--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কইনা বিচাৰি হাইৰান! চকুৰ সন্মুখতে সমনীয়াই বিয়া পাতিলে। তেওঁৰ সমনীয়াই সুন্দৰী পত্নীৰে সুখৰ সংসাৰ পাৰ কৰিছে। এইবোৰ দেখি-শুনি তেওঁৰো গাত মাহ-হালধি লগোৱাৰ মন। কিন্তু প্ৰতিবাৰেই বিবাহৰ যোগ তেওঁৰ পৰা হাজাৰ যোজন মাইল আঁতৰি যায়। তেওঁৰ মনত আক্ষেপ, তেওঁৰ নাই কি? ব্যক্তিজন চফল ডেকা, বয়স ২৯ বছৰ। বেংকত ভাল বেতনৰ চাকৰিও আছে তেওঁৰ। ইয়াৰ পাছতো ব্যক্তিজনৰ ক্ষেত্ৰত হয় কুণ্ডলী নিমিলে, নহয় কইনাই পচন্দ নকৰে!

 এবছৰ ধৰি তেওঁ আৰু তেওঁৰ পৰিয়ালে বিবাহৰ বাবে কইনা বিচাৰি আছে। কিন্তু বহু প্ৰচেষ্টাৰ পাছতো, তেওঁলোকে কইনা বিচাৰি নাপায়। এই পৰিস্থিতিত ব্যক্তিজন হতাশাত ভুগিবলগা হয়। আপোনাৰো এনে সমস্যা হৈছে নেকি? চিন্তা নকৰিব, বিশেষজ্ঞসকলে এইক্ষেত্ৰত পৰামৰ্শ আগবঢ়াইছে।

 ব্যক্তিজনে তেওঁৰ সমস্যাৰ বিষয়ে উল্লেখ কৰি বিশেষজ্ঞৰ কাষ চাপিছিল। তেওঁ কৈছিল, ‘মোৰ বয়স ২৯ বছৰ। মই অবিবাহিত, বেংকত কাম কৰোঁ। দৰমহাও ভাল। কিন্তু সমস্যাটো হ'ল-এই সকলোবোৰ থকাৰ পিছতো মোৰ বিয়া হোৱা নাই। দৰাচলতে যোৱা এবছৰ ধৰি মোৰ মা-দেউতাই মোৰ বাবে উপযুক্ত কইনা বিচাৰি আছে। কিন্তু এতিয়াও কইনা পোৱা নাই। এইক্ষেত্ৰত বাৰে বাৰে বাধাৰ সন্মুখীন হৈছো। এইটোও কোৱা হয় যে কুণ্ডলী মিলা নাই। এইবাৰ ময়ো বহুত চেষ্টা কৰি বৈবাহিক ছাইটত মোৰ নাম পঞ্জীয়ন কৰাৰ লগতে, পেপাৰতো বিজ্ঞাপন দিছিলো। কিন্তু এই সকলোবোৰ কৰাৰ পাছতো সফল হব পৰা নাই। এতিয়া মই নাজানো মই প্ৰকৃততে কি কৰা উচিত? এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ কিবা উপদেশ দিয়ক।

 তেওঁৰ সমস্যা উপলব্ধি কৰি মুম্বাইৰ এগৰাকী সম্পৰ্ক পৰামৰ্শদাতা ৰচনা অৱতৰামানীয়ে কয়, ‘মই বুজি পাইছো যে আপোনাৰ সঠিক জীৱন সংগী বিচাৰি পোৱাত সমস্যা হৈছে। কিন্তু তাৰ বাবে আপুনি মনোবল অঠুট ৰাখিব লাগিব। নিজৰ বাবে সঠিক সংগী বিচাৰি উলিওৱাটো সহজ কাম নহয়। এইক্ষেত্ৰত এতিয়া ইণ্টাৰনেটৰ সহায়ত বহুতে নিজৰ জীৱন সংগীত বিচাৰি পায়। এই বস্তুবোৰৰ বিষয়ে নাভাবিব। আপোনাৰ বয়স ২৯ বছৰ। এতিয়া আপুনি বৈবাহিক ছাইটত আপোনাৰ নাম পঞ্জীয়ন কৰিছে। কিন্তু আপুনি নিজে সম্পৰ্ক সৃষ্টি এটা কৰিব নোৱাৰে।

 ব্যক্তিজনে আনকি নিজৰ ভাগ্যকো দোষাৰোপ কৰিছিল। কিন্তু এই ক্ষেত্ৰত বিশেষজ্ঞই কয় যে, দৰাচলতে সকলোবোৰ সময়ৰ ওপৰত নিৰ্ভৰ কৰে। সময়ৰ আগতে মানুহে একো নাপায়।

সমস্যা অতিক্ৰম কৰিবলৈ আপোনাৰ নিজৰ ওপৰত আত্মবিশ্বাস থাকিব লাগিব। তেতিয়াহে আপুনি সমস্যাটোৰ পৰা বাহিৰ হ'ব পাৰিব। সমস্যা সমাধানৰ বাবে অলপ ধৈৰ্য্য ধৰাৰ প্ৰয়োজন। কাৰণ মানুহৰ বাবে ধৈৰ্য্যতকৈ সমস্যা এটা ভালদৰে সমাধান কৰাৰ কোনো উপায় নাই। গতিকে চিন্তা কৰাৰ কোনো কাৰণ নাই।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
‘সংসদ চল’ সমদলত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত জৰুৰী শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ