--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বুধবাৰে বিশ্বকাপত অষ্ট্ৰেলিয়াই নেদাৰলেণ্ডক ৩০৯ ৰানত পৰাস্ত কৰে। অষ্ট্ৰেলিয়াৰ ৩৯৯ ৰানৰ উত্তৰত নেদাৰলেণ্ডে ৯০ ৰানতে অল আউট হয়। মেক্সৱেল, ডেভিড ৱাৰ্নাৰৰ অভিলেখৰ উপৰিও এই মেচখনত বহু অভিলেখ সৃষ্টি হৈছিল। এনে কিছু অভিলেখৰ কথা উল্লেখ কৰা হৈছিল:

ৰানৰ ক্ষেত্ৰত সৰ্বাধিক ব্যৱধানত অষ্ট্ৰেলিয়াই বিশ্বকাপত জয়লাভ কৰে। নিজৰ অভিলেখেই ভংগ কৰিলে। ২০১৫ চনত আফগানিস্তানৰ বিৰুদ্ধে ২৭৫ ৰানত জয়লাভ কৰিছিল।

ৰানৰ ক্ষেত্ৰত ক্ৰিকেট জগতত জয়ৰ দ্বিতীয় সৰ্বাধিক ব্যৱধান। শীৰ্ষত ভাৰত। চলিত বৰ্ষৰ আৰম্ভণিতে তিৰুঅনন্তপুৰমত শ্ৰীলংকাক ৩১৭ ৰানত পৰাস্ত কৰিছিল।

নেদাৰলেণ্ডৰ বাছ ডি লিডে ১০ অভাৰত ১১৫ ৰান দিয়ে। যিটো এদিনীয়া বিশ্বকাপত সৰ্বাধিক।

বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক উইকেটৰ তালিকাত লাছিথ মালিংগা (৫৬)ক অতিক্ৰম কৰিলে মিচেল ষ্টাৰকে। গ্লেন মেকগ্ৰাথ (৭১) আৰু মুটিয়া মুৰালিথাৰণক (৬৮) অতিক্ৰম কৰে৷

বিশ্বকাপৰ ইতিহাসত দ্বিতীয়বাৰৰ বাবে অষ্ট্ৰেলিয়াৰ দুজন বেটছমেনে এটা ইনিংছত শতক কৰে। পূৰ্বৰ খেলখনত পাকিস্তানৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে অষ্ট্ৰেলিয়াই এই কৃতিত্ব অৰ্জন কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ