--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ভাৰতে চলিত বছৰতে জাপানক পিছ পেলাই বিশ্বৰ চতুৰ্থ সৰ্ববৃহৎ অর্থনীতিত পৰিণত হ'ব। আন্তঃৰাষ্ট্ৰীয় মুদ্রা নিধিয়ে (আই এম এফ) সোমবাৰে প্রকাশ কৰা এখন প্রতিবেদনৰ পৰা এই কথা জানিব পৰা গৈছে। প্রতিবেদনখনত উল্লেখ কৰা মতে চলিত বছৰত ভাৰতৰ নমিনেল জি ডি পি ৪.১৮৭ লাখ কোটি ডলাৰ হ'ব। চলিত বছৰত ভাৰতৰ জি ডি পি জাপানৰ আনুমানিক জি ডি পি ৪.১৮৬ লাখ কোটি ডলাৰতকৈ সামান্য অধিক হ'ব। 

যোৱা বছৰ ভাৰত বিশ্বৰ পঞ্চম সৰ্ববৃহৎ অর্থনীতি আছিল। মন কৰিবলগীয়া কথাটো হ'ল ২০২৮ৰ ভিতৰত ভাৰতে জার্মানিক পিছ পেলাই বিশ্বৰ তৃতীয় সর্ববৃহৎ অর্থনীতিৰূপে পৰিগণিত হ'ব বুলি প্রতিবেদনখনত কোৱা হৈছে। আই এম এফৰ মতে ২০২৭ বৰ্ষত ভাৰতৰ অৰ্থনীতি ৫ লাখ কোটি ডলাৰ হ'বগৈ। 

আনহাতে ২০২৮ বৰ্ষত ভাৰতীয় অর্থনীতি ৫.৫৮ লাখ কোটি ডলাৰ হ'বগৈ আৰু তেতিয়া জার্মানিৰ অৰ্থনীতি হ'ব ৫.২৫ লাখ কোটি ডলাৰ।প্রতিবেদনখনত উল্লেখ কৰা মতে চলিত বছৰত ৩০.৫ লাখ কোটি ডলাৰৰ অর্থনীতিৰে আমেৰিকা প্রথম, ১৯.২ লাখ কোটি ডলাৰেৰে চীন বিশ্বৰ দ্বিতীয় অর্থনীতি। তৃতীয় স্থানত থকা জার্মানিৰ অৰ্থনীতি ৪.৪৭ লাখ কোটি ডলাৰ। আনহাতে চলিত বছৰত ভাৰতৰ উন্নয়নৰ হাৰ ৬.২% হ'ব বুলি আই এম এফে প্রকাশ কৰিছে। পূৰ্বতে ভাৰতৰ উন্নয়নৰ হাৰ ৬.৫% হ'ব বুলি অনুমান কৰিছিল আই এম এফে।


উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত