্ড আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হৈছিল। এই খেলখনত নিউজিলেণ্ডে ৭৮ ৰানত জয়লাভ কৰে। ইয়াৰ পিছত দক্ষিণ আফ্ৰিকাক ৬ উইকেটত পৰাস্ত কৰে। পাকিস্তানে দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। এতিয়া ১৪ ফেব্ৰুৱাৰীত পাকিস্তান আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব ফাইনেল।






FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ