--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ শেহতীয়াকৈ এটা ৩০০ বছৰীয়া পুৰণি জলপৰী উদ্ধাৰ কৰা হৈছে। জাপানী বিজ্ঞানীসকলে দিন-ৰাতি একাকাৰ কৰি উদ্ধাৰ কৰা জলপৰী গৱেষণা চলাই আছে। উদ্ধাৰ হোৱা মামীৰ মূৰটো হনুমানৰ দৰে আৰু মাছৰ থকা নেজ থকা শৰীৰৰ তলৰ অংশটো মাছৰ নেজৰ দৰে।

 জাপানৰ বাতৰি কাকত 'দ্য আসাহি শিম্বান'ৰ এক প্ৰতিবেদন অনুসৰি জলপৰীটোক আচাকুচি চহৰৰ মন্দিৰৰ এটা বাকছত ৰখা হৈছিল আৰু কাষত এখন পত্ৰও উদ্ধাৰ হৈছিল। পত্ৰখনত উল্লেখ কৰা মতে, ১৭৩৬ চনৰ পৰা ১৭৪১ চনৰ ভিতৰত প্ৰশান্ত মহাসাগৰৰ শিকাকু দ্বীপৰ ওচৰত এজন মাছমৰীয়াৰ জালত এই জন্তুটো ধৰা পৰিছিল। পাছত ইয়াক এটা সম্ভ্ৰান্ত পৰিয়ালক বিক্ৰী কৰা হৈছিল। শুকাই যোৱা মমীটো বছৰৰ পিছত বছৰ ধৰি ইঠাইৰ পৰা সিঠাইলৈ সলনি পাছত অৱশেষত মন্দিৰত আহি পাইছিল। মমীটো মন্দিৰত কেনেদৰে আহি পাইছিল সেয়া কাৰণ এতিয়াও অজ্ঞাত।

 ১২ ইঞ্চি দীঘল মমীৰ দাঁত, মুখ আৰু মূৰত চুলি আছে। কিন্তু শৰীৰৰ তলৰ অংশটো মাছৰ দৰে নেজযুক্ত আৰু ইয়াত আঁহও আছে। এই মমিটোৰ জাপানৰ দুটা পৌৰাণিক প্ৰাণী 'এম্বিয়েচ' আৰু 'নিঞ্জিও' সৈতে সাদৃশ্য আছে। 'এম্বিয়েছ' এটা মণিৰ নেজৰ জন্তু আৰু 'নিঙ্গোছ' হৈছে মানুহৰ মূৰ থকা এটা মাছৰ নিচিনা জন্তু।

 কুৰাশিকি বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে মমীটোৰ ৰহস্য উন্মোচন কৰিবলৈ চিটি স্কেন লগতে ডিএনএ পৰীক্ষাও কৰা হৈছিল। মমীৰ বিষয়ে বিৱৰণৰ বিষয়ে সোধাত ওকায়ামা লোককাহিনী সমিতিৰ সদস্য হিৰোচি কিনোশিতাই বাতৰি কাকতখনক কয়, ‘জাপানী লোককাহিনীত জলীপৰীসকল তেওঁলোকৰ অমৰত্বৰ বাবে বিখ্যাত। কোৱা হয় যে যদি কোনোবাই এই জলপৰীৰ মাংস খায়, তেন্তে তেওঁ অমৰত্ব লাভ কৰে।’

 তেওঁ লগতে কয়, ‘কিছু ঠাইৰ লোককাহিনীত এইটোও কোৱা হয় যে এগৰাকী মহিলাই দুৰ্ঘটনাক্ৰমে জলপৰীৰ মাংস খাইছিল। তেওঁ প্ৰায় ৮০০ বছৰ জীয়াই আছিল।’ এইটোও কোৱা হয় যে এই জলপৰীৰ বাবেই জাপানৰ লোকসকল বহুতো সংক্ৰামক ৰোগৰ পৰা ৰক্ষা পৰিছিল।

 দৰ্শনাৰ্থীসকলে প্ৰাৰ্থনা কৰাৰ বাবে মমীটো আগতে মন্দিৰৰ এটা কাঁচৰ বাকচত ৰখা হৈছিল। মমীটোক ধ্বংসৰ পৰা সংৰক্ষণ কৰিবলৈ যোৱা ৪০ বছৰ ধৰি মন্দিৰৰ ভিতৰত এটা ফায়াৰপ্ৰুফ বাকচত ৰখা হৈছিল। 'দ্য আসাহি শিম্বান'ৰ মতে, জাপানৰ আন দুটা মন্দিৰত একেধৰণৰ জলপৰীৰ মমীৰ পূজা কৰা হয়।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ