--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেওবাৰে আইচিচি এদিনীয়া বিশ্বকাপ লীগ খেলত ভাৰত মুখামুখী হ’ব  নিউজিলেণ্ডৰ ।  ধৰ্মশালাৰ হিমাচল প্ৰদেশ ক্ৰিকেট এছ'চিয়েচন ষ্টেডিয়ামত আজি দিনৰ ২ বজাৰ পৰা আৰম্ভ হ’ব খেল। কিন্তু আঘাতৰ সমস্যাই বিধ্বস্ত কৰিছে ভাৰতীয় দলটোক। হাৰ্ডিক পাণ্ডিয়া বিশ্বকাপত বাংলাদেশৰ বিৰুদ্ধে খেলাৰ সময়তে আঘাতপ্ৰাপ্ত হৈছিল।

 সেয়ে তেওঁ আজি  নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিব নোৱাৰিব। হাৰ্দিকৰ অনুপস্থিতিত  সূৰ্যকুমাৰ যাদৱ আৰু ঈশান কিষাণৰ ভিতৰৰে এজনে খেলিব পাৰে। কিন্তু খেলৰ আগদিনা এই দুগৰাকী খেলুৱৈয়ো সমস্যাত পৰে। নেটত বেটিং কৰোঁতে সূৰ্যই তেওঁৰ মণিবন্ধত আঘাত পায়। আনহাতে ঈশানক মৌমাখিয়ে দংশন কৰাত বিষে জৰ্জৰিত কৰিছে খেলুৱৈগৰাকীক।সূৰ্যই নিউজিলেণ্ডৰ বিৰুদ্ধে খেলাৰ আগতে শনিবাৰে সন্ধিয়া ধৰ্মশালা খেলপথাৰত অনুশীলন কৰিছিল।  

তেওঁ থ্ৰো-ডাউন বিশেষজ্ঞ ৰঘু ৰাঘৱেন্দ্ৰৰ সৈতে খেলি আছিল। তেতিয়াই এটা বলে তেওঁৰ মণিবন্ধত আঘাত কৰে। লগে লগে সূৰ্য্যই তেওঁৰ আঘাত পোৱা  স্থানত  বৰফৰ পেক লগাই কিছু আৰাম পায়। আঘাত পোৱাৰ পিছতে  তেওঁ আৰু অনুশীলন কৰা নাছিল।আনহাতেয অনুশীলনৰ মাজতে মৌমাখিয়ে ঈশানৰ মূৰত দংশন কৰে।  তেঁৱো সেয়ে আধাতে  অনুশীলনো কৰিবলৈ এৰিছিল। 

বাংলাদেশৰ বিৰুদ্ধে বলিং  কৰোঁতে হাৰ্ডিকে ভৰিত আঘাত পাইছিল।  তেওঁ নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিবলৈ চেষ্টা কৰিছিল,  কিন্তু তেওঁ সুস্থ হ'ব পৰা নাই। তেওঁক বাংগালুৰুৰ ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীলৈ প্ৰেৰণ কৰা হৈছে। সূৰ্যৰই তেওঁৰ পৰিৱৰ্তে খেলিবলৈ এটা ডাঙৰ সুযোগ আছিল। কিন্তু মণিবন্ধৰ আঘাতৰ পিছত তেওঁ খেলিব পাৰিবনে নাই সেয়া সন্দেহৰ বিষয় হৈ পৰিছে। ক্ষন্তেক পিছতে স্পষ্ট হৈ পৰিব সমগ্ৰ ছবি খন। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ