--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দিন ভাল চলা নাই বিজেপিৰ! পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনে দেশৰ নিৰ্বাচনী ৰাজনীতি উত্তপ্ত কৰি ৰখাৰ সময়তে বিজেপিত আভ্যন্তৰীণ সংঘাত গা কৰি উঠা দেখা গৈছে। এই সংঘাত কেতিয়াবা যদি নিজৰ দলৰ মাজতে হৈছে, কেতিয়াবা হৈছে মিত্ৰ দলৰ সৈতে। উত্তৰ প্ৰদেশৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান সপ্তাহ থকা অৱস্থাত বিজেপিৰ তিনিগৰাকী মন্ত্ৰীকে ধৰি প্ৰায় এক ডজন বিধায়কে দল ত্যাগ কৰি যোগ দিছে বিৰোধী দল সমাজবাদী পাৰ্টীত। এই লৈ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে এইবাৰ বিহাৰৰ মিত্ৰজোঁট চৰকাৰত ফাঁট মেলা দেখা হৈছে। বিহাৰত বিজেপি-জেডিইউ মিত্ৰজোঁটে কাণে-কাণ মাৰি চৰকাৰ গঠন কৰাত সফল হৈছিল যদিও নীতিশ কুমাৰৰ জেডিইউ দলে তাত একক সৰ্ববৃহৎ দল হোৱাৰ যোগ্যতাৰ পৰা বঞ্চিত হৈছিল।  একক সৰ্ববৃহৎ দল হৈছিল লালু-তেজস্বীৰ আৰজেডিহে। নীতিশ কুমাৰ বিজেপিৰ অনুগত হৈ মুখ্যমন্ত্ৰীৰ আসনত বৰ্তি থাকিল ঠিকেই কিন্তু এইবাৰ তেওঁৰ স্থিতি যেন আগৰ দৰে নাথাকিল। যাৰ প্ৰতিফলন এতিয়া দেখিবলৈ পোৱা গৈছে। এইবাৰ বিজেপি নেতাই নীতিশ কুমাৰৰ দলক মুকলিকৈ ভাবুকি দিছে সীমাৰেখা অতিক্ৰম নকৰিবলৈ। অন্যথা বিহাৰ বিজেপিৰ ৭৬লাখ কৰ্মকৰ্তাই ইয়াৰ প্ৰত্যুত্তৰ দিব বুলি সকীয়াই দিয়ে। বিহাৰ বিজেপিৰ মুৰব্বী সঞ্জয় জয়ছোৱালে মুকলিকৈ নীতিশ কুমাৰৰ জেডিইউক সকীয়াই দিছে সীমাৰেখা অতিক্ৰম নকৰিবলৈ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ‘টুইটাৰ গেম’ নেখেলিবলৈ। এটা দীঘলীয়া ফেচবুক পোষ্টৰ জৰিয়তে এই সকীয়নি দিয়ে সঞ্জয় জয়ছোৱালে। জেডিইউৰ ৰাষ্ট্ৰীয় সভাপতি ৰাজীৱ ৰঞ্জন আৰু সংসদীয় কমিটীৰ অধ্যক্ষ উপেন্দ্ৰ কুশ্বৱাহাৰ নাম নোলোৱাকৈ জয়ছোৱালে চোকা ভাষাৰে সকীয়নি দিয়ে। এই দুগৰাকী নেতাই অলপতে প্ৰধানমন্ত্ৰী মোদীক প্ৰখ্যাত নাট্যকাৰ দয়া প্ৰকাশ সিনহাৰ পদ্মশ্ৰী সন্মান ঘূৰাই লোৱাৰ বাবে আবেদন জনাইছিল। সম্ৰাট অশোক সম্পৰ্কে কৰা মন্তব্যৰ বাবে এই আবেদন জনাইছিল নেতাদ্বয়ে। একেটা কাৰণতে জয়ছোৱালে নাট্যকাৰগৰাকীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে। সিনহাক গ্ৰেপ্তাৰৰ দাবী কৰাৰ সলনি কিয় নীতিশ কুমাৰৰ দলে তেওঁৰ পৰা পদ্মশ্ৰী ঘূৰাই লোৱাৰ দাবী তুলিছে তাক লৈ প্ৰশ্ন তোলে জয়ছোৱালে। কেতিয়াও সংঘটিত নোহোৱা কথা এটাৰ বাবে কিয় দাবী কৰা হ’ল বুলি প্ৰশ্ন কৰে বিজেপি নেতাগৰাকীয়ে। তেওঁ লিখিছে, ‘এই নেতাকেইগৰাকীয়ে কিয় মোৰ লগতে আমাৰ দলৰ কেন্দ্ৰীয় নেতাক টেগ কৰিছে আৰু আমাক প্ৰশ্ন কৰিছে? মিত্ৰতাত থাকিলে আমি নিজৰ সীমাৰ ভিতৰত থাকিব লাগিব। আৰু প্ৰথম চৰ্তটো হৈছে আপোনালোকে দেশৰ প্ৰধানমন্ত্ৰীৰ সৈতে ‘টুইটাৰ টুইটাৰ’ খেলিব নোৱাৰিব। আৰু যদিহে আপোনালোকে সেয়া কৰে আৰু প্ৰশ্ন উত্থাপন কৰে তেন্তে বিহাৰৰ ৭৬লাখ বিজেপি কৰ্মকৰ্তাই ইয়াৰ প্ৰত্যুত্তৰ দিব। মই নিশ্চিত যে আগলৈ আপোনালোক এই সম্পৰ্কত সচেতন হ’ব।’ তেওঁ লগতে কয় যে, প্ৰধানমন্ত্ৰীক সন্মান ঘূৰাই ল’বলৈ কোৱাৰ দৰে অৰ্থহীন কথা আৰু একো থাকিব নোৱাৰে। আনকি জেডিইউৰ পূৰ্বৰ শাসনৰ কলংকিত অধ্যায়কো সোঁৱৰাই দিয়ে নেতাগৰাকীয়ে। ইফালে জেডিইউ নেতা উপেন্দ্ৰ কুশ্বৱাহায়ো নিজৰ স্থিতিত অটল থাকি জয়ছোৱালক ফেপেৰি পাতি ধৰা দেখা গৈছে। মিত্ৰজোঁট চৰকাৰখনৰ বাবে এয়া নিশ্চয় শুভ লক্ষণ নহয়। স্মৰ্তব্য যে, তেজস্বী যাদৱৰ নেতৃত্বত আৰজেডিয়ে বিগত বিধানসভা নিৰ্বাচনত বিজেপি-জেডিইউক শলঠেকত পেলাবলৈ সক্ষম হৈছিল। শেষ মুহূৰ্তত ক্ষমতা দখলৰ পৰা বিৰত থাকিবলগীয়া হ’লেও দলটোৱে এতিয়াও সুযোগ পালেই মিত্ৰজোঁট চৰকাৰখনৰ বাবে বিপদ সৃষ্টি কৰিব পাৰে। এতিয়া বিজেপি-জেডিইউৰ এই মুকলি সংঘাতে তেনে সম্ভাৱনাৰ উকমুকনি নিশ্চয় সৃষ্টি কৰিছে। যদিহে পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল বিশেষকৈ উত্তৰ প্ৰদেশৰ ফলাফল বিজেপিৰ প্ৰতিকূলে যায় তেন্তে বিহাৰতো ৰাজনৈতিক পট পৰিৱৰ্তন ঘটাৰ সম্ভাৱনাৰ কথা অস্বীকাৰ কৰিব নোৱাৰি। বিজেপি-জেডিইউৰ এই সংঘাত দেখি তেজস্বীয়ে এতিয়ে যে, দূৰৈৰ পৰাই মিচিকিয়াই আছে সেয়া নিশ্চিত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দেশৰ জি ডি পি ৭.৮%; শক্তিশালী হৈছে ভাৰতীয় অর্থনীতি
মৰিয়নিত মোমায়েক-মামীয়েকে অপহৰণ কৰিলে ভাগিনীয়েকক, মুক্তিপণ দাবী ৬০ লাখ টকা