--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চৰকাৰী চাকৰিয়ে কাল হ’ল এখন সংসাৰৰ বাবে। চৰকাৰী চাকৰি লাভ কৰাৰ লগে লগে স্বামীক এৰিলে পত্নীয়ে। উত্তৰ প্ৰদেশৰ কানপুৰত ঘটিছে এই ঘটনা। এজন লোকে পত্নীৰ বিৰুদ্ধে এজাহাৰ দিবলৈ থানাৰ কাষ চাপিছে আৰু ঘৰৰ পৰা ওলাই যোৱা পত্নীক ঘূৰাই আনিবলৈ আৰক্ষীক অনুৰোধ জনাইছে।

আৰক্ষীৰ আগত লোকজনে কয় যে পত্নীয়ে তেওঁক এৰি যোৱাত তেওঁ অতিশয় বিচলিত হৈ পৰিছে। সমাজত তেওঁ বহুত অপমানিত হৈছে। এনে পৰিস্থিতিত তেওঁৰ পত্নীক ঘৰলৈ ঘূৰাই অনাত আৰক্ষীয়ে সহায় কৰিব লাগে। কানপুৰৰ নৌবাস্তা থানা এলেকাৰ বাসিন্দা বজৰঙে ২০২৩ চনত হিন্দু ৰীতি-নীতি অনুসৰি গাজিয়াবাদৰ বাসিন্দা লক্ষিতা নামৰ ছোৱালী এজনীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল।

বিয়াৰ পাছত কানপুৰলৈ অহা লক্ষিতাই স্বামী বজৰঙক চৰকাৰী শিক্ষয়িত্ৰী হোৱাৰ সপোনৰ কথা ক’লে। পত্নীৰ সপোনক বাস্তৱ ৰূপ দিবলৈ বজৰঙে সকলো কৰিলে। পত্নীৰ পঢ়া-শুনাৰ খৰচ বহন কৰিবলৈ তেওঁ কঠোৰ পৰিশ্ৰম কৰিবলৈ ধৰিলে। চাকৰিৰ প্ৰস্তুতিৰ বাবে লক্ষিতাক ব্যয়বহুল কোচিংলৈ পঠিয়াই দিলে বজৰঙে।

স্বামীৰ সহায় আৰু নিষ্ঠাৰ বাবে লক্ষিতাই অতি সোনকালেই নিজৰ সপোন বাস্তৱায়িত কৰাত সফল হ’ল। তেওঁ চৰকাৰী শিক্ষকৰ চাকৰি পালে। অৱশ্যে শিক্ষয়িত্ৰী হোৱাৰ পিছত লক্ষিতা বজৰঙৰ পৰা আঁতৰি থাকিবলৈ ধৰিলে। এনে অৱস্থাত বজৰঙে বিচলিত হৈ তেনে কৰাৰ কাৰণ সুধিলে। ইয়াৰ বাবে দুয়োৰে মাজত কাজিয়া হ’ল আৰু খঙতে লক্ষীতাই নিজৰ মাতৃগৃহলৈ গুচি গ’ল।

বজৰঙে অভিযোগ কৰে যে পিতৃ-মাতৃৰ ঘৰলৈ যোৱাৰ পিছত লক্ষিতাই তেওঁক ফোন কৰি একেলগে থাকিবলৈ এক কোটি টকা দাবী কৰে। লক্ষিতাই ক’লে, “তোমাৰ কোনো মৰ্যাদা নাই। মই এনেকৈ একেলগে থাকিব নোৱাৰো। মোক এক কোটি টকা দিয়া, তেতিয়াহে মই আগৰ দৰে তোমাৰ লগত থাকিবলৈ আৰম্ভ কৰিম।” পত্নী লক্ষিতাৰ এই কথা শুনি বজৰং স্তম্ভিত হৈ পৰিল। তেওঁৰ হৃদয় ভাঙি গ’ল।

বজৰঙে এই সন্দৰ্ভত লক্ষিতাৰ পিতৃ-মাতৃৰ লগতো কথা পাতিছিল। কোনো সমাধান নোপোৱাত তেওঁ আইনৰ সহায় লোৱাৰ সিদ্ধান্ত ল’লে। এই সন্দৰ্ভত ডিচিপি দক্ষিণ মহেশ কুমাৰে কয় যে স্বামীৰ অভিযোগৰ ভিত্তিত গোচৰ ৰুজু কৰা হৈছে। দুয়োৰে মাজত বিবাদ আৰু কাজিয়াৰ কাৰণ জানিবলৈ চেষ্টা কৰি থকা হৈছে।

তেওঁ কয় যে লক্ষিতা আৰু তেওঁৰ পৰিয়ালৰ লোকক কানপুৰলৈ মাতি অনাৰ প্ৰচেষ্টা চলোৱা হৈছে, যাৰ ফলত ঘটনাটো স্পষ্ট হ’ব। দুয়োপক্ষৰ কথা শুনিলেহে সত্য গম পোৱা যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ