--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ কিষানগাংগাগা আৰু ৰেটলে জলবিদ্যুৎ প্ৰকল্প সন্দৰ্ভত ভাৰতৰ স্থিতিৰ উপৰত ওপৰত পাকিস্তানে আপত্তি দৰ্শাই আহিছিল। এতিয়া সিন্ধু জল সন্ধিক লৈ পাকিস্তানৰ সৈতে হোৱা বিবাদৰ ওৰপেলাই জল সন্ধিৰ সৈতে জড়িত বিতৰ্কিত বিষয়সমূহৰ ওপৰত ভাৰতৰ পক্ষত ৰায় দিয়ে নিৰপেক্ষ বিশেষজ্ঞগই।বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই সিদ্ধান্তক আদৰণি জনাই কয় যে ভাৰতে ধাৰাবাহিকভাৱে নিজৰ নীতিগত স্থিতি অক্ষুণ্ণ ৰাখিছে।

জম্মু-কাশ্মীৰৰ কিষানগাংগা আৰু ৰেটলে জলবিদ্যুৎ প্ৰকল্পক লৈ ইছলামবাদে ২০১৫ চনত এই প্ৰকল্প দুটাৰ ওপৰত আপত্তি দৰ্শাই নিৰপেক্ষ বিশেষজ্ঞ নিযুক্তিৰ বাবে অনুৰোধ জনাইছিল। কিন্তু ২০১৬ চনত একপক্ষীয়ভাৱে ইয়াক প্ৰত্যাহাৰ কৰি সালিসী ন্যায়াধিকৰণত আবেদন জনাইছিল। নিৰপেক্ষ বিশেষজ্ঞজনৰ ৰায় ভাৰতৰ সপক্ষে অহাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিত কয় যে, ১৯৬০ চনৰ সিন্ধু জল সন্ধিৰ পৰিশিষ্ট এফৰ ৭নং অনুচ্ছেদ অনুসৰি নিৰপেক্ষ বিশেষজ্ঞৰ সিদ্ধান্তক ভাৰতে আদৰণি জনাইছে। ভাৰতে কিষানগাংগা আৰু ৰেটলে জলবিদ্যুৎ প্ৰকল্পৰ সৈতে জড়িত নিৰপেক্ষ বিশেষজ্ঞৰ ওচৰলৈ সাতটা প্ৰশ্ন প্ৰেৰণ কৰিছিল। বিশেষজ্ঞৰ সিদ্ধান্তই ভাৰতৰ এই স্থিতিক সমৰ্থন তথা যুক্তিযুক্ততা প্ৰদান কৰিছে।

বিবৃতিটোত কোৱা হৈছে যে ভাৰতৰ দৃষ্টিভংগীৰ লগত খাপ খুৱাই নিজৰ অৰ্হতা বজাই ৰাখি নিৰপেক্ষ বিশেষজ্ঞসকল এতিয়া পৰৱৰ্তী পৰ্যায়লৈ আগবাঢ়িব। সংশ্লিষ্ট সূত্ৰৰ মতে, এই সিদ্ধান্তই কিষানগাংগা আৰু ৰেটলে জলবিদ্যুৎ প্ৰকল্পৰ কাৰ্যকলাপৰ ক্ষেত্ৰত ভাৰতৰ স্থিতিৰ বৈধতা প্ৰদান কৰে। 

ভাৰতে সিন্ধু জল সন্ধিৰ অখণ্ডতা ৰক্ষাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে আৰু সমান্তৰালতাৰ ব্যৱস্থা নকৰা সন্ধিৰ বিধানৰ সৈতে সামঞ্জস্যপূৰ্ণভাৱে মতানৈক্য সমাধানৰ বাবে নিৰপেক্ষ বিশেষজ্ঞ নেতৃত্বাধীন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি যাব বুলি উল্লেখ কৰা হৈছে।

একে সময়তে নতুন দিল্লীৰ এক সামঞ্জস্যপূৰ্ণ আৰু নীতিগত স্থিতি অতল থাকিব বুলি উল্লেখ কৰে।নিৰপেক্ষ বিশেষজ্ঞৰ হাততে চুক্তিৰ এই পাৰ্থক্যসমূহ নিৰ্ণয় কৰাৰ কৰ্তৃত্ব আছে।পৰৱৰ্তী পৰ্যায়ত চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব বুলি মন্ত্ৰালয়ে আশা প্ৰকাশ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন