--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আৰক্ষীৰ চকুত ১৩ বছৰে ধূলি দি চুৰি কাৰ্যত লিপ্ত থকা এজন চোৰ সদ্যহতে পৰিল আৰক্ষীৰ জালত। চোৰটোৰ এখন ভৰি বেয়া অথচ তেওঁ চুৰিবিদ্যাত আছিল পাকৈত। এই ঘটনা পাটনাৰ।

পাটনা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কোটিপতি চোৰটোক। এই চোৰটোৱে বিগত ১৩ বছৰ ধৰি পাটনাৰ বিভিন্ন অঞ্চলত কোটি কোটি টকাৰ চুৰিকাৰ্য সংঘটিত কৰি আহিছে। দেওবাৰে পাটলীপুত্ৰ থানা এলেকাৰ নেহৰু নগৰত চোৰটো ধৰা পৰে। স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে, তাৰপাছতে তেওঁক গ্ৰেপ্তাৰ কৰা হয়। এতিয়া চুৰি হোৱা সামগ্ৰী উদ্ধাৰ কৰাত ব্যস্ত আৰক্ষী।

পাটনা আৰক্ষীয়ে কয় যে ‘‘আমি এজন শাৰীৰিকভাৱে অক্ষম চোৰক ধৰিবলৈ সক্ষম হৈছোঁ। তেওঁৰ এখন ভৰি অচল। চোৰটোৱে পাটনাৰ প্ৰতিটো অঞ্চলতে চুৰি কৰিছে। এতিয়ালৈকে তেওঁ অকলেই কোটি কোটি দামৰ গহনা আৰু নগদ ধন চুৰি কৰিছে। দেওবাৰে সন্ধিয়া পাটনাৰ নেহৰু নগৰ অঞ্চলৰ এটা ঘৰৰ পৰা চুৰি কৰি থকা অৱস্থাত তেওঁ ধৰা পৰে। আমি গোচৰ ৰুজু কৰি তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছোঁ।’’

চোৰটোৱে নিজৰ নাম দীনেশ ওৰফে লেংৰা বুলি সদৰী কৰিছে। আৰক্ষীয়ে জনোৱা মতে, অভিযুক্ত চোৰটো পাটনাৰ ৰামকৃষ্ণ নগৰত ভাড়াঘৰত বাস কৰে। তেওঁৰ পৰিয়ালত কোনো নাই।

আৰক্ষীয়ে সদ্যহতে দীনেশৰ পৰা ২.৫ লাখ টকাৰ গহনা উদ্ধাৰ কৰিছে। যোৱা ১৩ বছৰত কোটি কোটি টকা চুৰি কৰিছে যদিও আৰক্ষীয়ে এতিয়াও সেই ধন উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। তেওঁ এদিনতে পাটনাৰ কেইবাটাও অঞ্চলত ২৫ লাখ টকাৰ গহনা আৰু নগদ ধন চুৰি কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post