--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : এতিয়াও শেষ হোৱা নাই ক’ভিডৰ ত্ৰাস। নতুনকৈ সৃষ্টি হোৱা ভেৰিয়েন্টে শংকিত কৰি ৰাখিছে বিশ্ববাসীক। ক’ভিডৰ পৰা মুক্তি পাবলৈ প্ৰতিখন দেশে অৱলম্বন কৰিছে বিভিন্ন পন্থা। এইবাৰ চীনে হাতত লৈছে এক অভূতপূৰ্ব পদ্ধতি। দেশখনে ক’ভিড নিয়ন্ত্ৰণৰ বাবে গ্ৰহণ কৰিছে জিৰো ক’ভিড নীতি। অৰ্থাৎ দেশখনৰ পৰা সমূলঞ্চে নিঃশেষ কৰিব এই মহামাৰী। তাৰ বাবে তেওঁলোকে হাতত লৈছে কিছুমান অদ্ভুদ প্ৰথা।


চীনে ধাতৱীয় কিছুমান বাকচ তৈয়াৰ কৰিছে। যিসকল ব্যক্তি ক’ভিডত আক্ৰান্ত হয় তেওঁলোক থাকিব লাগিব এই বাকচবোৰত। এই নিয়মৰ পৰা ৰেহাই পোৱা নাই কোনোৱে। আনকি গৰ্ভৱতী মহিলা, শিশু বা বৃদ্ধসকলো থাকিব লাগিব বন্ধ বাকচত। একেৰাহে দুসপ্তাহ বন্ধ কৰি ৰখা হ’ব এই বাকচবোৰত। কোনো ব্যক্তি ক’ভিড পৰীক্ষাত পজিটিভ চিনাক্ত হ’লেই তেওঁক কোৱাৰেন্টাইন কৰিবলৈ স্থানান্তৰ কৰা হ’ব এই ধাতুৰ বাকচবোৰলৈ। এই ধাতুৰ বাকচবোৰত কাঠৰ বিচনা আৰু শৌচাগাৰ সংলগ্ন কৰা আছে।

উল্লেখযোগ্য যে, বিশ্বব্যাপী মহামাৰীৰ সৃষ্টি কৰা ক’ভিড পোনতে চীনৰ য়ুহান প্ৰদেশতেই ধৰা পৰিছিল। তাৰ পৰাই ত্ৰমাৎ বিয়পি কৰিছিল বিশ্বৰ বিভিন্ন দেশলৈ। আৰম্ভণিৰে পৰা চীনে ক’ভিড নিয়ন্ত্ৰণৰ বাবে যথেষ্ট অমানৱীয় নীতি গ্ৰহণ কৰি আহিছে। কেইজনমান লোক ক’ভিড পৰীক্ষাত সংক্ৰমিত বুলি ধৰা পৰিলেই সমগ্ৰ অঞ্চলটোকে লকডাউন মানিবলৈ বাধ্য কৰোৱা হৈছিল।


চীনে সমগ্ৰ বিশ্বৰ আগত দেখুৱাবলৈ যত্ন কৰিছে যে, তেওঁলোকে ক’ভিড নিয়ন্ত্ৰণত সমৰ্থ হৈছে। আগন্তুক শীতকালীন অলিম্পিক অনুস্থিত কৰিবলৈ চীন অতিশয় উদ্গ্ৰীৱ হৈ আছে। যাৰ বাবে অলিম্পিক অনুষ্ঠিত কৰিব নোৱাৰাৰ শংকাত চীনা চৰকাৰ প্ৰয়োজনতকৈ অধিক কঠোৰ হৈ এনে অমানৱীয় নিয়ম জনসাধাৰণৰ ওপৰত জাঁপি দিছে। অৱশ্যে এনে কঠোৰ নীতি-নিয়মৰ পাছতো চীনা চৰকাৰ কিমানদূৰ সফল হয় সেয়া লক্ষণীয় হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিপদত অনলাইন গেমিং কোম্পানী! গৃহমন্ত্ৰীক প্ৰস্তাৱিত নিষেধাজ্ঞাৰ সন্দৰ্ভত হস্তক্ষেপৰ আহ্বান
এখন কিতাপে কৰিব নোৱাৰা কামো একোখন বিশেষ ফটোৱে কৰিব পাৰে
দিল্লীৰ দৰিয়াগঞ্জত অঘটন,অট্টালিকা খহি ৩ জন লোকৰ মৃত্যু
চতিয়া দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
'পকৱান'ৰ সফল মঞ্চায়ন
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
পুৰুষৰ বেশত ভগ্নীৰ শহুৰেকৰ ঘৰত প্ৰৱেশ কৰি ডেৰ কোটিৰো অধিক টকাৰ গহনা লুটি নিলে যুৱতীয়ে
বৃক্কৰ ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰী পূজা দাস!  আৰ্থিক সাহায্য বিচাৰি আকুল আহ্বান পৰিয়ালৰ
বিগত আঠ বছৰত উত্তৰ প্ৰদেশৰ কৃষি খণ্ডই ৰচিলে ইতিহাসঃমুখ্যমন্ত্ৰী যোগী
ডিফু জিলা কাৰাগাৰত এজন হাজোতীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত