--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ কিষানগাংগাগা আৰু ৰেটলে জলবিদ্যুৎ প্ৰকল্প সন্দৰ্ভত ভাৰতৰ স্থিতিৰ উপৰত ওপৰত পাকিস্তানে আপত্তি দৰ্শাই আহিছিল। এতিয়া সিন্ধু জল সন্ধিক লৈ পাকিস্তানৰ সৈতে হোৱা বিবাদৰ ওৰপেলাই জল সন্ধিৰ সৈতে জড়িত বিতৰ্কিত বিষয়সমূহৰ ওপৰত ভাৰতৰ পক্ষত ৰায় দিয়ে নিৰপেক্ষ বিশেষজ্ঞগই।বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই সিদ্ধান্তক আদৰণি জনাই কয় যে ভাৰতে ধাৰাবাহিকভাৱে নিজৰ নীতিগত স্থিতি অক্ষুণ্ণ ৰাখিছে।

জম্মু-কাশ্মীৰৰ কিষানগাংগা আৰু ৰেটলে জলবিদ্যুৎ প্ৰকল্পক লৈ ইছলামবাদে ২০১৫ চনত এই প্ৰকল্প দুটাৰ ওপৰত আপত্তি দৰ্শাই নিৰপেক্ষ বিশেষজ্ঞ নিযুক্তিৰ বাবে অনুৰোধ জনাইছিল। কিন্তু ২০১৬ চনত একপক্ষীয়ভাৱে ইয়াক প্ৰত্যাহাৰ কৰি সালিসী ন্যায়াধিকৰণত আবেদন জনাইছিল। নিৰপেক্ষ বিশেষজ্ঞজনৰ ৰায় ভাৰতৰ সপক্ষে অহাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিত কয় যে, ১৯৬০ চনৰ সিন্ধু জল সন্ধিৰ পৰিশিষ্ট এফৰ ৭নং অনুচ্ছেদ অনুসৰি নিৰপেক্ষ বিশেষজ্ঞৰ সিদ্ধান্তক ভাৰতে আদৰণি জনাইছে। ভাৰতে কিষানগাংগা আৰু ৰেটলে জলবিদ্যুৎ প্ৰকল্পৰ সৈতে জড়িত নিৰপেক্ষ বিশেষজ্ঞৰ ওচৰলৈ সাতটা প্ৰশ্ন প্ৰেৰণ কৰিছিল। বিশেষজ্ঞৰ সিদ্ধান্তই ভাৰতৰ এই স্থিতিক সমৰ্থন তথা যুক্তিযুক্ততা প্ৰদান কৰিছে।

বিবৃতিটোত কোৱা হৈছে যে ভাৰতৰ দৃষ্টিভংগীৰ লগত খাপ খুৱাই নিজৰ অৰ্হতা বজাই ৰাখি নিৰপেক্ষ বিশেষজ্ঞসকল এতিয়া পৰৱৰ্তী পৰ্যায়লৈ আগবাঢ়িব। সংশ্লিষ্ট সূত্ৰৰ মতে, এই সিদ্ধান্তই কিষানগাংগা আৰু ৰেটলে জলবিদ্যুৎ প্ৰকল্পৰ কাৰ্যকলাপৰ ক্ষেত্ৰত ভাৰতৰ স্থিতিৰ বৈধতা প্ৰদান কৰে। 

ভাৰতে সিন্ধু জল সন্ধিৰ অখণ্ডতা ৰক্ষাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে আৰু সমান্তৰালতাৰ ব্যৱস্থা নকৰা সন্ধিৰ বিধানৰ সৈতে সামঞ্জস্যপূৰ্ণভাৱে মতানৈক্য সমাধানৰ বাবে নিৰপেক্ষ বিশেষজ্ঞ নেতৃত্বাধীন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি যাব বুলি উল্লেখ কৰা হৈছে।

একে সময়তে নতুন দিল্লীৰ এক সামঞ্জস্যপূৰ্ণ আৰু নীতিগত স্থিতি অতল থাকিব বুলি উল্লেখ কৰে।নিৰপেক্ষ বিশেষজ্ঞৰ হাততে চুক্তিৰ এই পাৰ্থক্যসমূহ নিৰ্ণয় কৰাৰ কৰ্তৃত্ব আছে।পৰৱৰ্তী পৰ্যায়ত চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব বুলি মন্ত্ৰালয়ে আশা প্ৰকাশ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বজালীত শোকাৱহ অঘটন; কালদিয়া নৈ পাৰ হ’বলৈ গৈ উটি গ’ল বৃদ্ধ কৃষক
কমনৱেলথ গেমছলৈ নির্বাচিত তেজপুৰৰ লিছা দাস
NHPCয়ে সোৱণশিৰিত, নীপকোৱে ৰঙানদীত এৰিলে পানী
কেৱল সোৱাদতেই নহয়, বহু উপকাৰী গুণেৰেও অতুলনীয় খৰিচা
বৰপেটাৰোডত যান-বাহনৰ ভাড়া বৃদ্ধিৰ বিৰুদ্ধে ৰাজপথত কলেজীয়া ছাত্ৰৰ তীব্ৰ প্ৰতিবাদ
বিশ্বত পুনৰ শক্তি সংকটৰ আশংকা; ইৰানী সেনাই বন্ধ কৰিলে হৰমুজ প্রণালী
ৰাজ্যত পঞ্জীয়নকৃত নিবনুৱাৰ সংখ্যা ১৫,৪৩,৩৫০জন
‘ডিজিটেল স্ক্ৰীনৰ পৰা আঁতৰি মামাৰ ঘৰলৈ যোৱা...’ গৰমৰ বন্ধত ভাগিনসকললৈ মুখ্যমন্ত্ৰীৰ মুকলি চিঠি
গুৱাহাটী ৰে’লৱে ষ্টেচনত ১১ সন্দেহজনক বাংলাদেশী আটক; চেন্নাইলৈ যোৱাৰ চেষ্টা ব্যৰ্থ কৰিলে RPFএ
চামগুৰিত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ
ৰাষ্ট্ৰপতিয়ে মুকলি কৰিলে ডুৰাণ্ড কাপৰ ট্ৰফী; ১৬-১৭ জুলাইত গুৱাহাটীত হ’ব প্রদর্শন
মহাকাব্যিক প্ৰত্যাৱৰ্তন
অতি উপকাৰী পাচলি কোমোৰা; গুণাগুণসমূহ জানো আহক
বিষ্ণয় গেঙৰ সন্ধানত অপাৰেশ্যন ‘হার্ড বল’
Advertisement