--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ভাৰতে চলিত বছৰতে জাপানক পিছ পেলাই বিশ্বৰ চতুৰ্থ সৰ্ববৃহৎ অর্থনীতিত পৰিণত হ'ব। আন্তঃৰাষ্ট্ৰীয় মুদ্রা নিধিয়ে (আই এম এফ) সোমবাৰে প্রকাশ কৰা এখন প্রতিবেদনৰ পৰা এই কথা জানিব পৰা গৈছে। প্রতিবেদনখনত উল্লেখ কৰা মতে চলিত বছৰত ভাৰতৰ নমিনেল জি ডি পি ৪.১৮৭ লাখ কোটি ডলাৰ হ'ব। চলিত বছৰত ভাৰতৰ জি ডি পি জাপানৰ আনুমানিক জি ডি পি ৪.১৮৬ লাখ কোটি ডলাৰতকৈ সামান্য অধিক হ'ব। 

যোৱা বছৰ ভাৰত বিশ্বৰ পঞ্চম সৰ্ববৃহৎ অর্থনীতি আছিল। মন কৰিবলগীয়া কথাটো হ'ল ২০২৮ৰ ভিতৰত ভাৰতে জার্মানিক পিছ পেলাই বিশ্বৰ তৃতীয় সর্ববৃহৎ অর্থনীতিৰূপে পৰিগণিত হ'ব বুলি প্রতিবেদনখনত কোৱা হৈছে। আই এম এফৰ মতে ২০২৭ বৰ্ষত ভাৰতৰ অৰ্থনীতি ৫ লাখ কোটি ডলাৰ হ'বগৈ। 

আনহাতে ২০২৮ বৰ্ষত ভাৰতীয় অর্থনীতি ৫.৫৮ লাখ কোটি ডলাৰ হ'বগৈ আৰু তেতিয়া জার্মানিৰ অৰ্থনীতি হ'ব ৫.২৫ লাখ কোটি ডলাৰ।প্রতিবেদনখনত উল্লেখ কৰা মতে চলিত বছৰত ৩০.৫ লাখ কোটি ডলাৰৰ অর্থনীতিৰে আমেৰিকা প্রথম, ১৯.২ লাখ কোটি ডলাৰেৰে চীন বিশ্বৰ দ্বিতীয় অর্থনীতি। তৃতীয় স্থানত থকা জার্মানিৰ অৰ্থনীতি ৪.৪৭ লাখ কোটি ডলাৰ। আনহাতে চলিত বছৰত ভাৰতৰ উন্নয়নৰ হাৰ ৬.২% হ'ব বুলি আই এম এফে প্রকাশ কৰিছে। পূৰ্বতে ভাৰতৰ উন্নয়নৰ হাৰ ৬.৫% হ'ব বুলি অনুমান কৰিছিল আই এম এফে।


উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ