--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : এতিয়াও শেষ হোৱা নাই ক’ভিডৰ ত্ৰাস। নতুনকৈ সৃষ্টি হোৱা ভেৰিয়েন্টে শংকিত কৰি ৰাখিছে বিশ্ববাসীক। ক’ভিডৰ পৰা মুক্তি পাবলৈ প্ৰতিখন দেশে অৱলম্বন কৰিছে বিভিন্ন পন্থা। এইবাৰ চীনে হাতত লৈছে এক অভূতপূৰ্ব পদ্ধতি। দেশখনে ক’ভিড নিয়ন্ত্ৰণৰ বাবে গ্ৰহণ কৰিছে জিৰো ক’ভিড নীতি। অৰ্থাৎ দেশখনৰ পৰা সমূলঞ্চে নিঃশেষ কৰিব এই মহামাৰী। তাৰ বাবে তেওঁলোকে হাতত লৈছে কিছুমান অদ্ভুদ প্ৰথা।


চীনে ধাতৱীয় কিছুমান বাকচ তৈয়াৰ কৰিছে। যিসকল ব্যক্তি ক’ভিডত আক্ৰান্ত হয় তেওঁলোক থাকিব লাগিব এই বাকচবোৰত। এই নিয়মৰ পৰা ৰেহাই পোৱা নাই কোনোৱে। আনকি গৰ্ভৱতী মহিলা, শিশু বা বৃদ্ধসকলো থাকিব লাগিব বন্ধ বাকচত। একেৰাহে দুসপ্তাহ বন্ধ কৰি ৰখা হ’ব এই বাকচবোৰত। কোনো ব্যক্তি ক’ভিড পৰীক্ষাত পজিটিভ চিনাক্ত হ’লেই তেওঁক কোৱাৰেন্টাইন কৰিবলৈ স্থানান্তৰ কৰা হ’ব এই ধাতুৰ বাকচবোৰলৈ। এই ধাতুৰ বাকচবোৰত কাঠৰ বিচনা আৰু শৌচাগাৰ সংলগ্ন কৰা আছে।

উল্লেখযোগ্য যে, বিশ্বব্যাপী মহামাৰীৰ সৃষ্টি কৰা ক’ভিড পোনতে চীনৰ য়ুহান প্ৰদেশতেই ধৰা পৰিছিল। তাৰ পৰাই ত্ৰমাৎ বিয়পি কৰিছিল বিশ্বৰ বিভিন্ন দেশলৈ। আৰম্ভণিৰে পৰা চীনে ক’ভিড নিয়ন্ত্ৰণৰ বাবে যথেষ্ট অমানৱীয় নীতি গ্ৰহণ কৰি আহিছে। কেইজনমান লোক ক’ভিড পৰীক্ষাত সংক্ৰমিত বুলি ধৰা পৰিলেই সমগ্ৰ অঞ্চলটোকে লকডাউন মানিবলৈ বাধ্য কৰোৱা হৈছিল।


চীনে সমগ্ৰ বিশ্বৰ আগত দেখুৱাবলৈ যত্ন কৰিছে যে, তেওঁলোকে ক’ভিড নিয়ন্ত্ৰণত সমৰ্থ হৈছে। আগন্তুক শীতকালীন অলিম্পিক অনুস্থিত কৰিবলৈ চীন অতিশয় উদ্গ্ৰীৱ হৈ আছে। যাৰ বাবে অলিম্পিক অনুষ্ঠিত কৰিব নোৱাৰাৰ শংকাত চীনা চৰকাৰ প্ৰয়োজনতকৈ অধিক কঠোৰ হৈ এনে অমানৱীয় নিয়ম জনসাধাৰণৰ ওপৰত জাঁপি দিছে। অৱশ্যে এনে কঠোৰ নীতি-নিয়মৰ পাছতো চীনা চৰকাৰ কিমানদূৰ সফল হয় সেয়া লক্ষণীয় হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দেশৰ জি ডি পি ৭.৮%; শক্তিশালী হৈছে ভাৰতীয় অর্থনীতি
মৰিয়নিত মোমায়েক-মামীয়েকে অপহৰণ কৰিলে ভাগিনীয়েকক, মুক্তিপণ দাবী ৬০ লাখ টকা
১২৫ বছৰৰ পাছত ২০২৬ চনৰ আগষ্ট মাহটো আছিল ভাৰতৰ আটাইতকৈ উষ্ণ আগষ্ট মাহ