--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নৰসিংহ উদ্ভিদ অসমৰ লোকৰ অতি পৰিচিত। অৱশ্যে অসম বুলিয়েই নহয়, উত্তৰ-পূৰ্বাঞ্চল, দাক্ষিণাত্য আৰু শ্ৰীলংকাকে আদি কৰি কিছু দেশতো নৰসিংহ বহু লোকৰে প্ৰিয়। দাক্ষিণাত্যৰ ফালে ইয়াৰ পাতক কাৰীপতা নামেৰে অভিহিত কৰা হয়। আমাৰ ৰাজ্যত ইয়াক খাদ্য আৰু ঔষধৰ ৰুপত দীৰ্ঘদিন ব্যৱহাৰ কৰি অহা হৈছে। 

নৰসিংহৰ জোল খাবলৈ অতি উত্তম। মাছৰ সৈতে নৰসিংহ জোলৰ সোৱাদেই সুকীয়া। নৰসিংহৰ কোমল পাত আদা, নহৰু আৰু জলকীয়াৰ লগত মিহলাই পিহি মগুৰ ৰুপত চাটনি কৰিও খোৱা হয়। ইয়াৰ বিপৰীতে কেঁচা পাত দাইলত দি বা তৰকাৰি কৰিও খাব পাৰি । নৰসিংহৰ পাত পিহি পোৱা ৰসৰ লগত কাঠমাছ, যেনে-কাৱৈ,গৰৈ,শ’ল,শাল,মাগুৰ,শিঙি আদিৰ লগত জোল কৰি খালে বহু তৃপ্তি পোৱা যায়। নৰসিংহ পাতৰ পকৰী খাবলৈও বৰ ভাল। নৰসিংহ বহু ঔষধি গুণৰে ভৰপূৰ। 



জানো আহক এই পাতৰ উপকাৰিতা-

১)নৰসিংহৰ পাতে পাচনতন্ত্ৰ সুস্থ কৰি ৰাখে। ই ডায়েৰিয়া, পাইলচ, ডিচেন্ট্ৰি,মন্দাগ্নি আৰু মধুমেহ ৰোগত বিশেষ লাভজনক।

২)নৰসিংহৰ পাত চুলিৰ বাবে এক মহৌষধ । নৰসিংহৰ পাত পিহি লগালে চুলি পকা আৰু চুলি সৰা সমস্যাৰ পৰা হাত হাৰিব পাৰি। লগতে এই নিয়ম 

৩)চুলিত ওকণি হোৱাৰ ক্ষেত্ৰতো প্ৰয়োগ কৰিলে ভাল ।

৪)নৰসিংহৰ পাতত এণ্টি অক্সিডেণ্ট পোৱা যায় যি আমাৰ বৃদ্ধাৱস্থা দূৰ কৰিব পাৰে। 

৫)কেঞ্চাৰৰ কোষবিলাক বাঢ়িবলৈ নিদিয়ে ।

৬)জুইয়ে পোৰা,কটা ছিঙা দাগ আদিত নৰসিংহৰ পাত পিহি লগালে লাভ হয়। 


৭)কোনো কীট পতংগই কামুৰিলে নৰসিংহৰ পাতৰ ৰসৰ লগত নেমুৰ ৰস মিহলাই লগালে আৰাম পোৱা যায়।

৮) নৰসিংহৰ পাত চকুৰ কাৰণেও উপকাৰী । ইয়াত মজুত থকা এণ্টি অক্সিডেণ্টে চকুৰ কেটেৰেক্ট বৃদ্ধি হোৱাত বাধা প্ৰদান কৰে আৰু চকুৰ দৃষ্টিশক্তি বঢ়াই তোলে ।

৯)নৰসিংহৰ পাতে শৰীৰৰ বৰ্ধিত কেলৰি হ্ৰাস কৰে আৰু শৰীৰক যিকোনো সংক্ৰমণৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰে। 

১০)শৰীৰৰ বৰ্ধিত ওজন হ্ৰাস কৰিবলৈ  প্ৰতিদিনে কেইটামান নৰসিংহৰ পাত খোৱা উচিত।

১১)দাঁতৰ আলু ফুলিলে অথবা আলুৰ পৰা তেজ, পূঁজ আদি বাহিৰ হ’লে নৰসিংহৰ পাতৰ আঞ্জা খালে সকাহ পোৱা যায়।

১২) মহিলাৰ ঋতুস্ৰাৱ অনিয়মীয়া হৈ পেটৰ বিষ হ’লে নৰসিংহৰ জোল খালে সকাহ পোৱা যায়।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ