--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কইনা বিচাৰি হাইৰান! চকুৰ সন্মুখতে সমনীয়াই বিয়া পাতিলে। তেওঁৰ সমনীয়াই সুন্দৰী পত্নীৰে সুখৰ সংসাৰ পাৰ কৰিছে। এইবোৰ দেখি-শুনি তেওঁৰো গাত মাহ-হালধি লগোৱাৰ মন। কিন্তু প্ৰতিবাৰেই বিবাহৰ যোগ তেওঁৰ পৰা হাজাৰ যোজন মাইল আঁতৰি যায়। তেওঁৰ মনত আক্ষেপ, তেওঁৰ নাই কি? ব্যক্তিজন চফল ডেকা, বয়স ২৯ বছৰ। বেংকত ভাল বেতনৰ চাকৰিও আছে তেওঁৰ। ইয়াৰ পাছতো ব্যক্তিজনৰ ক্ষেত্ৰত হয় কুণ্ডলী নিমিলে, নহয় কইনাই পচন্দ নকৰে!

 এবছৰ ধৰি তেওঁ আৰু তেওঁৰ পৰিয়ালে বিবাহৰ বাবে কইনা বিচাৰি আছে। কিন্তু বহু প্ৰচেষ্টাৰ পাছতো, তেওঁলোকে কইনা বিচাৰি নাপায়। এই পৰিস্থিতিত ব্যক্তিজন হতাশাত ভুগিবলগা হয়। আপোনাৰো এনে সমস্যা হৈছে নেকি? চিন্তা নকৰিব, বিশেষজ্ঞসকলে এইক্ষেত্ৰত পৰামৰ্শ আগবঢ়াইছে।

 ব্যক্তিজনে তেওঁৰ সমস্যাৰ বিষয়ে উল্লেখ কৰি বিশেষজ্ঞৰ কাষ চাপিছিল। তেওঁ কৈছিল, ‘মোৰ বয়স ২৯ বছৰ। মই অবিবাহিত, বেংকত কাম কৰোঁ। দৰমহাও ভাল। কিন্তু সমস্যাটো হ'ল-এই সকলোবোৰ থকাৰ পিছতো মোৰ বিয়া হোৱা নাই। দৰাচলতে যোৱা এবছৰ ধৰি মোৰ মা-দেউতাই মোৰ বাবে উপযুক্ত কইনা বিচাৰি আছে। কিন্তু এতিয়াও কইনা পোৱা নাই। এইক্ষেত্ৰত বাৰে বাৰে বাধাৰ সন্মুখীন হৈছো। এইটোও কোৱা হয় যে কুণ্ডলী মিলা নাই। এইবাৰ ময়ো বহুত চেষ্টা কৰি বৈবাহিক ছাইটত মোৰ নাম পঞ্জীয়ন কৰাৰ লগতে, পেপাৰতো বিজ্ঞাপন দিছিলো। কিন্তু এই সকলোবোৰ কৰাৰ পাছতো সফল হব পৰা নাই। এতিয়া মই নাজানো মই প্ৰকৃততে কি কৰা উচিত? এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ কিবা উপদেশ দিয়ক।

 তেওঁৰ সমস্যা উপলব্ধি কৰি মুম্বাইৰ এগৰাকী সম্পৰ্ক পৰামৰ্শদাতা ৰচনা অৱতৰামানীয়ে কয়, ‘মই বুজি পাইছো যে আপোনাৰ সঠিক জীৱন সংগী বিচাৰি পোৱাত সমস্যা হৈছে। কিন্তু তাৰ বাবে আপুনি মনোবল অঠুট ৰাখিব লাগিব। নিজৰ বাবে সঠিক সংগী বিচাৰি উলিওৱাটো সহজ কাম নহয়। এইক্ষেত্ৰত এতিয়া ইণ্টাৰনেটৰ সহায়ত বহুতে নিজৰ জীৱন সংগীত বিচাৰি পায়। এই বস্তুবোৰৰ বিষয়ে নাভাবিব। আপোনাৰ বয়স ২৯ বছৰ। এতিয়া আপুনি বৈবাহিক ছাইটত আপোনাৰ নাম পঞ্জীয়ন কৰিছে। কিন্তু আপুনি নিজে সম্পৰ্ক সৃষ্টি এটা কৰিব নোৱাৰে।

 ব্যক্তিজনে আনকি নিজৰ ভাগ্যকো দোষাৰোপ কৰিছিল। কিন্তু এই ক্ষেত্ৰত বিশেষজ্ঞই কয় যে, দৰাচলতে সকলোবোৰ সময়ৰ ওপৰত নিৰ্ভৰ কৰে। সময়ৰ আগতে মানুহে একো নাপায়।

সমস্যা অতিক্ৰম কৰিবলৈ আপোনাৰ নিজৰ ওপৰত আত্মবিশ্বাস থাকিব লাগিব। তেতিয়াহে আপুনি সমস্যাটোৰ পৰা বাহিৰ হ'ব পাৰিব। সমস্যা সমাধানৰ বাবে অলপ ধৈৰ্য্য ধৰাৰ প্ৰয়োজন। কাৰণ মানুহৰ বাবে ধৈৰ্য্যতকৈ সমস্যা এটা ভালদৰে সমাধান কৰাৰ কোনো উপায় নাই। গতিকে চিন্তা কৰাৰ কোনো কাৰণ নাই।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাবে শপত গ্ৰহণ চি পি ৰাধাকৃষ্ণনৰ
নেপালত ক্ষুব্ধ জনতাই জুই লগাই দিলে হোটেলত; চতুৰ্থ মহলাৰ পৰা ভাৰতীয় দম্পতীৰ তললৈ জাঁপ, পত্নীৰ মৃত্যু
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা
'চীনৰ হাতত ভাৰত-ৰাছিয়াক হেৰুৱাই পেলোৱা যেন লাগিছে'- ড’নাল্ড ট্ৰাম্প
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ