--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আৰক্ষীৰ চকুত ১৩ বছৰে ধূলি দি চুৰি কাৰ্যত লিপ্ত থকা এজন চোৰ সদ্যহতে পৰিল আৰক্ষীৰ জালত। চোৰটোৰ এখন ভৰি বেয়া অথচ তেওঁ চুৰিবিদ্যাত আছিল পাকৈত। এই ঘটনা পাটনাৰ।

পাটনা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কোটিপতি চোৰটোক। এই চোৰটোৱে বিগত ১৩ বছৰ ধৰি পাটনাৰ বিভিন্ন অঞ্চলত কোটি কোটি টকাৰ চুৰিকাৰ্য সংঘটিত কৰি আহিছে। দেওবাৰে পাটলীপুত্ৰ থানা এলেকাৰ নেহৰু নগৰত চোৰটো ধৰা পৰে। স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে, তাৰপাছতে তেওঁক গ্ৰেপ্তাৰ কৰা হয়। এতিয়া চুৰি হোৱা সামগ্ৰী উদ্ধাৰ কৰাত ব্যস্ত আৰক্ষী।

পাটনা আৰক্ষীয়ে কয় যে ‘‘আমি এজন শাৰীৰিকভাৱে অক্ষম চোৰক ধৰিবলৈ সক্ষম হৈছোঁ। তেওঁৰ এখন ভৰি অচল। চোৰটোৱে পাটনাৰ প্ৰতিটো অঞ্চলতে চুৰি কৰিছে। এতিয়ালৈকে তেওঁ অকলেই কোটি কোটি দামৰ গহনা আৰু নগদ ধন চুৰি কৰিছে। দেওবাৰে সন্ধিয়া পাটনাৰ নেহৰু নগৰ অঞ্চলৰ এটা ঘৰৰ পৰা চুৰি কৰি থকা অৱস্থাত তেওঁ ধৰা পৰে। আমি গোচৰ ৰুজু কৰি তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছোঁ।’’

চোৰটোৱে নিজৰ নাম দীনেশ ওৰফে লেংৰা বুলি সদৰী কৰিছে। আৰক্ষীয়ে জনোৱা মতে, অভিযুক্ত চোৰটো পাটনাৰ ৰামকৃষ্ণ নগৰত ভাড়াঘৰত বাস কৰে। তেওঁৰ পৰিয়ালত কোনো নাই।

আৰক্ষীয়ে সদ্যহতে দীনেশৰ পৰা ২.৫ লাখ টকাৰ গহনা উদ্ধাৰ কৰিছে। যোৱা ১৩ বছৰত কোটি কোটি টকা চুৰি কৰিছে যদিও আৰক্ষীয়ে এতিয়াও সেই ধন উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। তেওঁ এদিনতে পাটনাৰ কেইবাটাও অঞ্চলত ২৫ লাখ টকাৰ গহনা আৰু নগদ ধন চুৰি কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ