--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেওবাৰে আইচিচি এদিনীয়া বিশ্বকাপ লীগ খেলত ভাৰত মুখামুখী হ’ব  নিউজিলেণ্ডৰ ।  ধৰ্মশালাৰ হিমাচল প্ৰদেশ ক্ৰিকেট এছ'চিয়েচন ষ্টেডিয়ামত আজি দিনৰ ২ বজাৰ পৰা আৰম্ভ হ’ব খেল। কিন্তু আঘাতৰ সমস্যাই বিধ্বস্ত কৰিছে ভাৰতীয় দলটোক। হাৰ্ডিক পাণ্ডিয়া বিশ্বকাপত বাংলাদেশৰ বিৰুদ্ধে খেলাৰ সময়তে আঘাতপ্ৰাপ্ত হৈছিল।

 সেয়ে তেওঁ আজি  নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিব নোৱাৰিব। হাৰ্দিকৰ অনুপস্থিতিত  সূৰ্যকুমাৰ যাদৱ আৰু ঈশান কিষাণৰ ভিতৰৰে এজনে খেলিব পাৰে। কিন্তু খেলৰ আগদিনা এই দুগৰাকী খেলুৱৈয়ো সমস্যাত পৰে। নেটত বেটিং কৰোঁতে সূৰ্যই তেওঁৰ মণিবন্ধত আঘাত পায়। আনহাতে ঈশানক মৌমাখিয়ে দংশন কৰাত বিষে জৰ্জৰিত কৰিছে খেলুৱৈগৰাকীক।সূৰ্যই নিউজিলেণ্ডৰ বিৰুদ্ধে খেলাৰ আগতে শনিবাৰে সন্ধিয়া ধৰ্মশালা খেলপথাৰত অনুশীলন কৰিছিল।  

তেওঁ থ্ৰো-ডাউন বিশেষজ্ঞ ৰঘু ৰাঘৱেন্দ্ৰৰ সৈতে খেলি আছিল। তেতিয়াই এটা বলে তেওঁৰ মণিবন্ধত আঘাত কৰে। লগে লগে সূৰ্য্যই তেওঁৰ আঘাত পোৱা  স্থানত  বৰফৰ পেক লগাই কিছু আৰাম পায়। আঘাত পোৱাৰ পিছতে  তেওঁ আৰু অনুশীলন কৰা নাছিল।আনহাতেয অনুশীলনৰ মাজতে মৌমাখিয়ে ঈশানৰ মূৰত দংশন কৰে।  তেঁৱো সেয়ে আধাতে  অনুশীলনো কৰিবলৈ এৰিছিল। 

বাংলাদেশৰ বিৰুদ্ধে বলিং  কৰোঁতে হাৰ্ডিকে ভৰিত আঘাত পাইছিল।  তেওঁ নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিবলৈ চেষ্টা কৰিছিল,  কিন্তু তেওঁ সুস্থ হ'ব পৰা নাই। তেওঁক বাংগালুৰুৰ ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীলৈ প্ৰেৰণ কৰা হৈছে। সূৰ্যৰই তেওঁৰ পৰিৱৰ্তে খেলিবলৈ এটা ডাঙৰ সুযোগ আছিল। কিন্তু মণিবন্ধৰ আঘাতৰ পিছত তেওঁ খেলিব পাৰিবনে নাই সেয়া সন্দেহৰ বিষয় হৈ পৰিছে। ক্ষন্তেক পিছতে স্পষ্ট হৈ পৰিব সমগ্ৰ ছবি খন। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত