--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অলিম্পিক আয়োজন কৰাৰ দিশত ভাৰতে গ্ৰহণ কৰিছে প্ৰথমটো বৃহৎ পদক্ষেপ। ২০৩৬ চনৰ অলিম্পিক গেমছ আয়োজনৰ বাবে নিবিদা দাখিল কৰিছে ভাৰতে। ভাৰতীয় অলিম্পিক সন্থাই ২০২৪ চনৰ ১ অক্টোবৰত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ ভৱিষ্যত আয়োজক আয়োগক আনুষ্ঠানিকভাৱে নিবিদা দাখিল কৰিছে ভাৰতে।

উল্লেখনীয় যে ভাৰতে ২০২৩ চনৰ অক্টোবৰ মাহত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ ১৪১ সংখ্যক অধিৱেশন আয়োজন কৰিছিল। তিনিদিন ধৰি চলা এই অধিবেশনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০৩৬ চনৰ অলিম্পিক গেমছ আয়োজন কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল। ইয়াৰ পাছত প্ৰধানমন্ত্ৰী মোদীয়ে ১৫ আগষ্টতো পুনৰবাৰ লালকিল্লাৰ পৰা ২০৩৬ চনৰ অলিম্পিক আয়োজন কৰাৰ সন্দৰ্ভত পুনৰবাৰ প্ৰকাশ কৰে।

অৱশ্যে দেশ এখনে অলিম্পিকৰ আয়োজনত জয়ী হ’বলৈ বহুসমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। অলিম্পিকৰ আয়োজন নিশ্চিত কৰাৰ প্ৰথম পদক্ষেপ হৈছে আগ্ৰহ প্ৰকাশ কৰা। অলিম্পিক আয়োজনৰ প্ৰথম খুজ আগবঢ়াইছে ভাৰতে 

ক্ৰীড়া মন্ত্ৰালয়ৰ এক সূত্ৰৰ মতে, ভাৰতত অলিম্পিক আয়োজনে ভাৰতৰ অৰ্থনৈতিক সমৃদ্ধি, সামাজিক অগ্ৰগতি আৰু যুৱ সবলীকৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি 
আশা প্ৰকাশ কৰিছে৷

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে, বিগত বছৰতে দেশত ২০৩৬ চনৰ অলিম্পিক  আয়োজন কৰাৰ বাবে চৰকাৰৰ আকাংক্ষাৰ বিষয়ে অৱগত কৰিছিল।চলিত বৰ্ষৰ  ছেপ্টেম্বৰ মাহত নিউয়ৰ্ক ভ্ৰমণৰ সময়তো প্ৰধনমন্ত্ৰী গৰাকীয়ে।

উল্লেখযোগ্য যে অহা বছৰ আইঅ’চিৰ নিৰ্বাচনৰ পূৰ্বে আয়োজক সন্দৰ্ভত সিদ্ধান্ত লোৱা নহয় বুলি জানিব পৰা গৈছে আৰু ভাৰতে আয়োজক হ’বলৈ ছৌদি আৰব, কাটাৰ আৰু তুৰস্কৰ দৰে আন কেইবাখনো ৰাষ্ট্ৰৰ প্ৰতিযোগিতাৰো সন্মুখীন হ’ব লাগিব৷ভাৰতে এই নিবিদা দাখিল কৰাৰ লগে লগে ভাৰতে আয়োজক নিৰ্বাচন প্ৰক্ৰিয়াৰ এটা পৰ্যায়লৈ আগবাঢ়ি গৈছে।

এই পৰ্যায়ত আইঅ'চিয়ে সম্ভাৱ্য আয়োজক দেশৰ গেমছৰ সৈতে জড়িত প্ৰকল্পসমূহৰ অগ্ৰগতিৰ সম্ভাৱ্যতাৰ সমীক্ষা চলায়।এই মূল্যায়নৰ অংশ হিচাপে আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংঘৰ দ্বাৰা বিজনেছ ফৰ ছ’চিয়েল ৰেচপন্সিবিলিটি (বিএছআৰ) আৰু বহনক্ষমতাৰ জৰিয়তে মানৱ অধিকাৰকে ধৰি বহু সংখ্যক ক্ষেত্ৰত স্বতন্ত্ৰ উৎসৰ কথা বিবেচনা কৰা হৈছে অফিচিয়েল ৱেবছাইটত৷ 

এই প্ৰক্ৰিয়াটোৰ পৰৱৰ্তী পৰ্যায়ত লক্ষ্যভিত্তিক আলোচনা হয় যাৰ বাবে সংস্কৰণৰ-নিৰ্দিষ্ট আনুষ্ঠানিক নিবিদা দাখিল কৰিব লাগিব নিৰ্দিষ্ট দেশ খনে৷ যিটো ভৱিষ্যতৰ আতিথ্য আয়োগৰ দ্বাৰা মূল্যায়ন কৰা হ’ব। আয়োজক নিৰ্বাচনৰ পাছত এই প্ৰক্ৰিয়াৰ অন্ত পৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ