--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তান বনাম অষ্ট্ৰেলিয়া বিশ্বকাপৰ খেলখনত কাৰিকৰী বিফলতাৰ সৃষ্টি হয়। মেচৰ সময়ত ডি আৰ এছ (ডিচিচন ৰিভিউ চিষ্টেম) বিকল হৈ পৰে। ফলত দুয়োটা দলে কোনো পৰ্যালোচনা অবিহনে খেলিবলগীয়া হ’ল। আম্পায়াৰসকলে দল দুটাৰ অধিনায়ককো খবৰ দিয়ে।

পাকিস্তানৰ ইনিংছৰ ১৬ অভাৰত সংঘটিত হয় এই ঘটনা। হঠাতে ডি আৰ এছৰ প্ৰযুক্তি বেয়া হৈ গ’ল। নতুন প্ৰযুক্তিৰ প্ৰৱৰ্তন কৰিবলৈ সময় লাগে। সেই সময়ত নিউজিলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ ছাইমন ডালে মন্তব্য কৰিছিল। তেওঁ কয়, এই পৰিস্থিতিত যদি কোনো দলে পৰ্যালোচনা বিচাৰে, তেন্তে তৃতীয় আম্পায়াৰসকলে খালী চকুৰে চাই সিদ্ধান্ত ল’ব লাগিব। বল ট্ৰেকিং বা হটস্পট প্ৰযুক্তি ব্যৱহাৰ নহ’বও পাৰে।

ইয়াৰ পিছত ফিল্ড আম্পায়াৰ ক্ৰীছ ব্ৰাউন আৰু ৰিচাৰ্ড ইলিংৱৰ্থে পাকিস্তানৰ অধিনায়ক বাবাৰ আজম আৰু অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্সক এই বিষয়ে অৱগত কৰে। অৱশ্যে কোনো দলে কেইবাটাও অভাৰৰ বাবে ৰিভিউ ল’ব লগা নহ’ল। ফলত কোনো সমস্যা নহ'ল। কেইটামান অভাৰৰ পাছত আকৌ টেকন’লজিটো আৰম্ভ হ’ল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত