--°C
Loading...
Listen to Article
2 min read
80%
জিজিটেল ডেস্কঃ দুয়োটা দলৰেই অপেনিং যুটিয়ে একেখন মেচতে অভিলেখ গঢ়িলে। কিন্তু শেষত ডেভিদ ৱাৰ্নাৰ আৰু মিচেল মাৰ্ছৰ মুখত জয়ৰ হাঁহিটো ৰৈ গ’ল। পাকিস্তানৰ আব্দুল্লা ছফিক আৰু ইমাম উল হকে অভিলেখ গঢ়িছিল যদিও দলটো জয় কৰিব নোৱাৰিলে।

শুকুৰবাৰে প্ৰথমে বেটিং কৰি অষ্ট্ৰেলিয়াৰ দুগৰাকী অ’পেনাৰে ২৫৯ ৰানৰ অংশীদাৰিত্ব গঢ়ি তুলিছিল। ৱাৰ্নাৰে ১২৪টা বলত ১৬৩ ৰান সংগ্ৰহ কৰে। এদিনীয়া ক্ৰিকেটত এয়া তেওঁৰ একবিংশ শতক। মাৰ্ছে ১০৮ বলত ১২১ ৰান সংগ্ৰহ কৰে।

তেওঁলোকৰ প্ৰভাৱতে অষ্ট্ৰেলিয়াই ৩৬৭ ৰান সংগ্ৰহ কৰে। বিশ্বকাপৰ ইতিহাসত চতুৰ্থবাৰৰ বাবে দুজন অ’পেনাৰে একেলগে শতক অৰ্জন কৰে। ৱাৰ্নাৰৰ যুটিয়ে বিশ্বকাপৰ ইতিহাসত দ্বিতীয় সৰ্বাধিক ৰান সংগ্ৰহ কৰে। অষ্ট্ৰেলিয়াৰ হৈ এটা অ’পেনিং পেয়াৰৰ সৰ্বাধিক ৰানৰ অভিলেখ।

পাকিস্তানৰ দুয়োজন অ’পেনাৰৰ অভিলেখ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে। আব্দুল্লা আৰু ইমামৰ যুটিয়ে বিশ্বকাপত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শতক অৰ্জন কৰা প্ৰথমটো পাকিস্তানৰ অ’পেনিং যুটি হিচাপে পৰিগণিত হয়। দুয়ো ১৩৪ ৰান সংগ্ৰহ কৰে। আব্দুল্লাই ৬৪ ৰান সংগ্ৰহ কৰে। ইমামে ৭০ ৰান সংগ্ৰহ কৰে। কিন্তু তেওঁলোকৰ অভিলেখৰ যুটিয়ে পাকিস্তানক পৰাস্ত হোৱাৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে। অৱশ্যে এইটোৱেই প্ৰথম বিশ্বকাপৰ পৰ্যায় য’ত চাৰিওজন অ’পেনাৰে ৫০ বা তাতকৈ অধিক ৰান সংগ্ৰহ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ