--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তিনিজন পাকিস্তানী খেলুৱৈক জৰিমনা বিহিছে আইচিচিয়ে। বৃহস্পতিবাৰে আইচিচিয়ে এক্সৰ জৰিয়তে এই তথ্য শ্বেয়াৰ কৰে। ত্ৰিকোণীয় শৃংখলাৰ তৃতীয়খন খেলত পাকিস্তানে দক্ষিণ আফ্ৰিকাক ৬ উইকেটত পৰাস্ত কৰে। এই মেচৰ সময়ত তিনিওজন ক্ৰিকেটাৰ শ্বাহীন আফ্ৰিদি, ছৌদ শ্বাকিল আৰু কামৰাণ গুলামে আইচিচিৰ নিয়ম ভংগ কৰিছিল। 

সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে পাকিস্তানৰ বেগী বলাৰ শ্বাহীন আফ্ৰিদীয়ে। আইচিচিয়ে মেচ মাচুলৰ ২৫ শতাংশ জৰিমনা বিহিছে শ্বাহীনক। খেলখনৰ সময়ত দক্ষিণ আফ্ৰিকাৰ খেলুৱৈ মেথিউ ব্ৰিট্জকেৰ সৈতে শ্বাহিনৰ সংঘৰ্ষ হয়। এই দুয়োৰে মাজত বিতৰ্কৰ সৃষ্টি হৈছিল। এই ঘটনাৰ বহু ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছিল। এই কাৰণেই আইচিচিয়ে শ্বাহীনক শাস্তি প্ৰদান কৰিছে।

আইচিচিয়ে মেচ মাচুলৰ ১০ শতাংশ জৰিমনা বিহিছে ছৌদ শ্বাকিল আৰু কামৰাণ গুলামৰ বিৰুদ্ধে। বিকল্প ফিল্ডাৰ হিচাপে খেলপথাৰলৈ আহিছিল কামৰাণ। দক্ষিণ আফ্ৰিকাৰ ইনিংছৰ ২৯ অভাৰৰ সময়ত টেম্বা বাভুমা ৰান আউট হৈছিল। ইয়াৰ পিছত দুয়োজনে বাভুমাৰ ওচৰলৈ আহি আক্ৰমণাত্মক মনোভাৱ দেখুৱালে। দুয়োজনে আইচিচিৰ নিয়ম উলংঘা কৰিছে। সেইবাবেই শাস্তি দিয়া হৈছে। এই আটাইকেইজন খেলুৱৈকো এটাকৈ ডিমেৰিট পইণ্ট দিয়া হৈছে।

পাকিস্তানে দক্ষিণ আফ্ৰিকাক ৬ উইকেটত পৰাস্ত কৰে। এই খেলখনত মহম্মদ ৰিজৱানে শতক অৰ্জন কৰে। এই শৃংখলাৰ প্ৰথমখন খেলত নিউজিলেণ্ড আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হৈছিল। এই খেলখনত নিউজিলেণ্ডে ৭৮ ৰানত জয়লাভ কৰে। ইয়াৰ পিছত দক্ষিণ আফ্ৰিকাক ৬ উইকেটত পৰাস্ত কৰে। পাকিস্তানে দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। এতিয়া ১৪ ফেব্ৰুৱাৰীত পাকিস্তান আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব ফাইনেল।






FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post