--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটল ডেস্কঃ বুধবাৰে নেদাৰলেণ্ডৰ বিৰুদ্ধে গ্লেন মেক্সৱেলে ৪০ বলত শতক অৰ্জন কৰে। বিশ্ব অভিলেখ গঢ়িলে। তেওঁ বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক দ্ৰুত শতক অৰ্জন কৰে। তেওঁৰ ইনিংছ দেখি স্তম্ভিত হৈ পৰিল সুনীল গাওস্কৰে। ক্ৰিকেটৰ এই পৰিৱৰ্তন দেখি তেওঁ আচৰিত হৈছে। গাওস্কাৰে কয় যে তেওঁক ১ ৰান কৰিবলৈ ৪০টা বলৰ প্ৰয়োজন হৈছিল। এতিয়া এশলৈ পৰিণত হৈছে।

এটা চেনেলত গাওস্কাৰে কয়, ‘তেওঁৰ ৰিভাৰ্ছ হিট শ্বট ক্ৰিকেটৰ অন্যতম শ্ৰেষ্ঠ শ্বট হ’ব পাৰে। তেনেকৈয়ে ছয় হ’ল। কিন্তু মোৰ মতে সেই শ্বটটোৰ বাবে ১২ ৰান পাব লাগিছিল। নেদাৰলেণ্ডৰ বলাৰসকলক চাই মই বুজিব পাৰিলোঁ যে তেওঁলোকে ক’ত বলিং কৰিব লাগে সেইটো বুজি নাপালে। তেওঁ কিমান ৰান কৰিছিল আৰু কিমান গতিৰে কৰিছিল মই কল্পনা কৰিব নোৱাৰো। ১ ৰান কৰিবলৈ মোক ৪০টা বলৰ প্ৰয়োজন হৈছিল। আৰু একে সংখ্যক বল খেলি মেক্সৱেলে এশ ৰাণ কৰিছে।’’

বিশ্বকাপৰ প্ৰথম চাৰিখন খেলত মেক্সৱেলে মাত্ৰ ৩৯ ৰানহে সংগ্ৰহ কৰে। কিন্তু শতকটোৱে তেওঁক পুনৰ ফৰ্মলৈ আনিলে। উইকেটৰ পিছফালে কিছু ডাঙৰ ডাঙৰ শ্বট মাৰিলে। আপ্লুত হৈ গাওস্কাৰে কয়, “প্ৰথম বলৰ পৰাই মেক্সৱেল ষ্ট্ৰাইকিং মানসিকতাৰে নামি আহিছিল। প্ৰথম বলৰ পৰাই সকলো তেওঁৰ নিয়ন্ত্ৰণত আছিল। তাৰ বেটৰ পৰা ছয়ৰ বানপানী দেখিলোঁ। য’তেই মন যায় তাতেই ছটা মাৰিব পৰাৰ অবিশ্বাস্য ক্ষমতা তেওঁৰ আছে। এজন অতি সাহসী ক্ৰিকেটাৰ।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ