--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটল ডেস্কঃ বুধবাৰে নেদাৰলেণ্ডৰ বিৰুদ্ধে গ্লেন মেক্সৱেলে ৪০ বলত শতক অৰ্জন কৰে। বিশ্ব অভিলেখ গঢ়িলে। তেওঁ বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক দ্ৰুত শতক অৰ্জন কৰে। তেওঁৰ ইনিংছ দেখি স্তম্ভিত হৈ পৰিল সুনীল গাওস্কৰে। ক্ৰিকেটৰ এই পৰিৱৰ্তন দেখি তেওঁ আচৰিত হৈছে। গাওস্কাৰে কয় যে তেওঁক ১ ৰান কৰিবলৈ ৪০টা বলৰ প্ৰয়োজন হৈছিল। এতিয়া এশলৈ পৰিণত হৈছে।

এটা চেনেলত গাওস্কাৰে কয়, ‘তেওঁৰ ৰিভাৰ্ছ হিট শ্বট ক্ৰিকেটৰ অন্যতম শ্ৰেষ্ঠ শ্বট হ’ব পাৰে। তেনেকৈয়ে ছয় হ’ল। কিন্তু মোৰ মতে সেই শ্বটটোৰ বাবে ১২ ৰান পাব লাগিছিল। নেদাৰলেণ্ডৰ বলাৰসকলক চাই মই বুজিব পাৰিলোঁ যে তেওঁলোকে ক’ত বলিং কৰিব লাগে সেইটো বুজি নাপালে। তেওঁ কিমান ৰান কৰিছিল আৰু কিমান গতিৰে কৰিছিল মই কল্পনা কৰিব নোৱাৰো। ১ ৰান কৰিবলৈ মোক ৪০টা বলৰ প্ৰয়োজন হৈছিল। আৰু একে সংখ্যক বল খেলি মেক্সৱেলে এশ ৰাণ কৰিছে।’’

বিশ্বকাপৰ প্ৰথম চাৰিখন খেলত মেক্সৱেলে মাত্ৰ ৩৯ ৰানহে সংগ্ৰহ কৰে। কিন্তু শতকটোৱে তেওঁক পুনৰ ফৰ্মলৈ আনিলে। উইকেটৰ পিছফালে কিছু ডাঙৰ ডাঙৰ শ্বট মাৰিলে। আপ্লুত হৈ গাওস্কাৰে কয়, “প্ৰথম বলৰ পৰাই মেক্সৱেল ষ্ট্ৰাইকিং মানসিকতাৰে নামি আহিছিল। প্ৰথম বলৰ পৰাই সকলো তেওঁৰ নিয়ন্ত্ৰণত আছিল। তাৰ বেটৰ পৰা ছয়ৰ বানপানী দেখিলোঁ। য’তেই মন যায় তাতেই ছটা মাৰিব পৰাৰ অবিশ্বাস্য ক্ষমতা তেওঁৰ আছে। এজন অতি সাহসী ক্ৰিকেটাৰ।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ