--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দক্ষিণ আফ্ৰিকাৰ হাতত চূৰমাৰ হৈ গ’ল বিশ্ববিজয়ী ইংলেণ্ডৰ গৰ্ব! বেটে-বলে দূৰ্দান্ত প্ৰদৰ্শন কৰা দক্ষিণ আফ্ৰিকাৰ হাতত ২২৯ ৰাণৰ ব্যৱধানত পৰাস্ত হ’ল ইংলেণ্ড। বিশ্বকাপৰ ২০সংখ্যক মেচত এই দশা হয় বেন ষ্ট’কছ বাহিনীৰ।

মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় ইংলেণ্ডে। প্ৰথম অভাৰৰ দ্বিতীয় বলটোতে লাভ কৰে ফৰ্মৰ তুংগত থকা কুইণ্টন ডি ককৰ উইকেট। কিন্তু এই আৰম্ভণি নিটিকিল। তাৰপাছৰে পৰা আৰম্ভ হয় ইজনৰ পাছত আন এজন বেটাৰৰ দমনীয় প্ৰদৰ্শন।

অধিনায়ক টেম্বা বাভুমা আঘাটপ্ৰাপ্ত হোৱাৰ বাবে তেওঁৰ স্থানত খেলা ৰজা হেন্দ্ৰিকছ (৮৫), ভান ডাৰ ডুছেন (৬০), এইডেন মাৰ্ক্ৰাম (৪২) উজ্বলি উঠে।  মাৰ্ক’ জেনছেনে শেষৰফালে তীব্ৰ গতিত ৪২টা বলত ৭৫ ৰাণ কৰে।

কিন্তু সকলোতকৈ আকৰ্ষণীয় আছিল হেনৰিক ক্লাছেনৰ শতৰাণ। ৬৭ টা বলত ১০৯ ৰাণ কৰা ক্লাছেনৰ এই শতকটো বিশ্বকাপৰ অন্যতম আকৰ্ষণীয় ইনিংছ হিচাপে বিবেচিত হৈছে।

টপ আৰু মিডল অৰ্ডাৰ বেটাৰসকলৰ এই দমনীয় মাৰমুখী প্ৰদৰ্শনৰ বাবেই দক্ষিণ আফ্ৰিকাই নিৰ্ধাৰিত অভাৰত ৩৯৯ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ইংলেণ্ডৰ হৈ তিনিটা উইকেট দখল কৰে ৰিচ টপলেই। গাছ এটকিনছন আৰু আদিল ৰছিদে সংগ্ৰহ কৰে দুটা উইকেট।

ভবা হৈছিল যে ইংলেণ্ডৰ বেটাৰসকলেও মাৰমুখী প্ৰদৰ্শন কৰিব। কিন্তু ৪০০ ৰাণৰ পৰ্বতসম লক্ষ্য অতিক্ৰম কৰিবলৈ লৈয়েই পতন আৰম্ভ হয় বিশ্ববিজয়ী ইংলেণ্ডৰ। এজনকৈ এজনকৈ বেটাৰে পেভিলিয়নমুখী হ’বলৈ ধৰে। ব্যৰ্থ হয় জনী ব’ৰিষ্ট’, ডেৱিড মালান, জ’ ৰুট, বেন ষ্ট’কছ, হেৰী ব্ৰুক, জ’ছ বাটলাৰৰ দৰে বাঘা বাঘা তাৰকাসকল।

কেৱল শেষৰফালৰ টেইল এণ্ডাৰসকলৰ কিছু স্থিৰতাৰ বাবে ইংলেণ্ডে ১৭০ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়। মাৰ্ক উডে সংগ্ৰহ কৰে ৪৩ ৰাণ আৰু গাছ এটকিনছনে কৰে ৩৫ ৰাণ। অন্যথা ইংলেণ্ডৰ ১০০ ৰাণতে ৮ উইকেটৰ পতন হৈছিল।

বেটিঙৰ পাছত বলিঙ-ফিল্ডিঙতো দক্ষিণ আফ্ৰিকাই দেখুৱাই দলীয় প্ৰদৰ্শন। গেৰাল্ড ক’ৱেটজে ৩টা আৰু লুঙী এনগিডি আৰু মাৰ্ক’ জেনছেনে দুটাকৈ উইকেট দখল কৰে।

উল্লেখ্য যে পূৰ্বৰ মেচখনত দুয়োটা দলেই দূৰ্বল দলৰ হাতত পৰাস্ত হৈছিল। নেদাৰলেণ্ডৰ হাতত দক্ষিণ আফ্ৰিকা আৰু আফগানিস্তানৰ হাতত ইংলেণ্ডে পৰাজয়ৰ গ্লানি সহিব লগা হৈছিল। ইংলেণ্ডৰ বিৰুদ্ধে এই জয়েৰে আকৰ্ষণীয় প্ৰত্যাৱৰ্তন কৰে দক্ষিণ আফ্ৰিকাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement