--°C
Loading...
Listen to Article
2 min read
80%
জিজিটেল ডেস্কঃ দুয়োটা দলৰেই অপেনিং যুটিয়ে একেখন মেচতে অভিলেখ গঢ়িলে। কিন্তু শেষত ডেভিদ ৱাৰ্নাৰ আৰু মিচেল মাৰ্ছৰ মুখত জয়ৰ হাঁহিটো ৰৈ গ’ল। পাকিস্তানৰ আব্দুল্লা ছফিক আৰু ইমাম উল হকে অভিলেখ গঢ়িছিল যদিও দলটো জয় কৰিব নোৱাৰিলে।

শুকুৰবাৰে প্ৰথমে বেটিং কৰি অষ্ট্ৰেলিয়াৰ দুগৰাকী অ’পেনাৰে ২৫৯ ৰানৰ অংশীদাৰিত্ব গঢ়ি তুলিছিল। ৱাৰ্নাৰে ১২৪টা বলত ১৬৩ ৰান সংগ্ৰহ কৰে। এদিনীয়া ক্ৰিকেটত এয়া তেওঁৰ একবিংশ শতক। মাৰ্ছে ১০৮ বলত ১২১ ৰান সংগ্ৰহ কৰে।

তেওঁলোকৰ প্ৰভাৱতে অষ্ট্ৰেলিয়াই ৩৬৭ ৰান সংগ্ৰহ কৰে। বিশ্বকাপৰ ইতিহাসত চতুৰ্থবাৰৰ বাবে দুজন অ’পেনাৰে একেলগে শতক অৰ্জন কৰে। ৱাৰ্নাৰৰ যুটিয়ে বিশ্বকাপৰ ইতিহাসত দ্বিতীয় সৰ্বাধিক ৰান সংগ্ৰহ কৰে। অষ্ট্ৰেলিয়াৰ হৈ এটা অ’পেনিং পেয়াৰৰ সৰ্বাধিক ৰানৰ অভিলেখ।

পাকিস্তানৰ দুয়োজন অ’পেনাৰৰ অভিলেখ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে। আব্দুল্লা আৰু ইমামৰ যুটিয়ে বিশ্বকাপত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শতক অৰ্জন কৰা প্ৰথমটো পাকিস্তানৰ অ’পেনিং যুটি হিচাপে পৰিগণিত হয়। দুয়ো ১৩৪ ৰান সংগ্ৰহ কৰে। আব্দুল্লাই ৬৪ ৰান সংগ্ৰহ কৰে। ইমামে ৭০ ৰান সংগ্ৰহ কৰে। কিন্তু তেওঁলোকৰ অভিলেখৰ যুটিয়ে পাকিস্তানক পৰাস্ত হোৱাৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে। অৱশ্যে এইটোৱেই প্ৰথম বিশ্বকাপৰ পৰ্যায় য’ত চাৰিওজন অ’পেনাৰে ৫০ বা তাতকৈ অধিক ৰান সংগ্ৰহ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত