--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেডে সমগ্ৰ দেশৰ লোকসকলক আহ্বান জনাই কয় যে যুদ্ধৰ এই সময়ত আপোনালোকে ইন্ধন কমি যাব বুলি ভয় নাখাব। ইন্ধন কমি যোৱাৰ ভয়ত লৰালৰিকৈ ইন্ধন ক্ৰয় কৰাৰ পৰা বিৰত থাকক।কোম্পানীটোৱে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম টুইটাৰ (বৰ্তমান এক্স)ত এটা পোষ্ট শ্বেয়াৰ কৰি সকলো আউটলেটতে পেট্ৰ’ল, ডিজেল আৰু এল পি জিৰ পৰ্যাপ্ত মজুত উপলব্ধ হোৱাটো নিশ্চিত কৰিছে। কেৱল ইণ্ডিয়ান অইলেই নহয়, ভাৰত পেট্ৰলিয়াম লিমিটেডেও দেশজুৰি যোগান সুকলমে চলি থকা বুলি নিশ্চিত কৰিছে।

আচলতে তেল বিপণন কোম্পানীৰ এই পোষ্টটো ছ’চিয়েল মিডিয়াত তেতিয়া দিয়া হৈছিল যেতিয়া বুধবাৰে পঞ্জাৱত (বিশেষকৈ সীমান্তৰ সীমান্তৱৰ্তী চহৰবোৰত) মানুহক পেট্ৰ’ল পাম্পত শাৰী পাতি থিয় হৈ নিজৰ বাহন আৰু ইন্ধনৰ পাত্ৰত ইন্ধন ভৰোৱা দেখা গৈছিল। খবৰ অনুসৰি খাদ্য, ঔষধ, এল পি জি গেছ চিলিণ্ডাৰ আদি আন অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰিবলৈও বহু লোকে ভিৰ কৰা দেখা গৈছে।


এটা ছ’চিয়েল মিডিয়া পোষ্টৰ জৰিয়তে দেশৰ অন্যতম বৃহৎ ইন্ধন যোগানকাৰী ইণ্ডিয়ান অইলে স্পষ্ট কৰি দিছে যে তেওঁলোকৰ বিতৰণ নেটৱৰ্ক শক্তিশালী আৰু সুকলমে কাম কৰি আছে। তেল কোম্পানীটোৱে লগতে কয় যে প্ৰতিটো পৰিস্থিতি যাতে কোনো ধৰণৰ ব্যাঘাত নঘটে তাৰ বাবে তীক্ষ্ণ দৃষ্টি ৰাখিছে। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে কোনো সতৰ্কবাণী জাৰি কৰা নাই।

আই অ’ চি এলৰ ছ’চিয়েল মিডিয়া পোষ্টত লিখিছে, ‘ইণ্ডিয়ান অইলৰ ইন্ধনৰ পৰ্যাপ্ত মজুত সমগ্ৰ দেশতে আছে আৰু আমাৰ যোগান শৃংখল সুচাৰুৰূপে চলি আছে। এনে পৰিস্থিতিত আতংকিত হৈ ক্ৰয় কৰাৰ প্ৰয়োজন নাই আৰু আমাৰ সকলো আউটলেটতে ইন্ধন আৰু এল পি জি সহজে উপলব্ধ। লগতে পেট্ৰ’ল পাম্পত অপ্ৰয়োজনীয় ভিৰ পৰিহাৰ কৰিবলৈ জনসাধাৰণক অনুৰোধ জনাইছে কোম্পানীটোৱে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ