--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অলিম্পিক আয়োজন কৰাৰ দিশত ভাৰতে গ্ৰহণ কৰিছে প্ৰথমটো বৃহৎ পদক্ষেপ। ২০৩৬ চনৰ অলিম্পিক গেমছ আয়োজনৰ বাবে নিবিদা দাখিল কৰিছে ভাৰতে। ভাৰতীয় অলিম্পিক সন্থাই ২০২৪ চনৰ ১ অক্টোবৰত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ ভৱিষ্যত আয়োজক আয়োগক আনুষ্ঠানিকভাৱে নিবিদা দাখিল কৰিছে ভাৰতে।

উল্লেখনীয় যে ভাৰতে ২০২৩ চনৰ অক্টোবৰ মাহত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ ১৪১ সংখ্যক অধিৱেশন আয়োজন কৰিছিল। তিনিদিন ধৰি চলা এই অধিবেশনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০৩৬ চনৰ অলিম্পিক গেমছ আয়োজন কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল। ইয়াৰ পাছত প্ৰধানমন্ত্ৰী মোদীয়ে ১৫ আগষ্টতো পুনৰবাৰ লালকিল্লাৰ পৰা ২০৩৬ চনৰ অলিম্পিক আয়োজন কৰাৰ সন্দৰ্ভত পুনৰবাৰ প্ৰকাশ কৰে।

অৱশ্যে দেশ এখনে অলিম্পিকৰ আয়োজনত জয়ী হ’বলৈ বহুসমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। অলিম্পিকৰ আয়োজন নিশ্চিত কৰাৰ প্ৰথম পদক্ষেপ হৈছে আগ্ৰহ প্ৰকাশ কৰা। অলিম্পিক আয়োজনৰ প্ৰথম খুজ আগবঢ়াইছে ভাৰতে 

ক্ৰীড়া মন্ত্ৰালয়ৰ এক সূত্ৰৰ মতে, ভাৰতত অলিম্পিক আয়োজনে ভাৰতৰ অৰ্থনৈতিক সমৃদ্ধি, সামাজিক অগ্ৰগতি আৰু যুৱ সবলীকৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি 
আশা প্ৰকাশ কৰিছে৷

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে, বিগত বছৰতে দেশত ২০৩৬ চনৰ অলিম্পিক  আয়োজন কৰাৰ বাবে চৰকাৰৰ আকাংক্ষাৰ বিষয়ে অৱগত কৰিছিল।চলিত বৰ্ষৰ  ছেপ্টেম্বৰ মাহত নিউয়ৰ্ক ভ্ৰমণৰ সময়তো প্ৰধনমন্ত্ৰী গৰাকীয়ে।

উল্লেখযোগ্য যে অহা বছৰ আইঅ’চিৰ নিৰ্বাচনৰ পূৰ্বে আয়োজক সন্দৰ্ভত সিদ্ধান্ত লোৱা নহয় বুলি জানিব পৰা গৈছে আৰু ভাৰতে আয়োজক হ’বলৈ ছৌদি আৰব, কাটাৰ আৰু তুৰস্কৰ দৰে আন কেইবাখনো ৰাষ্ট্ৰৰ প্ৰতিযোগিতাৰো সন্মুখীন হ’ব লাগিব৷ভাৰতে এই নিবিদা দাখিল কৰাৰ লগে লগে ভাৰতে আয়োজক নিৰ্বাচন প্ৰক্ৰিয়াৰ এটা পৰ্যায়লৈ আগবাঢ়ি গৈছে।

এই পৰ্যায়ত আইঅ'চিয়ে সম্ভাৱ্য আয়োজক দেশৰ গেমছৰ সৈতে জড়িত প্ৰকল্পসমূহৰ অগ্ৰগতিৰ সম্ভাৱ্যতাৰ সমীক্ষা চলায়।এই মূল্যায়নৰ অংশ হিচাপে আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংঘৰ দ্বাৰা বিজনেছ ফৰ ছ’চিয়েল ৰেচপন্সিবিলিটি (বিএছআৰ) আৰু বহনক্ষমতাৰ জৰিয়তে মানৱ অধিকাৰকে ধৰি বহু সংখ্যক ক্ষেত্ৰত স্বতন্ত্ৰ উৎসৰ কথা বিবেচনা কৰা হৈছে অফিচিয়েল ৱেবছাইটত৷ 

এই প্ৰক্ৰিয়াটোৰ পৰৱৰ্তী পৰ্যায়ত লক্ষ্যভিত্তিক আলোচনা হয় যাৰ বাবে সংস্কৰণৰ-নিৰ্দিষ্ট আনুষ্ঠানিক নিবিদা দাখিল কৰিব লাগিব নিৰ্দিষ্ট দেশ খনে৷ যিটো ভৱিষ্যতৰ আতিথ্য আয়োগৰ দ্বাৰা মূল্যায়ন কৰা হ’ব। আয়োজক নিৰ্বাচনৰ পাছত এই প্ৰক্ৰিয়াৰ অন্ত পৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৰৈমাৰীৰ জোৰশিমুলীত আৰক্ষীৰ অভিযান; নগদ ধনসহ বৃহৎ পৰিমাণৰ হীৰা আৰু সোণৰ আ-অলংকাৰ জব্দ
উত্তৰ প্ৰদেশৰ বলৰামপুৰত ভয়ংকৰ দুৰ্ঘটনা; ট্ৰাকত খুন্দা মাৰি বাগৰিল যাত্ৰীবাহী বাছ
মানাহত অসম বিধানসভাৰ প্ৰতিনিধি দল ; পৰ্যটন ক্ষেত্ৰৰ বিকাশ পৰ্যবেক্ষণৰ বাবে আহিছে কেবাজনো বিধায়কৰ প্ৰতিনিধি দল
পুটিনৰ ভাৰত ভ্ৰমণে দেশলৈ কি কঢ়িয়াই আনিব?
ছোনিয়া, ৰাহুল গান্ধীৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগ, নেশ্যনেল হেল্ড গোচৰত নতুনকৈ এজাহাৰ
বাংলাদেশৰ গ্ৰামীণ বেংকত আল-কায়দাৰ পুঁজি, চি আই এৰ প্ৰতিবেদনৰ উদ্ধৃতিৰে ৱাল ষ্ট্ৰীট জার্নেলত প্রকাশিত বাতৰিক লৈ চাঞ্চল্য
৫০খন আন্তর্জাতিক মহোৎসৱত সাফল্য 'লাচিত দ্য ৱাৰিয়ৰ'ৰ, সর্বশ্রেষ্ঠ ডকুমেন্টৰী, এনিমেটেড ফিল্মকে ধৰি বিভিন্ন বঁটা লাভ
খাদ্য খোৱাৰ পিছত ইলাচি কিয় চোবাই খাব লাগে? জানিলে আচৰিত হ’ব আপুনি
থলুৱাভাৱে নিৰ্মিত আই এন এছ 'মাহে'ক নৌ সেনাত অন্তর্ভুক্তি, শক্তি বৃদ্ধি হ'ল নৌ-প্ৰতিৰক্ষা খণ্ডৰ
কৃষকৰ সপোন ছাৰখাৰ; মাজুলীৰ বৰুণচুক গাঁৱৰ ধাননি পথাৰত দপদপকৈ জ্বলি উঠিল জুই
জুৰীয়াত জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী