--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰিকেট জগতত এটা দূৰ্দান্ত দল হৈছে নিউজিলেণ্ড। অনন্য ক্ৰীড়াশৈলীয়ে প্ৰতিবাৰ বিশ্বকাপতে আকৰ্ষণ কৰি আহিছে বাবে এই দলটোৱে ফেভাৰিটৰ আসনত থাকে। কিন্তু আজিলৈকে এদিনীয়া বিশ্বকাপ জয় কৰিবলৈ সক্ষম হোৱা নাই।

নিউজিলেণ্ডৰ ক্ৰিকেটাৰসকলো অনুৰাগীৰ প্ৰিয়। এইখিনিতে চাও আহক দেশখনৰ ইতিহাৰ শ্ৰেষ্ঠ তিনিজন ক্ৰিকেটাৰৰ বিষয়ে!

মাৰ্টিন গুপ্টিল। এজন অসাধাৰণ ফিল্ডাৰ মাৰ্টিন গুপটিল এই প্ৰজন্মৰ অন্যতম জনপ্ৰিয় খেলুৱৈ। ২০২২ চনত তেওঁ অৱসৰ লয়। ইয়াৰ পূৰ্বে ১৯৮ খন এদিনীয়া মেচত গড়ে ৪১.৭৩ সহ তেওঁ ৭,৩৪৬ ৰাণ সংগ্ৰহ কৰিছিল। শতক অৰ্জন কৰিছিল ১৮ টা। সৰ্বোচ্চ স্ক’ৰ- ২৩৭।  ব্ৰেণ্ডন মেককালামৰ সৈতে তেওঁৰ অপেনাৰ অংশীদাৰিত্ব সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ।
 
ব্ৰেণ্ডন মেককালাম অন্যতম জনপ্ৰিয় উইকেটকীপাৰ আৰু অপেনিং বেটাৰ। অ’পেনাৰ হিচাপে ব্ৰেণ্ডনৰ ষ্ট্ৰাইক ৰেট ১০২.৭৫। তেওঁ আছিল এজন যুগজয়ী অধিনায়ক, তেওঁৰ নেতৃ্‌বত বিজয়ৰ শতাংশ হৈছে ৫৭.৩৮। ২০০২ চনৰ পৰা ২০১৬ চনলৈকে ক্ৰিকেট জগতত দপদপাই থকা সোঁহতীয়া বেটাৰগৰাকীয়ে ২৬০ খন এদিনীয়া মেচত ১০৭ বাৰ অপেনিং কৰিছিল। ষ্ট্ৰাইক ৰেট ১০২.৭৫ সব বেটিং গড় আছিল ৩২.৯৭। তেওঁৰ মুঠ ৰাণসংখ্যা হ’ল- ৬,০৮৩। অধিনায়ক, অপেনাৰৰ উপৰিও তেওঁ উইকেটকীপাৰ হিচাপেও প্ৰসিদ্ধ। ২৬০ খন মেচত ২২৭ টা কেচ ধৰাৰ উপৰিও ১৫টা ষ্টাম্পিঙো কৰিছিল তেওঁ।

কেন উইলিয়ামছন। নিউজিলেণ্ডৰ বেটিং ক্ৰমত সুস্থিৰ কৰাত কেন উইলিয়ামছনৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। এতিয়ালৈকে ১৬২ খন এদিনীয়া মেচত ৪৮.৪০ ৰাণসহ কিৱি বেটাৰগৰাকীয়ে ৬,৬৩২ ৰাণ সংগ্ৰহ কৰিছে। তেওঁৰ অধিনায়কত্বতে নিউজিলেণ্ডে এদিনীয়া বিশ্বকাপত দূদান্ত প্ৰদৰ্শন কৰি আহিছে। অধিনায়ক, টপ অৰ্ডাৰ বেটাৰৰ উপৰিও উইলিয়ামছন এগৰাকী পাৰ্ট টাইম অফ ব্ৰেক বলাৰো।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত