--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দক্ষিণ আফ্ৰিকাৰ হাতত চূৰমাৰ হৈ গ’ল বিশ্ববিজয়ী ইংলেণ্ডৰ গৰ্ব! বেটে-বলে দূৰ্দান্ত প্ৰদৰ্শন কৰা দক্ষিণ আফ্ৰিকাৰ হাতত ২২৯ ৰাণৰ ব্যৱধানত পৰাস্ত হ’ল ইংলেণ্ড। বিশ্বকাপৰ ২০সংখ্যক মেচত এই দশা হয় বেন ষ্ট’কছ বাহিনীৰ।

মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় ইংলেণ্ডে। প্ৰথম অভাৰৰ দ্বিতীয় বলটোতে লাভ কৰে ফৰ্মৰ তুংগত থকা কুইণ্টন ডি ককৰ উইকেট। কিন্তু এই আৰম্ভণি নিটিকিল। তাৰপাছৰে পৰা আৰম্ভ হয় ইজনৰ পাছত আন এজন বেটাৰৰ দমনীয় প্ৰদৰ্শন।

অধিনায়ক টেম্বা বাভুমা আঘাটপ্ৰাপ্ত হোৱাৰ বাবে তেওঁৰ স্থানত খেলা ৰজা হেন্দ্ৰিকছ (৮৫), ভান ডাৰ ডুছেন (৬০), এইডেন মাৰ্ক্ৰাম (৪২) উজ্বলি উঠে।  মাৰ্ক’ জেনছেনে শেষৰফালে তীব্ৰ গতিত ৪২টা বলত ৭৫ ৰাণ কৰে।

কিন্তু সকলোতকৈ আকৰ্ষণীয় আছিল হেনৰিক ক্লাছেনৰ শতৰাণ। ৬৭ টা বলত ১০৯ ৰাণ কৰা ক্লাছেনৰ এই শতকটো বিশ্বকাপৰ অন্যতম আকৰ্ষণীয় ইনিংছ হিচাপে বিবেচিত হৈছে।

টপ আৰু মিডল অৰ্ডাৰ বেটাৰসকলৰ এই দমনীয় মাৰমুখী প্ৰদৰ্শনৰ বাবেই দক্ষিণ আফ্ৰিকাই নিৰ্ধাৰিত অভাৰত ৩৯৯ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ইংলেণ্ডৰ হৈ তিনিটা উইকেট দখল কৰে ৰিচ টপলেই। গাছ এটকিনছন আৰু আদিল ৰছিদে সংগ্ৰহ কৰে দুটা উইকেট।

ভবা হৈছিল যে ইংলেণ্ডৰ বেটাৰসকলেও মাৰমুখী প্ৰদৰ্শন কৰিব। কিন্তু ৪০০ ৰাণৰ পৰ্বতসম লক্ষ্য অতিক্ৰম কৰিবলৈ লৈয়েই পতন আৰম্ভ হয় বিশ্ববিজয়ী ইংলেণ্ডৰ। এজনকৈ এজনকৈ বেটাৰে পেভিলিয়নমুখী হ’বলৈ ধৰে। ব্যৰ্থ হয় জনী ব’ৰিষ্ট’, ডেৱিড মালান, জ’ ৰুট, বেন ষ্ট’কছ, হেৰী ব্ৰুক, জ’ছ বাটলাৰৰ দৰে বাঘা বাঘা তাৰকাসকল।

কেৱল শেষৰফালৰ টেইল এণ্ডাৰসকলৰ কিছু স্থিৰতাৰ বাবে ইংলেণ্ডে ১৭০ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়। মাৰ্ক উডে সংগ্ৰহ কৰে ৪৩ ৰাণ আৰু গাছ এটকিনছনে কৰে ৩৫ ৰাণ। অন্যথা ইংলেণ্ডৰ ১০০ ৰাণতে ৮ উইকেটৰ পতন হৈছিল।

বেটিঙৰ পাছত বলিঙ-ফিল্ডিঙতো দক্ষিণ আফ্ৰিকাই দেখুৱাই দলীয় প্ৰদৰ্শন। গেৰাল্ড ক’ৱেটজে ৩টা আৰু লুঙী এনগিডি আৰু মাৰ্ক’ জেনছেনে দুটাকৈ উইকেট দখল কৰে।

উল্লেখ্য যে পূৰ্বৰ মেচখনত দুয়োটা দলেই দূৰ্বল দলৰ হাতত পৰাস্ত হৈছিল। নেদাৰলেণ্ডৰ হাতত দক্ষিণ আফ্ৰিকা আৰু আফগানিস্তানৰ হাতত ইংলেণ্ডে পৰাজয়ৰ গ্লানি সহিব লগা হৈছিল। ইংলেণ্ডৰ বিৰুদ্ধে এই জয়েৰে আকৰ্ষণীয় প্ৰত্যাৱৰ্তন কৰে দক্ষিণ আফ্ৰিকাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক