--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপৰ প্ৰথম চাৰিখন মেচৰ বাবে তেওঁক বেঞ্চত বহিবলৈ দিয়া হৈছিল। নিউজিলেণ্ডৰ বিৰুদ্ধে পঞ্চমখন খেলত প্ৰথমটো বলতে উইকেট লাভ কৰে মহম্মদ ছামীয়ে। উইল ইয়ঙক আউট কৰে। সেই উইকেটৰ বাবেই এতিয়া বিশ্বকাপত ভাৰতৰ হৈ সৰ্বাধিক উইকেট লোৱাৰ তালিকাত দ্বিতীয় স্থানত আছে শামী।

অনিল কুম্বলে (৩১) ভাৰতৰ হৈ এই পৰ্যন্ত দ্বিতীয় সৰ্বাধিক উইকেট দখল কৰি আছিল। দেওবাৰে ইয়ঙৰ উইকেট দখল কৰাৰ পাছত শামীয়ে ভাৰতৰ প্ৰাক্তন বলাৰ তথা প্ৰশিক্ষকগৰাকীক অতিক্ৰম কৰে। এতিয়া তেওঁৰ ১২খন মেচত ৩৩টা উইকেট আছে। দুগৰাকী পেচাৰ জহীৰ খান আৰু জাভাগল শ্ৰীনাথ যৌথভাৱে এক নম্বৰত আছে। দুয়োৰে ৪৪টাকৈ উইকেট। 

উল্লেখ্য যে আগৰ মেচকেইখনত মহম্মদ শ্বামীয়ে স্থান পোৱা নাছিল। কিন্তু দেওবাৰে নিউজিলেণ্ডৰ বিৰুদ্ধে পাঁচটাকৈ উইকেট দখল কৰি সকলো বঞ্চনা আৰু সকলো অৱহেলাৰ যোগ্য প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত