--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰিকেট জগতত এটা দূৰ্দান্ত দল হৈছে নিউজিলেণ্ড। অনন্য ক্ৰীড়াশৈলীয়ে প্ৰতিবাৰ বিশ্বকাপতে আকৰ্ষণ কৰি আহিছে বাবে এই দলটোৱে ফেভাৰিটৰ আসনত থাকে। কিন্তু আজিলৈকে এদিনীয়া বিশ্বকাপ জয় কৰিবলৈ সক্ষম হোৱা নাই।

নিউজিলেণ্ডৰ ক্ৰিকেটাৰসকলো অনুৰাগীৰ প্ৰিয়। এইখিনিতে চাও আহক দেশখনৰ ইতিহাৰ শ্ৰেষ্ঠ তিনিজন ক্ৰিকেটাৰৰ বিষয়ে!

মাৰ্টিন গুপ্টিল। এজন অসাধাৰণ ফিল্ডাৰ মাৰ্টিন গুপটিল এই প্ৰজন্মৰ অন্যতম জনপ্ৰিয় খেলুৱৈ। ২০২২ চনত তেওঁ অৱসৰ লয়। ইয়াৰ পূৰ্বে ১৯৮ খন এদিনীয়া মেচত গড়ে ৪১.৭৩ সহ তেওঁ ৭,৩৪৬ ৰাণ সংগ্ৰহ কৰিছিল। শতক অৰ্জন কৰিছিল ১৮ টা। সৰ্বোচ্চ স্ক’ৰ- ২৩৭।  ব্ৰেণ্ডন মেককালামৰ সৈতে তেওঁৰ অপেনাৰ অংশীদাৰিত্ব সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ।
 
ব্ৰেণ্ডন মেককালাম অন্যতম জনপ্ৰিয় উইকেটকীপাৰ আৰু অপেনিং বেটাৰ। অ’পেনাৰ হিচাপে ব্ৰেণ্ডনৰ ষ্ট্ৰাইক ৰেট ১০২.৭৫। তেওঁ আছিল এজন যুগজয়ী অধিনায়ক, তেওঁৰ নেতৃ্‌বত বিজয়ৰ শতাংশ হৈছে ৫৭.৩৮। ২০০২ চনৰ পৰা ২০১৬ চনলৈকে ক্ৰিকেট জগতত দপদপাই থকা সোঁহতীয়া বেটাৰগৰাকীয়ে ২৬০ খন এদিনীয়া মেচত ১০৭ বাৰ অপেনিং কৰিছিল। ষ্ট্ৰাইক ৰেট ১০২.৭৫ সব বেটিং গড় আছিল ৩২.৯৭। তেওঁৰ মুঠ ৰাণসংখ্যা হ’ল- ৬,০৮৩। অধিনায়ক, অপেনাৰৰ উপৰিও তেওঁ উইকেটকীপাৰ হিচাপেও প্ৰসিদ্ধ। ২৬০ খন মেচত ২২৭ টা কেচ ধৰাৰ উপৰিও ১৫টা ষ্টাম্পিঙো কৰিছিল তেওঁ।

কেন উইলিয়ামছন। নিউজিলেণ্ডৰ বেটিং ক্ৰমত সুস্থিৰ কৰাত কেন উইলিয়ামছনৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। এতিয়ালৈকে ১৬২ খন এদিনীয়া মেচত ৪৮.৪০ ৰাণসহ কিৱি বেটাৰগৰাকীয়ে ৬,৬৩২ ৰাণ সংগ্ৰহ কৰিছে। তেওঁৰ অধিনায়কত্বতে নিউজিলেণ্ডে এদিনীয়া বিশ্বকাপত দূদান্ত প্ৰদৰ্শন কৰি আহিছে। অধিনায়ক, টপ অৰ্ডাৰ বেটাৰৰ উপৰিও উইলিয়ামছন এগৰাকী পাৰ্ট টাইম অফ ব্ৰেক বলাৰো।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ